অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Sankardev Shishu Niketan: সংস্কাৰী শিক্ষাৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ বিকল্প নাই

Spread the love

ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সংস্কাৰী শিক্ষাৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ বিকল্প নাই

বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ বিধায়ক নৱ কুমাৰ দলেৰ

DD TIMES ঢকুৱাখনা, ১০ জানুৱাৰীঃ “প্ৰাচীন ভাৰতবৰ্ষ যেতিয়া শিক্ষা-সংস্কৃতিৰ এক অন্যতম পীঠস্থান আছিল;তেতিয়াই ভাৰতবৰ্ষত অধ্যয়ন কৰিবলৈ পশ্চিমীয়া দেশৰ বহু ছাত্ৰ আহিছিল।

কাৰণ সেইবোৰ দেশতকৈ ভাৰতীয় সভ্যতা-সংস্কৃতি আছিল বহু সংস্কাৰী আৰু প্ৰাচীন।কিন্তু এতিয়া সেই নতুন পশ্চিমীয়া সভ্যতা আৰু সংস্কৃতিৰ গ্ৰাসত পৰি আমাৰ ভাৰতৰ প্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰ অৱস্থা বিপদাপন্ন হৈ উঠিছে।”-এই মন্তব্য অৱসৰী শিক্ষাবিদ ঘন কোঁচৰ।

আজি ঢকুৱাখনাৰ এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি শিক্ষাবিদ তথা নিকেতন পৰিচালনা সমিতিৰ অন্যতম সদস্য ঘন কোঁচে তেখেতৰ বক্তব্যত আৰু কয় যে-“আজিৰ প্ৰেক্ষাপটত আমাৰ কন কন শিক্ষাৰ্থীসকলক প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সৈতে জড়িত কৰি আধুনিক সংস্কাৰী শিক্ষাৰে আগুৱাই নিবলৈ হ’লে শংকৰদেৱ শিশু নিকেতনৰ বিকল্প নাই।”

আজি দিনজোৰা কাৰ্যসূচীৰে নিকেতনৰ চৌহদৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পুৱা ১০ বজাত প্ৰধান আচাৰ্যা বৰ্ণালী দেৱীয়ে পতাকা উত্তোলনেৰে।ইয়াৰ পিছতেই বাগ্ দেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সদস্য টুনিৰাম ফুকনে।

অন্যহাতে দিধৰ ১১ বজাৰ পৰা নিকেতন পৰিচালনা সমিতিৰ সভাপতি তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° গিৰীণ গগৈৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি প্ৰধান আচাৰ্যাই-ভাৰতীয় শিক্ষা ব্যৱস্থা আৰু পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত এক সুন্দৰ তুলানামূলক পৰ্যালোচনা আগবঢ়াই।

উল্লেখ্য যে ১৯৯৭ চনৰ জানুৱাৰী মাহতে বিদ্যা ভাৰতীৰ অধীনত পৰিচালিত ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা হৈছিল সেই সময়ৰ বহুজন
গুণী জ্ঞানী আৰু সৰ্বসাধাৰণ লোকৰ অনেক আশাশুধীয়া প্ৰচেষ্টাত।

আজিৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ ক্ষেত্ৰীয় শিশু বাটিকা প্ৰমুখ-আনন্দ সুত্ৰধৰে বক্তব্য আগবঢ়াই কয় যে- “আমি যি শিক্ষা লওঁ সেই শিক্ষাই আমাৰ জীৱন যাত্ৰাক সমৃদ্ধ কৰিব পাৰিব লাগে;কিন্তু সেইয়া হৈছে নে ,ভাবিবৰ হ’ল !

ভাৰতীয় সংস্কৃতিৰ যি পৰিশিলীত সংস্কাৰ সেই সংস্কাৰক আমি এলাগী কৰি থৈ পশ্চিমীয়া সংস্কৃতিৰ সংস্কাৰক আকোৱালি লৈ জীৱনবোৰ দুৰ্বিসহ কৰি লৈছোঁ। আজি মানুহৰ লোহ-মোহ,অসুখ আশান্তি বাঢ়িছে। গতিকে আজি উঠি অহা প্ৰজন্মক ভাৰতীয় সু-সংস্কাৰী শিক্ষা দিয়াৰ বাবেই বিদ্যা ভাৰতীয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে।”

ইফালে এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক পবিত্ৰ চুতীয়া আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক হেমন্ত গগৈয়ে বক্তব্য ৰাখে।

উল্লেখ্য যে নিকেতনৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে। বিধায়কজনে ভাষন প্ৰসংগত-“নিকেতনৰ পৰা শিক্ষা সাং কৰি যোৱা শিক্ষাৰ্থীসকলৰ সমাজ তথা দেশৰ প্ৰতি যি দৃষ্টি আৰু মনোভাব দেখা যায়;তেনে মনোভাৱ অন্য মাধ্যমৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত দেখা নাযায় বুলি উল্লেখ কৰি ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ উন্নয়নৰ বাবে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!