অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

SANGUKTA FASHION: নগাঁৱত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ‘সংযুক্তা ষ্টুডিঅ’ৰ শাখা মুকলি কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

Spread the love

নগাঁৱত আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ‘সংযুক্তা ষ্টুডিঅ’ৰ শাখা মুকলি কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

DD TIMES নগাঁও, ১৭ অক্টোবৰঃ ‘অসমৰ ৰেচম এটি আপুৰুগীয়া শিল্পৰ নিদৰ্শন৷ প্ৰধানত পাট, মুগা আৰু এৰীসূতাৰে বোৱা বিভিন্ন সাজপোচাকেৰে এই উদ্যোগটো ঐতিহাসিক সময়ৰ পৰা সমৃদ্ধ হৈ আহিছে ৷ সম্প্ৰতি অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৄতিক দিশত ইয়াৰ গুৰুত্ব অশেষ বৃদ্ধি পাইছে ৷

সংযুক্তা দত্তই এই উদ্যোগটোত আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত যথেষ্টখিনি অৰিহণা যোগাইছে ৷’ নগাঁও চহৰৰ পানীগাঁৱত আন্তৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই ‘ সংযুক্তা ষ্টুডিঅ’ৰ বেনাৰত মুকলি কৰা এটি বিপনন কেন্দ্ৰত আজি সন্ধিয়া উপস্থিত হৈ এনেদৰে কয় কেন্দ্ৰীয় ৰাজ্যিক বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা আৰু মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷

বিপনন কেন্দ্ৰটো পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে আজিকালি পৃথিৱীৰ উন্নত দেশসমূহতো যন্ত্ৰৰ দ্বাৰা উৎপাদিত সাজ পোচাকৰ তুলনাত হস্ত নিৰ্মিত আৰু থলুৱাভাবে উৎপাদিত সাজপোছাকৰ চাহিদা বৃদ্ধি পাইছে ৷ ভাৰতৰ ভিতৰত সাৰ্বাধিক তাঁতশাল অসমত আছে ৷ এয়া আমাৰ বাবে গৌৰৱৰ কথা ৷

ভাৰত চৰকাৰে থলুৱা বস্ত্ৰ উদ্যোগৰ উন্নতিৰ কাৰণে বহুকেইখন অভিলাষী আঁচনি গ্ৰহন কৰি ফলপ্ৰসূভাৱে কাম কৰি আছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক ৰূপক শৰ্মা, অসম চৰকাৰৰ পৰ্যতন বিভাগৰ প্ৰৱন্ধক ভাস্কৰজ্যোতি বৰুৱা আদিয়ে সংগ দান কৰে ৷ একেতা অনুষ্ঠানতে মানচেষ্টাৰৰ পৰা অহা এগৰাকী বিদেশী পৰ্যতকেও সংযুক্তা দত্তৰ বিপনীখন পৰিদৰ্শন কৰি আপ্লুত হৈ পৰা দেখা যায় ৷

আনহাতে আজি পুৱা আনুষ্ঠানিকতাবিহীনভাৱে মুকলি হ’ল আন্তৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ এটি বিপনন আৰু প্ৰদৰ্শন কেন্দ্ৰ ৷

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সম্পূৰ্ণ অনাড়ম্বৰ পৰিবেশত নগাঁও চহৰৰ ভাৰতীয় ষ্টেট বেংকৰ পানীগাওঁ শাখাৰ কাষত ‘সংযুক্তা ষ্টুডিঅ’ৰ বেনাৰত পুৱা ১০ বজাত মুকলি হোৱা বিপনীখনৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ডিজাইনাৰ গৰাকীয়ে এনেদৰে কয় —“ বিগত মাহৰ ২৩ তাৰিখে বিপনীখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ দিন ধাৰ্য কৰা হৈছিল যদিও কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ অকল্পনীয় আৰু অনাকাংক্ষিত বিয়োগৰ বাবে সেই অনুষ্ঠান বাতিল কৰা হয় আৰু আজি অনুষ্ঠানিকতা পৰিহাৰ কৰি তেনেই সাধাৰণভাৱে বিপনীখন মুকলি কৰোঁ। নগাঁও মোৰ জন্ম ঠাই ৷

সেয়ে নগাঁৱত স্থায়ীভাৱে মই কৰি থকা কামখিনি ৰাইজৰ আগত তুলি ধৰাৰ এটা সপোন আছিল ৷ তাৰেই ফলশ্ৰুতিত আজি ইয়াত এই বিপনীখন মুকলি কৰিছোঁ। আশাকৰোঁ নগাঁও বাসীয়ে মৰমৰে আকোঁৱালি ল’ব ৷’ উল্লেখ্য যে বিপনীখনত অসমীয়া থলুৱা পাট-মূগাৰে সংযুক্তা দত্তৰ দ্বাৰা বিশেষভাৱে উৎপাদিত পিন্ধন বস্ত্ৰ, আলংকৰিক সা- সজ্জাৰ সামগ্ৰী আদি প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে উপলব্ধ কৰা হৈছে।ইপিনে কংগ্ৰেছে সমদলত এপিনে বিজেপি মুৰ্দাবাদ শ্লোগান দি আনপিনেদি জনতাৰ শিল্পী ‘জুবিন গাৰ্গ’ৰ মায়াবিনী গীতটো বজোৱা কাৰ্যক সমালোচনা কৰি মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে-‘তেওঁলোকে হাজাৰটা সমদল উলিয়াওক।

কিন্তু জনতাৰ শিল্পী জনক শ্ৰদ্ধা জনোৱাৰ নামত ৰাজনীতি কৰা কাৰ্য ৰাইজে চাই আছে।ৰাইজ সকলোতকৈ ওপৰত।এনে কাৰ্যই জুবিন গাৰ্গক ভালপোৱা প্ৰতিজন মানুহকে কষ্ট দিছে।আমাৰ ৰাজনৈতিক কথাবতৰাক সমালোচনা কৰক।কিন্তু জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ নামত ৰাজনীতি কৰা কাৰ্য উচিত নহয়।কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধী অহাক লৈ কোনো ধৰণৰ মন্তব্য নকৰো বুলি কৈ তেওঁ কয় যে-জনতাৰ শিল্পী এজন ঢুকাওতে খবৰ লবলৈ কোনোবা ব্যক্তি আহিব পাৰে।

কিন্তু কংগ্ৰেছৰ নেতৃত্বক এটাই অনুৰোধ জনাম জুবিন গাৰ্গ বিজেপি,কংগ্ৰেছ,এজিপি সকলোৰে।সেয়ে কংগ্ৰেছে জনতাৰ শিল্পীজনৰ আবেগকলৈ জাতে ৰাজনীতি নকৰে।জনতাৰ শিল্পীজনকলৈ ৰাজনীতি কৰিলে জনগনে সময়ৰ কাঠগৰাত থিয় কৰিব।গৌৰৱ গগৈয়ে কোৱাৰ দৰে নেপাল সদৃশ পৰিবেশৰ কথা যাতে নকয় অনুৰোধ জনাইছো।

তেওঁ অসম আৰক্ষী আৰু এচ আই টিয়ে সুন্দৰভাবে কাম কৰাৰ বিষয়ে উনুকিয়াই মহামান্য আদালতৰ পৰাহে এতিয়া আমি ন্যায় বিচাৰিম বুলি মন্তব্য কৰে।তেওঁ কয় যে ন্যায় পালিকাৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে।জুবিনৰ বন্ধু তথা এগৰাকী অসমীয়া হিচাপে সত্য উন্মোচন হোৱাটো বিচাৰো।যদি কোনোবা দোষী তেন্তে তেওঁ কঠোৰতম শাস্তি পোৱাটো বিচাৰো।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!