RASLILA: হাতীচোঙত ৰাস মহোৎসৱত ড° ৰমেশ নাথঃ ৰাস-ক্রীড়া হৈছে আধ্যাত্মিক ৰূপক
পূৱ-জামুগুৰি হাতীচোঙত ২৭ সংখ্যক ৰাস মহোৎসৱত ড° ৰমেশ নাথঃ ৰাস-ক্রীড়া হৈছে আধ্যাত্মিক ৰূপক
জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি

DD TIMES বেবেজীয়া, ১৪ নৱেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়া সমীপৰ পূৱ-জামুগুৰি হাতীচোঙ নামঘৰ প্ৰাংগনত ঐতিহ্যৰ ধৱজা উৰুৱাই আজিৰে পৰা আৰম্ভ হৈছে ২৭ সংখ্যক ৰাস মহোৎসৱ।
ৰাসৰ ৰসত তথা উখল-মাখল পৰিৱেশত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত অনুষ্ঠানত কালি পুৱা ৬ বজাত নামঘৰৰ খেলৰ ভক্ত সকলৰ উদ্যোগত পৰিবেশ নিকাকৰণৰ পিছত নামঘৰৰ মনিকূটত বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে নামঘৰীয়া উৎপল নাথে।
৭ বজাত গান-বায়ন মহীধৰ নাথ, হেমকান্তনাথ, শান্তনু নাথ,প্রভাত নাথ, ইন্দ্র নাথ আৰু তিলক নাথৰ নেতৃত্বত গন্ধর্ব বাদন হয়।
৯ বজাত ধর্মধ্বজা উত্তোলন কৰে উৎসৱ উদযাপন সমিতিৰ সভাপতি তথা অনাতাঁৰ শিল্পী গম্ভীৰ নাথে।
ইয়াৰ পিছত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী দুগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে মায়াবিনী গীতৰ সমূহীয়া পৰিবেশন কৰা হয়।
পৰৱৰ্তী শৰাই সঁফুৰা অৰ্চন, কীৰ্তন পাঠ, খোল আৰু নাম প্রসঙ্গ অনুষ্ঠিত হয়। সন্ধ্যা ৪-৩০ বজাত সমূহীয়া বন্তি প্রজ্জ্বলন কাৰ্যসূচীত মুখ্য প্রজ্জ্বলক ৰূপে থাকে নগাঁও ফার্টিলেজাৰৰ স্বত্বাধিকাৰী আৰু সমাজ সেৱক মনিশঙ্কৰ দাস।
সন্ধ্যা ৬ বজাত গায়ন বায়নৰ যোৰা পৰিবেশনৰ পিছত নিশা ৮ বজাত মঞ্চ উদ্বোধন আৰু আদৰণি অনুষ্ঠানত উদ্বোধক ৰূপে উপস্থিত থাকে খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাংস্কৃতিক সংগঠক ড° ৰমেশ নাথ।
উদ্বোধনী ভাষণ প্ৰদান কৰি তেওঁ উল্লেখ কৰে যে ৰাসক্রীড়া হৈছে আধ্যাত্মিক ৰূপক। কৃষ্ণ আৰু গোপীসৱক ক্ৰমে পৰমাত্মা আৰু জীৱাত্মাৰ অৰ্থত গ্রহণ কৰি পৰমাত্মাৰ প্ৰতি জীৱাত্মাৰ আকর্ষণ আৰু মিলনকে ৰাসক্রীড়াত ৰূপকৰ চলেৰে বৰ্ণনা কৰা হৈছে।
ড° ৰমেশ নাথে আৰু কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্রীড়া কামজয় কেলি। মহাপুৰুষ গুৰুজনাৰ কেলি-গোপাল অংকীয়া নাটে এই কৃষ্ণ প্ৰেমৰ আধ্যাত্মিক তত্বকে প্ৰকাশ কৰিছে।
কেলিগোপাল নাটক খনিতো গোপী সকলৰ আত্মেন্দ্ৰিয় প্ৰীতি কৃষ্ণ প্ৰেমলৈ উত্তৰণ ঘটিছে। তেওঁ আৰু কয় যে মহাপুৰুষ গুৰুজনাই নাট, ভাওনাকে ধৰি অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি সাম্যবাদ সৃষ্টি কৰিছিল।
অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আঁত ধৰা অনুষ্ঠানটোত কুৰি জনৰো অধিক গায়ন বায়ন আৰু শংকৰী কলা-কৃষ্টিৰ সাধকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
ইয়াৰ পাছতে অঞ্চলৰ মহিলা আৰু যুৱতী সকলৰ দ্বাৰা “কেলিগোপাল” নাট পৰিবেশন কৰা হয়। উল্লেখ্য, গোটেই নিশা ৰাসৰ ৰসত দৰ্শক নিমজ্জিত হোৱা দেখা গ’ল। পুৱতি নিশা কল্যাণ-খৰমানেৰে নাটৰ সামৰণি ঘটে।
অন্যহাতে, কাইলৈ অন্যহাতে আজি পুৱা ৫ বজাত খেলৰ ভক্ত সকলৰ উদ্যোগত পৰিৱেশ নিকাকৰণ, গন্ধর্ব বাদন, শৰাই সফুৰা অৰ্চনা, কীর্তন পাঠ, নাম প্রসঙ্গৰ পিছত সন্ধ্যা ৫-৩০ বজাত বন্তি প্রজ্জ্বলন, নাম প্রসঙ্গ আৰু গায়ন বায়নৰ যোৰা পৰিবেশন কৰা হয়।
নিশালৈ স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা অসমীয়া ভাওনা “কুমৰ হৰণ” পৰিবেশন কৰা হয়। উল্লেখ্য, দুপৰ নিশালৈকে অজস্ৰ দৰ্শকে ভাওনাৰ অভিনয় মন্ত্ৰমুগ্ধ ভাৱে উপভোগ কৰে।

