অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

RAS UTSHAV AT BARHAMPUR: বঢ়মপুত ৰাস উৎসৱ উদযাপন সমিতিক চেক বিতৰণ বিধায়ক জিতু গোস্বামীৰ

Spread the love

বঢ়মপুৰত ৰাস উৎসৱ উদযাপন সমিতিক চেক বিতৰণ বিধায়ক জিতু গোস্বামীৰ

DD TIMES বঢ়মপুৰ, ৬ নৱেম্বৰঃ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ বঢ়মপুৰ শ্বহীদ ভৱনত বুধবাৰে ১৮৮খন ৰাস উদযাপন সমিতিক আনুষ্ঠানিক ভাৱে চেক বিতৰণ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনিৰ জৰিয়তে প্ৰতিখন ৰাস উদযাপন সমিতিয়ে চেক লাভ কৰি উৎসাহিত হৈ পৰে।

উল্লেখযোগ্য যে অসমৰ প্ৰতিখন ৰাস উদযাপন সমিতিয়ে সুন্দৰভাৱে কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উৎসৱৰ বতৰত লোৱা এই পদক্ষেপৰ জৰিয়তে বঢ়মপুৰ সমষ্টিৰ প্ৰতিখন ৰাস উৎসৱ উদযাপন সমিতিয়ে ২৫ হাজাৰ টকাৰ চেক লাভ কৰিবলৈ সক্ষম হয়।

চেক বিতৰণ অনুষ্ঠানত চামগুৰি ৰাজহ চক্ৰ বিষয়া ডাঃ ময়ুৰপংখী বৰাৰ উপৰি বিজেপি দলৰ নেতা-কৰ্মী আৰু ৰাস উৎসৱ সমিতি সমূহৰ পাঁচ শতাধিক বিষয়ববীয়া উপস্থিত থাকে।

চেক বিতৰণ কাৰ্য্যসূচীৰ পিছতে বিধায়ক জিতু গোস্বামীয়ে বিভিন্ন ৰাস উদযাপনস্থলীত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!