RAMAKANTA AATA KHETRA AND MARIGAON: ৰমাকান্ত মুক্তিয়াৰ আতা ক্ষেত্ৰত মৰিগাঁও জিলাৰ শিশু, যুৱ, আই-মাতৃ আৰু অংকীয়া নাট সমাৰোহ
জাজৰি বড়িগাঁৱৰ ৰমাকান্ত মুক্তিয়াৰ আতা ক্ষেত্ৰত মৰিগাঁও জিলাৰ শিশু, যুৱ, আই-মাতৃ আৰু অংকীয়া নাট সমাৰোহৰ সফল সামৰণি
শিশু সকলক সৰুৰে পৰা আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি জীৱনৰ সেন্দুৰীয়া পথেৰে আগুৱাই নিয়াৰ আহ্বান
DD TIMES নগাঁও, ২৯ অক্টোবৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত শিলপুখুৰী আঞ্চলিক শাখাৰ আতিথ্যত জাজৰি বড়িগাঁৱৰ পূণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ আতা সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত ২৭ সংখ্যক জিলা শিশু,যুৱ আইমাতৃ সমাৰোহ আৰু তৃতীয় বাৰ্ষিক জিলা অংকীয়া নাট সমাৰোহৰ আজি নিশা সফল সামৰণি পৰে।

আজি মৰিগাঁও জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জিলা সেনাবাহিনীৰ উদ্যোগত পৰিৱেশ নিকাকৰণৰ পাছত নাম-প্ৰসঙ্গ হয়।
তাৰ পিছতে শিশু আই – মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ সভাখনিত সভাপতিত্ব কৰে জিলা শিশু আই- মাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা বৰদলৈয়ে। শিশু আই – মাতৃ কল্যাণ শাখা সমিতিৰ কেন্দ্ৰীয় সদস্যা উৎপলা লস্কৰে উদ্বোধন কৰা সভাখনিত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মুলৰ সদসা বিনু কুমাৰী ডেকাই নিদিষ্ট বক্তাৰ ভাষণ দিয়ে।

ভাষণত ডেকাই কয় যে-‘ শিশু সকলক সৰুৰে পৰা আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰি জীৱনৰ সেন্দুৰীয়া পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত পিতৃ মাতৃৰ অৱদান অপৰিহাৰ্য।
তেওঁ যুৱ প্ৰজন্মক গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মানবীয় গুণৰে সম্পন্নহৈ সমাজত আগবাঢ়ি যাবলৈ আহ্বান জনায়। সভাত পদ্মিনী ডেকা, মালিনী বৰদলৈ, দীপালী বৰদলৈ, লাৱণ্য দেবী, দিম্বেশ্বৰী লাহন, বন্দনা দেবী, বিপাঞ্জু বৰা, ৰুণু ডেকা, দিপামণী বৰা, শেৱালী ডেকায়ে শিশুক প্ৰকৃতাৰ্থত মানুহ হিচাপে গঢ়ি তুলিবলৈ আইমাতৃসকলৰ কৰণীয় ক্ষেত্ৰত ভাষন প্ৰদান প্ৰদান কৰে।

বিয়লি ” শংকৰী গীত, বাদ্য আৰু নৃত্যৰ প্ৰটভূমি অংকীয়া নাট” প্ৰদৰ্শন মূলক বক্তৃতা অনুষ্ঠানত শংকৰী সংগীত বিষাৰদ প্ৰসন্ন কুমাৰ মেধি, গ্ৰাম্য ৰত্ন বঁটা প্ৰাপক, উৎপলা হোকাই আৰু নৰ্টন বিশাৰদ তাপস বৰদলৈয়ে ভাষণ প্ৰদান কৰে। সন্ধিয়া ৬ বজাত পাৰিজাত হৰণ নাটখনি উদ্বোধন কৰে হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাই ।
নিশা ৮ বজাত কপাহেৰা আঞ্চলিক শাখাই পৰিবেশন কৰা “শ্ৰীৰামবিজয়” নাটখনি উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সভাপতি পৱিত্ৰপ্ৰাণ বৰাই।
উক্ত অনুষ্ঠানত শ্ৰী শ্ৰী নৰোৱা কুঁজিসত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱগোস্বামী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।
উল্লেখ্য যে যোৱা তিনিদিন ধৰি অনুষ্ঠিত হোৱা মৰিগাঁও জিলা শিশু আই- মাতৃ আৰু অংকীয়া নাট সমাৰোহে পূৰ্ণশোক ৰমাকান্ত মুক্তিয়াৰ আতা সমন্বয় ক্ষেত্ৰত যোৱা তিনিদিন ধৰি ভকতিৰ অমিয়াৰ ৰূপে দ্বিতীয় বৈকুণ্ঠকুৰীলৈ ৰূপান্তৰ হয়।
ইপিনে কালি পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ সভাপতি অতুল চন্দ্ৰ দাসে।পুৱা ৯-৩০ বজাত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে নিপেন চন্দ্ৰ বৰদলৈয়ে।
বিয়লি শিশু,যুৱ আৰু আইমাতৃ সাহিত্য সমাৰোহৰ সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা আৰু কালিয়দমন ভাওনা অভিনীত হয়।
উদ্বোধন কৰে কণ্ঠশিল্পী বিদ্যাসাগৰে। সন্ধিয়া পাৰিজাত হৰণ নাট অভিনীত হয়।

