অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

PURULEEL PRAKASHAN’S NEW BOOKS: গুৱাহাটী গ্ৰন্থমেলাত পুৰুলিল প্ৰকাশনৰ প্ৰকাশিত বিতোপন দত্তৰ কাব্যগ্ৰন্থ ‘নাচি উঠক বসন্ত সময়’ উন্মোচন

Spread the love

গুৱাহাটী গ্ৰন্থমেলাত পুৰুলিল প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

বিতোপন দত্তৰ কাব্যগ্ৰন্থ “নাচি উঠক বসন্ত সময়” উন্মোচন

DD TIMES গুৱাহাটী, ১ জানুৱাৰী, ২০২৬ঃ গুবাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈ থকা অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হয় বিতোপন দত্তৰ কাব্য সংকলন “নাচি উঠক বসন্ত সময়”।

পুৰুলিল প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মঙলবাৰে উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই।

প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰি প্ৰকাশক হিচাপে আত্মপ্ৰকাশ কৰা পুৰুলিল প্ৰকাশনৰ উক্ত অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা ডনবস্কো বিশ্ববিদ্যালখনৰ যান্ত্ৰিক অভিযন্তা বিভাগৰ মুৰব্বী অধ্যাপক ড° বুলজিত বৰগোহাঁই, শিশু সাহিত্য অকাডেমী বঁটাপ্ৰাপক যুগললোচন দাস, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামী, দ্যা ছেণ্টিনেল কাকতৰ ক্ৰীড়া সাংবাদিক ৰাজদ্বীপ দাস, লেখিকা তথা সাংবাদিক দৰ্শনা বৰুৱা, বিশিষ্ট সমাজসেৱক ৰাজেন ৰাজকুমাৰ উপস্থিত থাকে৷

তদুপৰি সাংবাদিক নিকুঞ্জ নাথ, দৈনিক অসমৰ সাংবাদিক শৈলেন কলিতা, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক ৰঞ্জিত পাটগিৰি, ডি বি নিউজৰ সাংবাদিক গৌতম কুমাৰ কাকতি, সুনীল বড়ো, কবি দত্তৰ পৰিবাৰ অংকিতা কলিতাকে ধৰি বহুকেইগৰাকীয়ে অংশগ্ৰহণ কৰে৷

গ্ৰন্থখন উন্মোচন কৰি সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱজিৎ বৰাই কয় যে, কবি বিতোপন দত্ত সক্ৰিয় সাংবাদিকতাৰ পৰা আঁতৰি শিক্ষকতাৰ দৰে এক বৃত্তিত জড়িত হৈ থাকিও সৃষ্টিৰ পথাৰত ব্যস্ত হৈ থকাটো সঁচাই আদৰণীয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰতিভাৱান লেখকসকলে গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থ উন্মোচন কৰাটোৱেই গ্ৰন্থমেলাৰ সফলতা বুলিব পাৰি। আজি এখন কাব্য সংকলন প্ৰকাশেৰে আত্মপ্ৰকাশ কৰা সাংবাদিক ডিম্পুল চুতীয়াৰ পুৰুলিল প্ৰকাশনৰ এই যাত্ৰাই অসমীয়া সাহিত্যত বিশেষ মাত্ৰা লাভ কৰিব বুলি উল্লেখ কৰে কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে৷

অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই পুৰুলিন প্ৰকাশনৰ নতুন যাত্ৰাৰ সাক্ষী হ’বলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰাৰ লগতে বিতোপন দত্তৰ গ্ৰন্থখনে পাঠক সমাজৰ পৰা সমাদৰ লাভ কৰিব বুলি আশা কৰে।

আনহাতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে কয় যে সক্ৰিয় সাংবাদিকতা ত্যাগ কৰি শিক্ষকতাৰ বৃত্তি বাচি লোৱা বিতোপন দত্তৰ গ্ৰন্থখনি উন্মোচন কৰি সুখী হৈছোঁ কাৰণ শিক্ষকতাৰ দৰে বৃত্তিত থাকি সৃষ্টিশীল জগতত বিচৰণ কৰাটো এক আশাৰ খবৰ, শিক্ষক সমাজৰ বাবেও গৌৰৱৰ বাৰ্তা।

যিহেতু প্ৰকাশন প্ৰতিষ্ঠানটোৱে প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিছে গতিকে এই মুহূৰ্তৰ সাক্ষী হোৱাটো পৰম গৌৰৱৰ বিষয়। তেখেতে বিতোপন দত্তৰ গ্ৰন্থখনি অসমৰ পাঠকে আন্তৰিকতাৰে আদৰি ল’ব বুলিও আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!