অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Provincial Congress: ভোট চুৰিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰ*তি*বা*দ

Spread the love

ভোট চুৰিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল প্ৰতিবাদ
সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে উত্তাল গুৱাহাটী

DD TIMES গুৱাহাটী, ৬ জানুৱাৰীঃ গুৱাহাটী মহানগৰৰ কেবাঠাইতো খছৰা ভোটাৰ তালিকাত ৰাজ্যৰ বাহিৰৰ লোকৰ নাম স্থানীয় পৰিয়ালৰ ‘এপিক’ নম্বৰত অন্তৰ্ভুক্ত হোৱা বিষয়টোক কেন্দ্ৰ কৰি বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আজি গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ তৈয়াবুল্লা পথত গৃহস্থই গম নোপোৱাকৈ তেওঁলোকৰ পৰিয়ালৰ ভোটাৰ তালিকাত বহিঃৰাজ্যৰ লোক তালিকাভুক্ত হোৱাৰ লগতে ২২ নং ৱাৰ্ডত ৫৯৫ নং গৃহত অস্তিত্বহীনভাৱে ৩০ জনৰো অধিক লোক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বিষয়টোক কেন্দ্ৰ কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ধৰ্ণা কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা আৰু শান্তনু বৰাৰ লগতে মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মীসকলে নিৰ্বাচন আয়োগ হায় হায়, ভোট চোৰে গাদী এৰক, ভোট চুৰি কৰি হিমন্ত বিশ্বই পুনৰ শাসনলৈ আহিব বিচৰাক ধিক্কাৰ দি দিনৰ ১১.৩০ বজাৰ পৰা দিছপুৰৰ লাষ্টগেট উত্তাল কৰি তোলে।

মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, মহানগৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি বিপুল চক্ৰৱৰ্তী, সাধাৰণ সম্পাদক ৰূপক দাস, ৰিমঝিম বৰা, মুখপাত্ৰ বিদিশা নেওগ, পলাক্ষী দাস, মহানগৰ জিলা কংগ্ৰেছৰ নেতা প্ৰাঞ্জল বুঢ়াগোহাঁইকে ধৰি শ শ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে আজি দীঘলীয়া সময় ধৰি প্ৰতিবাদ অব্যাহত ৰাখে।

আৰক্ষীয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স বেৰিকেড দি ঘেৰাও কৰি ৰাখে যদিও এটা সময়ত প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহে। ধৰ্ণা কাৰ্যসূচীৰ পিছত মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাসৰ সঞ্চালনাত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু ভোট চুৰিৰ বিৰুদ্ধে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

সভাত অংশগ্ৰহণ কৰি সাধাৰণ সম্পাদক শান্তনু বৰাই কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ আশংকা কৰিয়েই ভোট চুৰি কৰি পুনৰ গাদী দখলৰ সপোন দেখা হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিয়ে। বৰাই কয় যে গৌৰৱ গগৈৰ নেতৃত্বত অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ’বলৈ গৈ আছে আৰু ইয়াতে শংকিত হৈ বিজেপি দলে গণতান্ত্ৰিক প্ৰমূল্যবোধক নস্যাৎ কৰি ভোট চুৰি আৰম্ভ কৰিছে।

মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ১০ ফেব্ৰুৱাৰীত প্ৰকাশ হ’বলগীয়া চূড়ান্ত ভোটাৰ তালিকা সকলো কংগ্ৰেছ কৰ্মীকে পৰ্যালোচনা কৰি বহিঃৰাজ্যৰ ভোটাৰ অতিৰিক্তভাৱে তালিকাভুক্ত হ’লেই নিৰ্বাচনী বিষয়াক অভিযোগ দিয়াৰ লগতে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমক তথ্যসহ অৱগত কৰিবলৈ আহ্বান জনায়।

বৰাই গুৱাহাটীত হোৱা প্ৰতিবাদ সমগ্ৰ অসমতে হ’ব লাগে বুলি উল্লেখ কৰি কয় যে অসমৰ মানুহৰ ভোটাধিকাৰ কাঢ়ি অসমত অনা-অসমীয়া ভোটাৰৰ দ্বাৰা চৰকাৰ গঠন কৰিব বিচৰা অগণতান্ত্ৰিক কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব। বৰাই কয় যে প্ৰয়োজন হ’লে তেজ দিম, কিন্তু সাংবিধানিক অধিকাৰ খৰ্ব হ’বলৈ দিয়া নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!