অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Protection of Satras and Heritage Lands: অসমৰ সত্ৰ আৰু ঐতিহ্যমণ্ডিত ভূমি সুৰক্ষাৰ বাবে নতুন সংস্থাৰ প্ৰস্তাৱেৰে বিধানসভাত নতুন আইন

Spread the love

অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ, ২০২৫

অসমৰ সত্ৰ আৰু ঐতিহ্যমণ্ডিত ভূমি সুৰক্ষাৰ বাবে নতুন সংস্থাৰ প্ৰস্তাৱেৰে বিধানসভাত নতুন আইন

কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ চৰকাৰলৈ কৃতজ্ঞতা

DD TIMES কলিয়াবৰ, ২৮ নৱেম্বৰঃ অসমৰ ঐতিহ্যমণ্ডিত সত্ৰসমূহ আৰু ইয়াৰ ভূমিৰ সুৰক্ষা, সংৰক্ষণ আৰু পৰিচালনা শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাজ্য বিধানসভাত এক গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিছে।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দাখিল কৰা ‘অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ বিধেয়ক, ২০২৫’ সদনত বৃহস্পতিবাৰে গৃহীত হয়। এই আইনত অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ নামৰ এক বিশেষ সংস্থা গঠনৰ প্ৰস্তাৱ দিয়া হৈছে।

প্ৰস্তাৱিত আয়োগে এক অৰ্ধ-ন্যায়িক কৰ্তৃপক্ষ হিচাপে কাম কৰিব। ইয়াৰ মূল দায়বদ্ধতা হ‘ব সত্ৰ আৰু ইয়াৰ সম্পত্তিৰ সংৰক্ষণ, পৰিচালনা আৰু সুৰক্ষা সুনিশ্চিত কৰা।


আইনখনত উল্লেখ কৰা মতে, আয়োগৰ পৰামৰ্শসমূহ জিলা উপায়ুক্তসকলৰ বাবে বাধ্যতামূলক হ’ব, যাৰ ফলত সত্ৰৰ বিষয়সমূহৰ দ্ৰুত নিষ্পত্তি আৰু কাৰ্যকৰীকৰণ নিশ্চিত কৰা হ’ব। আয়োগৰ কাম-কাজত সহায়ৰ বাবে এটা নিবেদিত ‘অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পুঁজি’ও গঠন কৰা হ’ব। স্থায়ী আমোলাতন্ত্ৰ গঠন নকৰি প্ৰতিনিধিৰ ভিত্তিত বিষয়া নিযুক্তি দিয়া হ’ব।

ভূমি বেদখলৰ গোচৰ, সাংস্কৃতিক সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষমতা এই আইনৰ জৰিয়তে আয়োগক প্ৰদান কৰা হৈছে।


এই নতুন আইনৰ মূল লক্ষ্য হৈছে অসমৰ বৈষ্ণৱী ঐতিহ্য সুৰক্ষিত কৰা, সত্ৰৰ ভূমিৰ অপব্যৱহাৰ বা বেদখল ৰোধ কৰা, আৰু সমগ্ৰ ৰাজ্যতে সংগঠিত তথা সাংস্কৃতিকভাৱে সংবেদনশীল উন্নয়নক প্ৰসাৰ কৰা।


শীতকালীন বিধান সভা অধিবেশনত বৃহস্পতিবাৰে গৃহীত আইনে বেদখলে ধৰি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ সত্ৰসমূহৰ উত্তৰণত গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াব বুলি আশা কৰা হৈছে। অসমৰ সত্ৰসমূহৰ একত্ৰ অনুষ্ঠান অসম সত্ৰ মহাসভাৰ অন্তৰ্গত কলিয়াবৰ জিলা সত্ৰ মহাসভাই অসমৰ সত্ৰসমূহৰ উন্নয়নৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে সন্তুষ্টি প্ৰকাশ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী আৰু কলিয়াবৰৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী কেশৱ মহন্তক এই গুৰুত্বপূৰ্ণ আইন ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে কলিয়াবৰ জিলা সত্ৰ মহাসভাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক পুষ্কৰজ্যোতি মহন্তই কয় – আজি এটা ঐতিহাসিক দিন।

অসম চৰকাৰে বিধান সভাৰ মজিয়াত সত্ৰ সংৰক্ষণ আৰু উন্নয়নৰ বাবে বাবে যি আয়োগ গঠনৰ বাবে বিল আনি আইনত পৰিণত কৰিলে তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ লগতে মাননীয় অসম চৰকাৰ তথা অসম বিধান সভাক কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।


উল্লেখযোগ্য যে, প্ৰস্তাৱিত আয়োগৰ নেতৃত্বত থাকিব ৰাজ্য চৰকাৰে নিযুক্তি দিয়া এজন অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ। ইয়াৰ সদস্য সচিব হিচাপে কাম কৰিব ভূমি বিচৰা, অধিগ্ৰহণ আৰু সংস্কাৰৰ সঞ্চালকে।

আয়োগত থাকিবলগীয়া আন সদস্যসকল হ’ল– সত্ৰসমূহৰ পৰা পাঁচজন প্ৰতিনিধি, এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল আৰু দ্ৰুত ব্যৱস্থা আৰু পুঁজি গঠন।

আইনখনত উল্লেখ কৰা মতে– আয়োগৰ পৰামৰ্শসমূহ জিলা উপায়ুক্তসকলৰ বাবে বাধ্যতামূলক হ’ব, যাৰ ফলত সত্ৰৰ বিষয়সমূহৰ দ্ৰুত নিষ্পত্তি আৰু কাৰ্যকৰীকৰণ নিশ্চিত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!