Prize Money Football Tournament: লুড’ৰ উদ্যোগত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অসম পুলিচ
লুড’ৰ উদ্যোগত প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত অসম পুলিচ

DD TIMES গোগামুখ, ৬ জানুৱাৰীঃ লোকেল ইউনাইটেড ডেভলপমেণ্ট অৰ্গেনাইজেছনে গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ থকা আমন্ত্ৰণি মূলক প্ৰাইজমাণি আৰু ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম পুলিচ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

কালি নৈশালোকত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত অসম পুলিচ দলে গোগামুখ স্প’ৰ্টছ একাডেমীক ৩-১ গ’লৰ ব্যৱধানত পৰাজিত কৰিছে ৷

খেলখনত দুয়োটা দলে প্ৰথমাৰ্ধত ১-১ গ’ল কৰি ড্ৰ ৰাখে যদিও দ্বিতীয়াৰ্ধত অসম পুলিচ দলে সংঘবদ্ধ আক্ৰমণ চলাই দুটা গ’ল দি বিজয় সাব্যস্ত কৰে৷ কালিৰ খেলখন উদ্ধোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
তেওঁক সহযোগ কৰে ধেমাজি ক্ৰীড়া সন্হাৰ উপ-সভাপতি মনোজ পেগু, ধেমাজি জিলা পৰিষদৰ উপ-সভানেত্ৰী ক্ষমালী দৈমাৰী, জ্যোতিপ্ৰভা পেগু দলে আৰু বিজেপিৰ গোগামুখ মণ্ডলৰ সভাপতি দুলেন পেগুৱে ৷

