Primary Health Centre: নগাঁও জিলাত সাতটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ
নগাঁও জিলা পৰিভ্ৰমন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জলসিঞ্চন ইত্যাদি বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ
নগাঁও জিলাত সাতটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ

DD TIMES দিছপুৰ ১০, জানুৱাৰীঃ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি নগাওঁ জিলা ভ্ৰমন কৰে।

মন্ত্ৰীগৰাকীয়ে প্ৰথমে নগাওঁ জিলাৰ ৰহা বিধান সভা সমষ্টিত চাপৰমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,লাওপানী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,বাৰপুজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু বুঢ়াগোহাঁই থান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বঢ়মপুৰ বিধান সভা সমষ্টিত কঠীয়াতলী প্রাথমিক স্বাস্থ্য কেন্দ্র আৰু চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।

আৰু শেষত তেওঁ নগাওঁ- বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত কলংপাৰ হালোৱাগাওঁ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ২.৫০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হবলগীয়া এই চিকিৎসালয় কেইখন ১৫ মাহত নিৰ্মান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

পৃথক পৃথক কৈ অনুষ্ঠিত হোৱা এই আধাৰশিলাৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা তিনিখন ৰাজহুৱা সভাতো মন্ত্ৰী অশোক সিংহলে অংশ গ্ৰহণ কৰে। এই ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰাই অসমত যুগান্তকাৰী পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে।

স্বাস্থ্য খণ্ডত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমত পূৰ্বৰ ৬খন চিকিৎসা মহাবিদ্যালয়ৰ ঠাইত বৰ্তমান সময়ত ১৪খন চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্য্যক্ষম হৈ আছে। অহা পাঁচ বছৰত আৰু ১০ চিকিৎসা মহাবিদ্যালয় নিৰ্মান সম্পূৰ্ণ হৈ উঠিব।

প্ৰতি বছৰে ১৭০০ এম বি বি এছ চিকিৎসক ওলোৱাৰ ফলত লাহে লাহে চিকিৎসকৰ নাটনি কমি আহিছে।অসমৰ চিকিৎসালয়ত ৯৯% শতাংশ ঔষধ যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা আয়ুস্মান আৰোগ্য মন্দিৰ লৈকে এই ঔষধ উপলব্ধ কৰা হৈছে।

অসমৰ ১২৬টা বিধান সভা সমষ্টিত আয়োজন কৰা বৃহৎ স্বাস্থ্য শিবিৰত ১৯ বছৰৰ তলৰ জটিল ৰোগত আক্ৰান্ত প্ৰায় ৪০ হাজাৰ শিশু আৰু কিশোৰৰ উন্নত চিকিৎসা অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে প্ৰয়োজন অনুসৰি অসমৰ বাহিৰৰ ৰাজ্যত চিকিৎসা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে সভাত অৱগত কৰে।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে এখন স্বাবলম্বী, বিকশিত আৰু সুৰক্ষিত আধুনিক অসম নিৰ্মাণ গঢ়াৰ বাবে দিনে নিশাই কাম কৰি আছে।এখন বিকশিত অসম নিৰ্মাণ কৰিবলৈ স্বাস্থ্যবান মানৱ সম্পদ গঢ় দিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে স্বাস্থ্যবান সমাজৰ লগতে স্বাস্থ্যবান অসম নিৰ্মাণ কৰিবলৈ সুখ আৰু শৃংখলিত জীবন যাপন আৰু যোগাভ্যাস বা আন শাৰীৰিক অনুশীলন কৰিব লাগিব বুলি তওঁ কয়।তেওঁ কয় যে ৰোগৰ চিকিৎসাতকৈ নিৰোগী হৈ থকাটো বেছি গুৰুত্বপূর্ণ।স্বাস্থ্যবান বক্তি সমাজৰ সম্পদ। সেইবাবে আমি শাৰীৰিক ভাবে সক্ৰিয় হৈ থাকিব লাগিব। স্বাস্থ্যবান হৈ থাকিলেহে অসমৰ মানুহ অৰ্থনৈতিক ভাবে শক্তিশালী হৈ থাকিব পাৰিব। সেয়েহে প্ৰতিগৰাকী নাগৰিককে নিজৰ বাবে এঘন্টা সময় আছুতীয়াকৈ ৰাখি যোগাভ্যাস, খোজ কঢ়া বা আন শাৰীৰিক অনুশীলনৰ অভ্যাস গঢ়ি তুলিবলৈ সভাত উপস্থিত ৰাইজক আহ্বান জনাই।

সভাত মন্ত্ৰী গৰাকীয়ে মেধা ভিত্তিত ডেৰ লক্ষাধিক চৰকাৰী চাকৰি প্ৰদান,মহিলা সবলীকৰণ বাবে মহিলা উদ্যমিতা আচনিকে আদিকে ধৰি ৰাজ্য চৰকাৰে বিগত পাঁচ বছৰত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত কৰি থকা বিভিন্ন আঁচনি সমূহৰ বিষয়ে বিতংভাৱে আলোকপাত কৰে।তেওঁ এখন আধুনিক বিকশিত অসম নিৰ্মাণ কৰাৰ লগতে অসমক ভাৰতৰ পাঁচ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান দিবলৈ ৰাইজক আশীৰ্বাদ দিবলৈ সকলোকে আহ্বান জনায়।

নগাঁও জিলাৰ ৰহা, বঢ়মপুৰ আৰু নগাওঁ – বটদ্ৰৱা বিধান সভা সমষ্টিত পৃথক পৃথক কৈ অনুস্থিত হোৱা ৰাজহুৱা সভাত বিধায়কসকল ক্ৰমে শশীকান্ত দাস, জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ উপৰি নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত ( স্বাস্থ্য) সুদিপ নাথ, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক পঞ্চম কুমাৰ বৰা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ উপৰি নগাঁও বিজেপি জিলা সভাপতি সুবৰ্ণ সিং,কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰাৰ লগতে বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ XV Finance-ৰ প্ৰতিটো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ২,৪২,৮২,৯৪৫.০০ টকা পুঁজিৰে নিৰ্মিত হ’ব লগীয়া এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত LDR (2 কক্ষ), পৰীক্ষা/ট্ৰাইজ ৰুম, এনবিচিচি, মাইনৰ অ’টি, নাৰ্ছ ৰেষ্ট ৰুম, মহিলা ৱাৰ্ড, পুৰুষ ৱাৰ্ড, স্বাস্থ্য আৰু সুস্থতা কক্ষ/বক্তৃতাগৃহ, মেডিকেল ষ্ট’ৰ, অ’পিডি, জৰুৰীকালীন/ড্ৰেছিং ৰুম/ টিকাকৰণ কক্ষ, আয়ুষ অ’পিডি, প্ৰতিষেধক শীতলীকৰণ শৃংখল কক্ষ, পেথ লেব, কাৰ্যালয়, অপেক্ষা কক্ষ, ডায়েটাৰী চাৰ্ভিচেছ ৰুম, ৱাশ্বিং এৰিয়াৰ বাবে ঠাই, ফিডিং কক্ষৰ লগতে আন আনুসংগিক সুবিধা থাকিব।
আনহাতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি নগাঁও জিলা ভ্ৰমণৰ কাৰ্যসূচীৰ প্ৰথমে জিলাখনৰ কপিলী নৈৰ দক্ষিণত অৱস্থিত আনুমানিক ১২শ শতিকাত স্থাপন হোৱা প্ৰাচীন ঐতিহ্যমণ্ডিত আই বসুন্ধৰী থান দৰ্শন কৰি পূজা অৰ্চনা কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে।
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে বসুন্ধৰী এল আই এছ জলসিঞ্চন আঁচনিখন পৰিদৰ্শন কৰে। উল্লেখ্য যে বিগত ২০ বছৰ অধিক কাল বিকল হৈ থকা এই বসুন্ধৰী এল আই এছ জলসিঞ্চন আঁচনিখন বিভাগে পুনৰ্জীৱিত কৰাৰ ফলত অঞ্চলটোৰ প্ৰায় ৩৫০ হেক্টৰ কৃষভূমিত কৃষক ৰাইজে খেতি কৰিব পৰাকৈ পানী যোগান সম্ভৱ হৈ উঠিছে।

