PREMAR GHOR: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাস ‘প্ৰেমৰ ঘৰ’ প্ৰকাশ
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নতুন উপন্যাসঃ গ্ৰাম্য সমাজৰ হৃদয়স্পৰ্শী কাহিনীৰে প্ৰকাশ ‘প্ৰেমৰ ঘৰ’ঃ ৰেখা প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনত সন্নিৱিষ্ট হৃদয়স্পৰ্শী কুৰিটা খণ্ডঃ পঢ়ুৱৈৰ সমাদৰ লাভ কৰাৰ আশা ব্যক্ত লেখক-প্ৰকাশকৰ

DD TIMES গুৱাহাটী, ৩০ অক্টোবৰঃ কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নতুন গ্ৰন্থ ‘প্ৰেমৰ ঘৰ’ প্ৰকাশ পাইছে। আজি প্ৰকাশ হোৱা ‘প্ৰেমৰ ঘৰ’ নামৰ উপন্যাসখন পানবজাৰৰ আগশাৰীৰ প্ৰকাশনগোষ্ঠী ৰেখা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। প্ৰেম-ভালপোৱাৰ হৃদয়স্পৰ্শী কাহিনীৰে সংপৃক্ত এই উপন্যাসখন। ‘প্ৰেমৰ ঘৰ’ত মুঠ ২০টা খণ্ড সন্নিৱিষ্ট আছে।
এই খণ্ডকেইটা হৈছে― ফাগুন ফাগুন লগা আবেলি, সৰাপাতত সোঁৱৰণী, কলিতে সৰি মৰহিল সুগন্ধি ফুল,ভালপোৱা ইমান আলসুৱা, এপাহ ফুলিল এপাহ সৰিল, ভালপোৱা মানে সৰ্বস্ব ত্যাগ, ৰং-চঙীয়া পখিলাৰ জাক, ধানতকৈও ধুনীয়া তুমি, ইজনৰ বুকু আনজনেৰে ভৰা, কোনে কলেজৰ বাটত ৰুমাল পাৰি ছীট ৰাখিছিল বাছত, লহপহকৈ বাঢ়ি আহে ভালপোৱাৰ বন-লতা, প্ৰিয়জনৰ চিঠিৰ ভাঁজে ভাঁজে, চকুৱে চকুৱে কথা ক’লে, কলেজ কেম্পাছৰ মুকলি বতাহ, সময় সোঁৱৰণিৰ এখিলা পাত,পাৰে জানো উৰিব পাখি ভগা পখী,উমি উমি জ্বলে হেঁপাহ,পাৰি জানো পাহৰিব তেজ ৰঙা অতবোৰ স্মৃতি, হৃদয় হেৰুওৱা মানুহে ৰাতি ৰাতি উচুপে আৰু কলিজাৰ কোণত সাঁচি ৰখা ভালপোৱা।
ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেবেন কলিতাই জানিবলৈ দিয়া অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত চলি থকা গ্ৰন্থমেলাসমূহত এতিয়াৰে পৰা ‘প্ৰেমৰ ঘৰ’ নামৰ উপন্যাসখন উপলব্ধ হ’ব।
উল্লেখযোগ্য যে, ‘প্ৰেমৰ ঘৰ’ হৈছে ৰঞ্জিত পাটগিৰিৰ সপ্তমখন গ্ৰন্থ। ইয়াৰ পূৰ্বে তেওঁৰ চাৰিখন কাব্যগ্ৰন্থ আৰু দুখন উপন্যাস প্ৰকাশ পাইছে।
বিগত বৰ্ষত প্ৰকাশ হোৱা ৰঞ্জিত পাটগিৰিৰ ‘জেওৰা’ নামৰ উপন্যাসখনে গ্ৰন্থমেলাসমূহত পাঠকৰ যথেষ্ট সঁহাৰি লাভ কৰা দেখা গৈছিল। এইবছৰ নতুনকৈ প্ৰকাশ পোৱা ‘প্ৰেমৰ ঘৰ’ উপন্যাসখনকলৈ যথেষ্ট আশাবাদী লেখক ৰঞ্জিত পাটগিৰি।
উপন্যাসখন সন্দৰ্ভত পাটগিৰিয়ে আজি সংবাদ মাধ্যমৰ আগত কয়―’প্ৰেমৰ ঘৰ মোৰ তৃতীয়খন উপন্যাস। এই উপন্যাসখন মূলতঃ এক বাস্তৱ আধাৰিত প্ৰেম কাহিনী।
সহজ-সৰল গাঁৱলীয়া লোকৰ জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত আদিৰো বৰ্ণনা কৰা হৈছে কাহিনীৰ মাজেৰে। লগতে আছে, কৃষিজীৱী সমাজৰ বিভিন্ন ভাল লগা কাহিনী।
আশা কৰোঁ, মোৰ পূৰ্বৰ গ্ৰন্থসমূহৰ দৰে পঢ়ুৱৈয়ে নিশ্চয় এই উপন্যাসখনো আদৰি ল’ব।’ ইফালে প্ৰকাশক দেবেন কলিতাইও ‘প্ৰেমৰ ঘৰ’ উপন্যাসখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

