Popular Bodybuilder: কংগ্ৰেছ ত্যাগ শৰীৰ চৰ্চাবিদ ধ্যানজ্যোতি দলেৰ
কংগ্ৰেছ এৰিলে শৰীৰ চৰ্চাবিদ ধ্যানজ্যোতি দলেয়ে

DD TIMES গোগামুখ, ২৫ ফেব্ৰুৱাৰীঃ ধেমাজি জিলাৰ গোগামুখৰ জনপ্ৰিয় শৰীৰ চৰ্চাবিদ, যুৱ খেলুৱৈ ধ্যানজ্যোতি দলেয়ে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে ৷

সংবাদ মাধ্যমক তেওঁ জনাই যে ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ প্ৰাথমিক সদস্যপদৰ পৰা মই পদত্যাগ কৰিছোঁ এই সিদ্ধান্ত মই মোৰ সুক্ম আৰু আত্ম-চিন্তাৰ অন্তত লোৱা হৈছে।
মোৰ জীৱনৰ এই পৰ্যায়ত মই মোৰ ব্যক্তিগত লক্ষ্য, পেছাদাৰী প্ৰতিশ্ৰুতি আৰু সামাজিক দায়িত্ব বিকাশৰ ওপৰত নৱীকৃত মনোনিৱেশ কৰি আগবাঢ়ি যোৱাৰ মনস্থ কৰাৰ বাবে মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

