অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

POEM: লাইফ-জেকেট

Spread the love

লাইফ-জেকেট

DD TIMESৰ আজিৰ কবি অংকুৰিতা ফুকন

আমি সকলোৱে সাজিব পাৰোঁ
কোলাহলৰ মাজত মৌনতাৰ এখন আকাশ
বিভোৰ হ’ব পাৰোঁ চাই নিৰৱে
জোন তৰা মেঘ বৰষুণে ছটিয়াই থোৱা আকাশী নিৰ্যাস

লিখিব পাৰোঁ এটি কবিতা
বিষয় হিচাপে লৈ নিজক
গঢ়িব পাৰোঁ এখন ফুলনি
পছন্দৰ ফুলবোৰক কৰি কৰিতাৰ ৰূপক

আমি পুনৰ ওপজাব পাৰোঁ নিজক
সবাতোকৈ সংবেদনহীন ৰূপত
কটাব পাৰোঁ দিন মাহ বছৰ যুগ
নোলোৱাকৈ প্ৰিয়জনক দুচকুৰ আলিঙ্গনৰ মাজত

জিলিৰ মাতত মাজনিশাৰ সুৰ বিচাৰি
গুচি যাব পাৰোঁ নিসংগ বাটত আমি
কাৰণ সকলোৱেই ওপঙি আছে কোলাহলৰ সাগৰত
মৌনতাৰ লাইফ-জেকেট পিন্ধি…৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!