অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

POEM: কাঠ আৰু মানুহৰ কথাৰে

Spread the love

কাঠ আৰু মানুহৰ কথাৰে

DD TIMESৰ আজিৰ কবি ড° সঞ্জীৱ কুমাৰ ফুকন

পৰি ৰোৱা কাঠৰ এটা টুকুৰাৰ লগত
তেঁও এক মিল অনুভৱ কৰে L।
তেঁওৰ দৰেই কাঠৰ টুকুৰাটোৰো
এক অতীত আছিল
কাঠ হোৱাৰ আগলৈকে
ই আছিল প্ৰাণোচ্ছল এজোপা গছ
গছৰ পৰা যে কাঠ হ’ল
হঠাতেই হ’লনে?

এজাক ধুমুহাত উভালি পৰিল
কোনোবাই কাটি পেলালে
কাঠ হৈ গ’ল
ইমান সহজ আৰু পোনপটীয়া আছিল জানো কথাবোৰ?
নহয়
যিদৰে নহয় মানুহৰ পৰা শৱলৈ
তেঁওৰ পৰিক্ৰমা।

সেই নিৰ্ণায়ক ধুমুহাজাকৰ পূৰ্বেও
ধুমুহা আহিছিল
ৰ’দ বৰষুণ পৰিছিল
ক্ৰমান্বয়ে
সোলোক ঢোলোক হৈছিল ভেঁটি
শেষত এক মোক্ষম আঘাত।
ঠিক সেইদৰে
তেঁওৰ জীৱনতো
পকনীয়া, খহনীয়া, ধুমুহাবোৰে
সিঁচি গৈছিল
শ হোৱাৰ বীজ।

নিৰ্জনতা, নিস্পৃহতা, নিসংগতাৰ
অক্টোপাছী হাতোৰাত
কাহানিবাই সপোনৰ সমাধি।
বুকুৰ মেৰঘৰত বিষাদৰ আঁচোৰ
জীৱন আজি বহু দূৰ
এক পৰিসংখ্যাহে মাথোন।

কাঠৰ টুকুৰাটোৰে
তেঁও অনুভৱ কৰে
অদ্ভুত সাদৃশ্য।
নিৰ্জীৱ কাঠৰ টুকুৰাটোও
কাৰোবাৰ মৰমৰ
কাৰোবাৰ সমল
সম্ভাৱনা কিম্বা প্ৰয়োজন।
ঠিক তেঁওৰ দৰেই।


কাঠৰ টুকুৰাটোৰে
তেঁও অনুভৱ কৰে
অদ্ভুত সাদৃশ্য।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!