পিলিক চৌধুৰী ৰাজ্যিক স্কুল ফুটবল, ফাইনেলত গোলাঘাট-চিৰাং
গুৱাহাটী, ২০ আগষ্টঃ গোলাঘাটৰ নুমলীগড় হাইস্কুল আৰু চিৰাঙৰ উৰ্বশী ব্ৰহ্ম সোঁৱৰণী হাইস্কুলে চলিত পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অনূধ্বৰ্ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত গোলাঘাটে ৬-০ গলৰ ব্যৱধানত ধেমাজীৰ দ্য লিভিং স্কুলক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷
ইফালে, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমিফাইনেলত লখিমপুৰৰ ঘিলামাৰা টাউন হাইস্কুলৰ দলটোৱে নিয়ম অমান্য কৰাৰ বাবে চিৰাং দলক বিজয়ী ঘোষণা কৰা হয়৷ প্ৰতিযোগিতাৰ ফাইনেল মেচখন কাইলৈ আবেলি তিনি বজাত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷
ইয়াৰপূৰ্বে আজি পূৱা হোৱা কোৱাৰ্টাৰ ফাইনেলত ধেমাজীয়ে ডিব্ৰুগড়ক, গোলাঘাটে মৰিগাঁৱক, চিৰাঙে ওদালগুৰিক আৰু লখিমপুৰে চৰাইদেউক পৰাস্ত কৰিছিল৷
উল্লেখ্য যে এই ৰাজ্যিক প্ৰতিযোগিতাৰ চেম্পিয়ন স্কুল দলটোৱে বাংগালুৰুত অনুষ্ঠিত হ’বলগা ঐতিহাসিক সুব্ৰত কাপ ফুটবলৰ ল’ৰাৰ ১৫ বছৰ অনূধ্বৰ্ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা ছাব-জুনিয়ৰ প্ৰতিযোগিতাখন অহা দুই ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব৷