Pensioners Association Convention: নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ অধিৱেশন
নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ অধিৱেশন সম্পন্ন
প্ৰেমেশ্বৰ দাসক সভাপতি- প্ৰদীপ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন

DD TIMES বঢ়মপুৰ, ২৫ ফেব্ৰুৱাৰীঃ নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনখনি আজি জিলা পেঞ্চনাৰ সন্থাৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা ভাগত সন্থাৰ পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে সন্থাৰ জিলা সভাপতি প্ৰেমেশ্বৰ দাসে। বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ তথা সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱ গোস্বামীয়ে।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লেখক, সমাজকৰ্মী ৰঞ্জিত কুমাৰ তামুলী ফুকন আৰু নিত্যানন্দ বৰাই। স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে ৰত্নমালা শইকীয়া, দিপ্তী শইকীয়া বৰা আৰু বন্তি গোস্বামী বৰাই।

ইয়াৰ পিছতে সন্থাৰ জিলা সভাপতি প্ৰেমেশ্বৰ দাসৰ সভাপতিত্বত অধিবেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আঁত ধৰে সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ শইকীয়াই।
সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সভাপতি দীনেশ দত্তই চৰকাৰী পেঞ্চনাৰ সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি এই সমস্যাসমূহ সমাধানৰ বাবে সন্থাই অবিৰতভাবে যুঁজ দি আহিছে বুলি মন্তব্য কৰে।
নিজৰ ভাষণত দত্তই পেঞ্চনাৰ সন্থাৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ সকলো পেঞ্চনাৰক আহ্বান জনায়। সভাত চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ কাৰ্যকৰী সভাপতি প্ৰণৱ ফুকন, সন্থাৰ নগাঁও জিলা শাখাৰ প্ৰাক্তন সভাপতি আবুল হুছেইন, পূৰ্ণ চন্দ্ৰ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে। সভাত ৮০ বছৰ উৰ্ধৰ চৰকাৰী পেঞ্চনাৰ ক্ৰমে জীৱেশ্বৰ দেৱ গোস্বামী, পূৰ্ণ চন্দ্ৰ বাৰিক, ধৰণী বৰা, পুস্পেন্দ্ৰ বৰা, লম্বোদৰ হাজৰিকা, ফণিধৰ শৰ্মা আদিক সম্বৰ্ধনা জনোৱা হয়।
আজিৰ অনুষ্ঠানতে নতুনকৈ পেঞ্চনাৰ সন্থাৰ সদস্যপদ গ্ৰহণ কৰা ৭ গৰাকী পেঞ্চনাৰক আদৰণি জনোৱা হয়।
আনহাতে, আজিৰ অনুষ্ঠানতেই প্ৰেমেশ্বৰ দাসক সভাপতি আৰু প্ৰদীপ কুমাৰ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ পৰৱৰ্তী দুবছৰৰ বাবে সন্থাৰ নগাঁও জিলা শাখাৰ ২১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

