Paro FC of Bhutan Won: ‘বন্ধুত্বৰ বাবে খেল’ত ভূটানৰ পাৰো এফ চি বিজয়ী
‘বন্ধুত্বৰ বাবে খেল’ত ভূটানৰ পাৰো এফ চি বিজয়ী

DD TIMES তামুলপুৰ, ২৬ নৱেম্বৰঃ ভাৰতৰ চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ ছামদ্ৰুপ জংখাৰ জিলা সদৰৰ খেলপথাৰত ভাৰত-ভূটান মৈত্ৰী সংস্থা চমুকৈ বিফাৰ উদ্যোগত ২২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা “বন্ধুত্বৰ বাবে খেল” শীৰ্ষক মেগা ফুটবল টুৰ্নামেণ্টৰ আজিৰ পঞ্চম দিনাৰ খেলখন ভূটানৰ পাৰো এফ চি আৰু দিমাকুছিৰ অ’ৰগেন এফ চিৰ মাজত অনুষ্ঠিত হয়।
বিফা নকআউট ফুটবল টুৰ্নামেণ্ট নামেৰে নামাকৰণ কৰা আজিৰ এই উত্তেজনাপূৰ্ণ খেলখনত ভূটানৰ পাৰো এফ চি এ দিমাকুছিৰ অ’ৰগেন এফ চিক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে।

