অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Outline of Mising Culture: ঢকুৱাখনাত জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়চম গোস্বামীৰ স্মৃতি দিৱস পালন

Spread the love

ঢকুৱাখনাত জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়চম গোস্বামীৰ স্মৃতি দিৱস পালন

সৰ্বেশ্বৰী পেগু গ্ৰন্থ ‘মিচিং সংস্কৃতিৰ ৰূপৰেখা’ উন্মোচন

DD TIMES ঢকুৱাখনা, ৩০ নৱেম্বৰঃ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক তথা অসমৰ গৌৰৱ জ্ঞানপীঠ বঁটা বিজয়ী লেখিকা ড° মামণি ৰয়চম গোস্বামীৰ স্মৃতি দিৱসটি ঢকুৱাখনাত শনিবাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰে সদৌ অসম মহিলা কবি মঞ্চই।

ঢকুৱাখনা নৰ্মাল স্কুলৰ প্ৰেক্ষাগৃহত আয়োজন কৰা জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়চম গোস্বামীৰ স্মৃতি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম মহিলা কবি মঞ্চৰ উপদেষ্টা বিমলা গগৈয়ে বন্তি প্ৰজ্বলনেৰে‌। ইয়াৰ পিছতেই সদৌ অসম মহিলা কবি মঞ্চৰ মুখ্য সম্পাদিকা বিউটি ফুকন গগৈয়ে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকলক স্বাগতম জনাই শুভেচ্ছা বক্তব্য ৰাখে।

ঢকুৱাখনা শাখাৰ মুখ্য সম্পাদিকা লাৱণ্য শইকীয়া বৰুৱাই আদৰণি অভিভাষণ পাঠ কৰে। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ অধ্যাপিকা ড° পূৰৱী দুৱৰাই বক্তব্য ৰাখি মামণি ৰয়চম গোস্বামীৰ সাহিত্য,জীৱন দৰ্শন,আৰু অন্যান্য দিশ সম্পৰ্কে বক্তব্য আগবঢ়াই। ইফালে নিবেদিতা গগৈ লাগাছুৱেও নিৰ্দিষ্ট বক্তাৰ ভাষন দিয়ে।


মুখ্য অতিথিৰূপে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়েও অংশগ্ৰহণ কৰে। সদৌ অসম মহিলা কবি মঞ্চৰ প্ৰতিস্থাপক সভানেত্ৰী ৰেখা ফুকনৰ সঞ্চালনাত আয়োজিত এই অনুষ্ঠানত ৰাজলক্ষ্মী চমুৱা পাচনীয়ে বৰগীত, জ্যোতিনীলিমা গঘৈয়ে কবিতা আৰু লক্ষ্মীমাই বৰাই আধুনিক গীত পৰিৱেশন কৰে।

উল্লেখ্য, এই সভাতেই ঢকুৱাখনাৰ এগৰাকী কবি সৰ্বেশ্বৰী পেগুৰ গ্ৰন্থ ‘মিচিং সংস্কৃতিৰ ৰূপৰেখা’ উন্মোচন কৰে-সদৌ অসম মহিলা কবি মঞ্চৰ কাৰ্যকৰী সভানেত্ৰী গীতাঞ্জলি বৰা বৰদলৈয়ে।

ইফালে এই অনুষ্ঠানত সদৌ অসম মহিলা কবি মঞ্চৰ ৰাজ্যিক সদস্যা ড° দীপাঞ্জলী দত্ত, ত্ৰিবেণী চিৰিং, ৰীণা দত্ত ভৰালীকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!