ORANG NATIONAL PARK: ২০২৫-২৬ বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ব্যাঘ্ৰ প্ৰকল্প
২০২৫-২৬ বৰ্ষৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান-ব্যাঘ্ৰ প্ৰকল্প
DD TIMES দৰং, ৮ অক্টোবৰঃ বাৰিষাৰ সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাট-পথ অচল অৱস্থাৰ বাবে পৰ্যটকৰ যাতায়তৰ সু-ব্যৱস্থা নথকাত বিগত কেইমাহ সাধাৰণতে বন্ধ আছিল পৰ্যটকৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

সোমবাৰে ৰাতিপুৱা নাহৰৰ বাকৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্য প্ৰৱেশ দ্বাৰত ওখল মাখল পৰিবেশ। বাট-পথ মেৰামতিৰ লগে লগে ফুল আদিৰে সুন্দৰকৈ সজাই তোলা হৈছে উদ্যানখন।
২৮০ বৰ্গ কিলোমিটাৰ জোৰা উদ্যান খনত বৰ্তমান বাঘৰ সংখ্যা প্ৰায় ২৬টা আৰু গঁড় প্ৰায় ১২৫টা আছে। উদ্যান মুকলিৰ পিছতেই ভিতৰৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভীৰ কৰিছে পৰ্যটকে৷ পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সুবিধা উপলব্ধ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

পৰ্যায় ক্ৰমে হাতী ছাফাৰীৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই৷ইয়াৰোপৰি বিভিন্ন পশু পক্ষীৰে পৰিপূৰ্ণ উদ্যানখনলৈ পৰ্যটকসকলক আকৰ্ষণ কৰাৰ পূৰ্ণ সম্ভবনা আছে।
উদ্যানখনত ৩০০ৰো অধিক চৰাই চিৰিকটি আছে৷যথেষ্ট সংখ্যক ৰাইজ আৰু প্ৰকৃতি প্ৰেমীৰ উপস্থিতিত উদ্যান খন আনুষ্ঠানিক ভাৱে শঙ্খ ধ্বনি,উলু ধ্বনি আৰু নাৰিকল ভাঙি মুকলি কৰে বন বিভাগৰ শীৰ্ষ বিষয়া ড° বিনয় গুপ্তাই৷
উদ্যান মুকলি কৰি উদ্যানখনত পৰ্যটক সকলৰ বাবে থকা সা-সুবিধাৰ কথাখিনি সংবাদ মাধ্যমৰ জৰিয়তে পৰ্যটক সকলৰ জানিবলৈ দিয়ে৷
নৱেম্বৰৰ ১ তাৰিখৰ পৰা পৰ্যটকসকলৰ বাবে হাতী ছাফাৰীৰ সুবিধা উপলব্ধ হ’ব বুলি উদ্যান কৰ্তৃপক্ষই জনায় দৰং জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱাই লগতে তেওঁ আৰু কয় যে বৰ্তমান পৰ্যটকৰ বাবে ভালে কেইখন হোটেলৰ লগতে ইকো কেম্প আদিও আছে য’ত খোৱা লোৱাৰ লগতে নিশা কটোৱাৰ সু-ব্যৱস্থা আছে।
উক্ত মুকলি অনুষ্ঠানটোত উপস্থিত থাকে বন বিভাগৰ শীৰ্ষ বিষয়া ড° বিনয় গুপ্তা, জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনবিষয়া ভাৰ্গৱ হাজৰিকা, বিশিষ্ট সাংবাদিক ভাৰ্গৱ কুমাৰ দাস,ময়ুখ গোস্বামী, আন্তঃৰাষ্ট্ৰীয় ওৱাল্ড লাইফ ফটোগ্ৰপাৰ নেজিব আহমেদ,WWFৰ Prgm officer সুনিত কুমাৰ দাস আৰণ্যকৰ আৰিফ আহমেদ,শিলবৰীৰ প্ৰকৃতি প্ৰেমী যুৱক আব্দুল মালেক, বৰছলা পাৰিপাৰ্শ্বিক সমিতিৰ সভাপতি বাৰুল ইছলাম, খেৰনী চাপৰিৰ খাইৰুল ইছলাম বাদশা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰানজীৎ ডেকা, মমী বসুমতাৰী, বনকৰ্মী ৰাহুল লৈইং, হেমল দেউৰী, মনজীৎ ডেকা, মৌচুমী দাস,বিচিত্ৰা ৰায়, সোনবাহী ৰয়, ধ্ৰৱ ডেকা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক সমিতিৰ সভাপতি, সম্পাদক, গাঁও ৰক্ষী বাহিনীৰ সভাপতিকে ধৰি ফটাশিমুলু মধ্য ইংৰাজী বিদ্যালয়, বিশখুটি জাতীয় বিদ্যালয়, কেৰামত আলী মধ্য ইংৰাজী বিদ্যালয়, শংকৰদেৱ জাতীয় বিদ্যালয়,ভল্লৱ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়,ৰোয়েল একাডেমী কাছোম মাৰী বেছিমাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক,স্থানীয় প্ৰাকৃতিক প্ৰেমী শতাধিক ৰাইজ।
