ORANG NATIONAL PARK: ‘দৈনন্দিন বাৰ্তা’ৰ সাংবাদিক সঞ্জয় লাহাক ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ‘বন্যপ্ৰাণী সপ্তাহ’ উদযাপন অনুষ্ঠানত বিশেষ সম্বৰ্ধনা
‘দৈনন্দিন বাৰ্তা’ৰ সাংবাদিক সঞ্জয় লাহাক ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৭১ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন অনুষ্ঠানত বিশেষ সম্বৰ্ধনা
DD TIMES দৰং, ৮ অক্টোবৰঃ প্ৰায় ২৮০ বৰ্গ কিলোমিটাৰ সেউজীয়া ঘাহঁনী, আৰু গছ-গছনীৰে আৱৰা ২৬টা বাঘ, ১২৬টা গড় আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকতিৰে ভৰি থকা ৰৌম্যভূমি ওৰাং ৰাষ্ট্ৰীয় উদ্যান খনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে প্ৰতি বছৰে ২ অক্টোবৰৰ পৰা ৮ অক্টোবৰ লৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ৰাখি উদযাপন হৈছে ৭১ সংখ্যক বন্যপ্ৰাণী সপ্তাহ।

২ অক্টোবৰত অসমবাসীৰ হিয়াৰ আমঠু তথা হৃদয় স্পন্দন কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰে বন্যপ্ৰাণী সুৰক্ষা সপ্তাহ, সংৰক্ষণ আৰু সংবিধানৰ প্ৰতি জন সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্য আগত ৰাখি সাতদিনীয়া কাৰ্যসূচীত উদ্যানখনৰ গাতে লাগি থকা প্ৰতি দিনাই এখন এখনকৈ সাতখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বন্যপ্ৰাণীৰ সুৰক্ষা বিষয়ে বক্তৃতা, জীৱ-জন্তুৰ ছবি অঁকা, কুইজ আদি প্ৰতিযোগিতা আয়োজন কৰা হয়।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰেক্ষা গৃহত অনুষ্ঠিত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হয়। বিশিষ্ট সাংবাদিক ভাৰ্গৱ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰথমে উপস্থিত থকা বহু কেইজন মান্য গন্য ব্যক্তিয়ে বন্যপ্ৰাণী আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে বক্তৃতা প্ৰদান কৰে আৰু বিদ্যালয়ে বিদ্যালয়ে হৈ যোৱা বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে অৱশেষত ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই বনৰক্ষক আৰু সংৰক্ষণ কৰ্মী আৰু বিশেষ ভাৱে জড়িত থকা ব্যক্তিসকলক বিশেষ সন্মান প্ৰদান কৰে।
এই সন্মান প্ৰদানত ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সংবাদকৰ্মী সঞ্জয় লাহাৰ লগতে পশু চিকিৎসক ড° মফিদুল হক, ড° অমৰজ্যোতি বড়ো, WWFৰ জৈষ্ঠ ক্ষেত্ৰ বিষয়া সুনিত কুমাৰ দাস, অৰণ্যকৰ জৈষ্ঠ ক্ষেত্ৰ বিষয়া আৰিফ আহমেদ, বৰছলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰিয়ংকা বুঢ়াগোহাঁই,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী মলিন পাঠক, ৰাহুল লৈইঙ, দিপঙ্কৰ দাস, গাড়ী চালক ধনঞ্জয় পেগু, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক সমিতিৰ কৰ্মী আবুল কালাম, ৰঙাগড়া পাৰিপাৰ্শ্বিক সমিতিৰ সভাপতি হাৰুণ ৰছিদ, ১নং কছাৰী ভেটিটুপৰ জালাল উদ্দিন, খেৰনি চাপৰিৰ ছাদেক আলী, বগৰী বাড়ীৰ আহমদ আলী, ৰঙাগড়াৰ বাহাৰুল ইছলাম, নলবাৰী গাঁৱৰ হবিবুৰ ৰহমান আৰু গাওঁ ৰক্ষী বাহিনী খেৰনি চাপৰিৰ নিজাম উদ্দিন আৰু বগৰীবাড়ীৰ জালাল উদ্দিনক এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ হৈ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা।
উক্ত অনুষ্ঠানটোত উপস্থিত থাকে জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনবিষয়া ভাৰ্গৱ হাজৰিকা,বিশিষ্ট সাংবাদিক ভাৰ্গৱ কুমাৰ দাস,ময়ুখ গোস্বামী, আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ওৱাল্ড লাইফ ফটোগ্ৰাপাৰ নেজিব আহমেদ, WWFৰ জৈষ্ঠ ক্ষেত্ৰ বিষয়া সুনিত কুমাৰ দাস আৰণ্যকৰ জৈষ্ঠ ক্ষেত্ৰ বিষয়া আৰিফ হুছেইন, শিলবৰীৰ প্ৰকৃতি প্ৰেমী আব্দুল মালেক,বৰছলা পাৰিপাৰ্শ্বিক সমিতিৰ সভাপতি বাৰুল ইছলাম,খেৰনী চাপৰিৰ খাইৰুল ইছলাম,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক প্ৰানজীৎ ডেকা, মমী বসুমতাৰী, বনকৰ্মী ৰাহুল লৈইং, হেমল দেউৰী, মনজীৎ ডেকা, মৌচুমী দাস,বিচিত্ৰা ৰায়, সোনপাহী ৰয়, ধ্ৰৱ ডেকা, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক সমিতিৰ সভাপতি,সম্পাদক, গাঁও ৰক্ষী বাহিনীৰ সভাপতিকে ধৰি ফটাশিমুলু মধ্য ইংৰাজী বিদ্যালয়, বিশখুটি জাতীয় বিদ্যালয়, কেৰামত আলী মধ্য ইংৰাজী বিদ্যালয়,শংকৰদেৱ জাতীয় বিদ্যালয় শিলবৰী, ভল্লৱ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় কৌপাটি, ৰোয়েল একাডেমী কাছোম মাৰী, বেছিমাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক, স্থানীয় শতাধিক প্ৰকৃতি প্ৰেমী ৰাইজ।


অভিন্দন ।