OI AKHIL MOI BIMALE KOINSO: “ঐ অখিল,মই বিমলে কৈছোঁ।“
“ঐ অখিল,মই বিমলে কৈছোঁ।“
সহপাঠী তথা বিধায়ক অখিল গগৈলৈ মন্ত্ৰী বিমল বড়াৰ সামাজিক মাধ্যমযোগে দ্বিতীয়খন চিঠি

অসমৰ ৰাইজৰ এক অন্যতম ২৪ x ৭ সেৱক হিচাপে ৰাইজৰ হাজাৰটা অভাৱ অভিযোগ আৰু ৰাইজেই গটাই দিয়া দায়িত্বৰ (যাক চৰকাৰী কাম বুলিও ক’ব পাৰি) মাজত দিনটো সোমাই থাকোঁ। চৰকাৰত বহিবলৈ নাপালেও জনতাক সেৱা কৰা এক গুৰু দায়িত্ব তোৰো আছে নহয়জানো ? কাৰণ মোৰ দৰেই আন এক সমষ্টিৰ জনতা আৰু সেই অঞ্চলৰ উন্নতিৰ বাবে চিন্তা কৰাৰ সুযোগ তোকো বহু বিশ্বাসত ৰাইজে গটাইছিল।
শিৱসাগৰ ইতিহাসপ্ৰসিদ্ধ অঞ্চল। তদুপৰি ভাৰতৰ নৱৰত্ন কোম্পানীবোৰৰ মাজৰ এটা তাতেই। গতিকে সেই গৰিমামণ্ডিত অঞ্চলটোক তাৰ গৌৰৱোজ্জল অতীতৰ মৰ্যদা দি ভৱিষ্যতৰ বাটলৈ সঠিক দিশত আগবঢ়াই নিয়াটো তোৰ কান্ধত বৰ গধুৰ দায়িত্বই নহয়নে ? পাঁচটা বছৰ পাৰ হ’বৰ হ’ল। আশাকৰোঁ সেই দায়িত্ব তই ভালদৰেই পালন কৰি আহিলি।
মোতকৈ তইহে ৰাজ্যৰ মিডিয়াৰ বুকুৰ আপোন যেন বোধ হয়। বহু ব্যস্ততাৰ বাবে মই বৰকৈ সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ বিভিন্ন বাতৰিবোৰ অনুসৰণ কৰিবলৈ সময় নাপাওঁ। পিছে যেতিয়াই খোলোঁ তেতিয়াই তোৰ ফটো , ভিডিও আদিৰে বহু মুখৰোচক বাৰ্তাহে সঘনাই দেখিবলৈ পাওঁ। তোৰ আশে পাশে আমাৰ কৌটিকলীয়া চিনাকি মুখবোৰৰ পৰিবৰ্তে মুখত অসমীয়া নুফুটা, অসমীয়া সভ্যতা-সংস্কৃতিৰ ভূ-ভাৰস্ত গম নোপোৱা এদ’ম অচিনাকি মানুহ। তাত শিৱসাগৰ, যোৰহাট দেখা নাপাওঁ। তোক মৰমেৰে এক সেৱকৰ স্থান দিয়া মানুহখিনি এৰি যোৱা কেইবছৰ তই ক’ত ব্যস্ত থাকিলিগৈ বাৰু ? ৰাইজে কৈফিয়ৎ বিচৰা সময় আহি আছে দেই। সহপাঠী হিচাপে কৈ থলোঁ।
জগন্নাথ বৰুৱা মহাবিদ্যালয়ত একাদশ শ্ৰেণীত এডমিশ্যন লোৱাৰ আগলৈকে ৰাজ্যৰ আৰ্থসামাজিক আৰু ভৌগোলিক পৰিৱেশ কি ধৰণৰ আছিল তাৰ উম-ঘাম তই ল’ব নোৱাৰাটো অতি সহজে বোধগম্য। সাম্প্ৰতিক বিশ্বত “ফেইল্ড“ এক ৰাছিয়ান দৰ্শনৰ থিয়ৰী মগজুত সোমোৱাই নিজকে বাহ্যিকভাৱে“মাৰ্ক্সবাদী“ সজাই সহজ-সৰল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ব্ৰেইন ৱাশ্ব কৰি তেওঁলোকক এক “ইউটোপিয়ান” জগতলৈ আগবঢ়াই নিয়া কাম আৰম্ভ কৰিবলৈ সুযোগ পাইছিলি কলেজত আহিহে । “অসম আন্দোলন”ৰ আগ গুৰিৰ কথা কিবা গম পাইছিলিনে সেই সময়ত ? নোপোৱাটো স্ৱাভাৱিক। তই মাত্ৰ তোৰ নিজৰ ঘৰৰ পৰা ওলাই আহি কলেজত প্ৰথমবাৰৰ বাবে বাহিৰৰ সমাজ এখন দেখিছিলি। সকলো কমিউনিষ্ট নেতাই অসমীয়া হৈয়ো অসমৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনৰ দূৰ্ঘোৰ বিৰোধিতা কৰিছিল। কমিউনিষ্ট বুদ্ধিজিৱীয়েই মুছলমান বাংলাদেশীক অসমত থিতাপি দিবলৈ সেইসময়ৰ পৰাই কংগ্ৰেছক বৌদ্ধিক সমৰ্থন দি আহিছে। গতিকে এতিয়া তোৰ যি কংগ্ৰেছ দলক আওপকীয়াকৈ দিব খোজা সমৰ্থন সেয়া সেই পুৰণি কাহিনীৰে পুনৰাবৃত্তি বুলি ৰাইজে বুজি পাইছে। অসমীয়া জাতিটো আজিৰ দিনত ৰাজনৈতিকভাৱে ইমানেই সজাগ সেয়া তোৰ কল্পনাতীত।
নিজৰে বিষয়ে কৈ ফুৰিবলৈ ভাল পোৱা মানুহ মই নহওঁ। তথাপি তই বজাৰে হাটে মোৰ বিষয়ে যিবোৰ গাই-বাই আছ তাকেই মোৰ ফালৰ পৰা স্পষ্ট নকৰিলে ৰাইজে মোক বেয়া পাব। সেয়ে এতিয়া মোৰ কথা কওঁ শুন। তই মোৰ বিষয়ে বিশেষ একোৱেই নাজান। মাত্ৰ দুটা বছৰহে ওচৰতে লগ পাইছিলি।
দেউতা আৰক্ষী বিষয়া হোৱাৰ সুবাদতে অ-আ-ক-খ শিকিবলৈ লোৱাৰ পৰাই মোৰ অসমৰ ভিন ভিন অঞ্চলৰ মাটি-বতাহৰ সুবাস লৈ, ভিন ভিন সমাজ, জাতি-জনগোষ্ঠীৰ মানুহৰ সৈতে ডাঙৰ হোৱাৰ সৌভাগ্য হৈছিল। সৰুতেই প্ৰাক প্ৰাথমিক শিক্ষা গোৱালপাৰাত আৰম্ভ কৰি পৰ্যায়ক্ৰমে গৌৰীপুৰ,গুৱাহাটীৰ পাণবজাৰ প্ৰাথমিক বিদ্যালয় আৰু পাছলৈ নিজ গাওঁৰ প্ৰাথমিক বিদ্যালয়ত মোৰ প্ৰাথমিক শিক্ষা সামৰিছিলো। পঞ্চম শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীলৈ শদিয়া আৰু অষ্টম শ্ৰেণীত শ্ৰীবাংগোৰ উচ্চ মাধ্যমিক বিদ্যালয় হৈ শেষত বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। একাদশ শ্ৰেণীত প্ৰথমে নাম লগাইছিলো মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তাত এমাহ কাল অতিবাহিত কৰাৰ পাছতেই মোৰ আগমন জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ।
সেই সময়ছোৱাতে অসমখনৰ এক সম্যক ধাৰণা পাবলৈ সক্ষম হৈছিলো। নামনিৰ পৰা উজনিলৈ…। স্কুলীয়া সময়ছোৱাতে অবৈধ বাংলাদেশী মিঞাৰ আগ্ৰাসনৰ বিৰুদ্ধে কেনেকৈ অসমৰ খিলঞ্জীয়া, নৃ-গোষ্ঠীয় জাতি-জনজাতি একত্ৰিত হৈ নিজা পৰম্পৰা ,ৰীতি-নীতি, আধ্যাত্মিকতা, কৃষ্টি-সংস্কৃতি ভাষাকে ধৰি ভূমি অধিকাৰৰ প্ৰশ্নত অস্তিত্ব ৰক্ষাৰ আন্দোলনত জপিয়াই পৰিছিল সেয়া দেখিছিলো।
অসম আন্দোলনৰ জীৱন্ত ৰূপ মই কণমানি হৈ থাকোঁতে নিজৰ ঘৰতেই প্ৰত্যক্ষ কৰিছিলোঁ। আন্দোলনৰ বিভিন্ন দায়িত্বত জড়িত সদৌ অসম ছাত্ৰ সন্থাৰ তাহানিৰ অন্যতম বিষয়ববীয়া মণিমোহন কোঁচ মাঁৰ ভতিজাক হোৱাৰ বাবে তেখেতৰ সহযোগী ৰূপম কাকতি,দুলাল বৰা আদিকে প্ৰমুখ্য কৰি বহুজন আন্দোলনকাৰীৰ যোগাযোগৰ থলী হৈ পৰিছিল দেউতাৰ চৰকাৰী বাসভৱন অথবা আমাৰ গাঁৱৰ ঘৰখন। তেনে এক পৰিবেশত আন্দোলনৰ বহুতো কাহিনীয়ে সেই অতি কম বয়সতে মোৰ মনত দকৈ শিপাই গৈছিল।
তই যাৰ হাতত আমাৰ মৰমৰ অসমখন পুনৰ গটাবলৈ চেষ্টা কৰি আছ সেই কংগ্ৰেছৰেই নেতৃত্বত আৰক্ষী আৰু কেন্দ্ৰীয় পুলিচ বাহিনীৰ অসমৰ ডেকা গাভৰুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৱৰণী মনলৈ আহিলে আজিও মোৰ গাৰ নোম শিয়ৰি উঠে। মই পঞ্চম মানত পঢ়ি থাকোঁতেই মহন্ত গগৈ, বিকাশ চিৰিং, নৱ চিৰিং আদি শদিয়াৰ ছাত্ৰ নেতাই অনুষ্ঠিত কৰা কেইবাখনো সভাৰ লগতে জননেতা ললিত ৰাজখোৱাদেৱৰ জনসভাতো “মাইক“ৰ যোগান ধৰাৰ চলেৰে অংশগ্ৰহণ কৰাৰ সুযোগ লৈছিলো। সেই সময়ত হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে অসম আন্দোলনৰ প্ৰতিটো কাৰ্য্যসূচীতে বাধা প্ৰদান কৰিছিল। সভা সমিতি বিফল কৰাৰ উদ্দেশ্যেৰে মটৰ গাড়ীৰ চলাচল বন্ধ কৰি দিছিল। কিন্তু সেই জনসভা সমূহ সফল কৰাৰ প্ৰয়াসেৰে ৰিক্সাত উঠাই পুলিচৰ বেষ্টনীৰ পৰা লুকুৱাই জনসভালৈ মাইক কঢ়িয়াই নিয়া সেই মূহুৰ্তবোৰ মনত পৰিলে এতিয়াও মোৰ বুকু ফুলি উঠে। ৮৫৫ জন আন্দোলনকাৰীক হত্যা, হাজাৰ জনক পংগুত্বৰ জীৱন আকোৱালি লবলৈ বাধ্য কৰা, অসম আৰু অসমীয়াৰ প্ৰতি কৰা এই অত্যাচাৰ অৱহেলা দেখি তেতিয়াই মোৰ মনত কংগ্ৰেছৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাৱ সৃষ্টি হৈছিল। তই মোক লগ পোৱাৰ বহু আগতেই মই অসমীয়া জাতীয় সত্বাক বুকুত বান্ধি লৈ আই মাতৃৰ সেৱাৰ অৰ্থে নিজকে উচৰ্গা কৰাৰ পণ কৰি লৈছিলো। হয়তো তেতিয়া তই তামোলৰ ঢকুৱাত উঠি চোঁচৰা খেল অথবা বাটলু গুটিৰে কেৰ্কেটুৱা নিধনত ব্যস্ত আছিলি।
শিক্ষা সামৰাৰ পিছত আছুৰ সৈতে কিছুদিন সম্পৰ্ক আছিল আৰু তেতিয়া গঠন হোৱা ‘’অসম সেনা’’ৰ প্ৰতিষ্ঠাপক আহ্বায়ক(সংগঠন)ৰ দায়িত্ব দিছিল যদিও ইতিমধ্যে ব্যৱসায়ত মনোনিৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত সংগঠনৰ যাতে কোনো বদনাম হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সেই দায়িত্বৰ পৰা অব্যাহতি লৈছিলোঁ। গতিকে তই কোৱাৰ দৰে চান্দা তুলি জীৱন ধাৰণ কৰাটো নাছিলোৱেই বৰঞ্চ ইতিমধ্যে আৰম্ভ কৰা ব্যৱসায়ৰ অগ্ৰগতিত সন্তুষ্ট হৈ বেংকৰ তৰফৰ পৰা মোক কোটীটকীয়া Cash Credit হে আগবঢ়াইছিল। মই নিজৰ লগতে আন দুই – তিনি ডজন লোকৰ উপাৰ্জনৰ বাট মুকলি কৰাত সহায় কৰিছিলোঁ। আৰু তই ব্যস্ত হ’লিগৈ RTI কৰি আন ৰাজনৈতিক আৰু ব্যৱসায়ী ব্যক্তিক ব্লেকমেইল কৰি ধন ঘটাত। তোৰ ভুৱা ফাইলবোৰ, কাগজ পত্ৰবোৰ সময়ত নোহোৱা হ’ল। ঢিলা কাপোৰ আৰু চেণ্ডেলেৰে এচাম সহজ সৰল মানুহৰ আগত নিজৰ বাহ্যিক ৰূপ এটা বনাই লৈ নিজে নেতা হৈ বহিলি। সময়ে সময়ে নিজৰ ভিক্টিম কাৰ্ড খেলি কংগ্ৰেছৰ অনুগ্ৰহত শিৱসাগৰৰ বিধায়ক হ’লিগৈ। পিছে বিধায়ক হৈ কি কৰিব লাগে সেয়া বুজি নাপাই প্ৰতিদিনে নতুন নতুন নাটক চলাই গ’লি। এইফালে তই কোৱা “গাধা“ ল’ৰাটোৱে মাননীয় মুখ্যমন্ত্ৰীৰূপে ড° হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আজি গোটেই বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰীয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীৰ দৰে ব্যক্তিত্বৰ নেতৃত্বত অসমক সাংস্কৃতিক,বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰত আজি বহুদূৰ লৈ যাবলৈ সক্ষম হৈছে।
অসমৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প দেখি কংগ্ৰেছ দলৰ হিংসা দেখিছই। সেই বিষয়ত মাত মতাৰ সাহসকণো আজি তোৰ নাই চাচোন। বাকী বাংলাদেশী মিঞাক সুৰক্ষা দিয়াৰ তোৰ প্লেন ৰাইজেই প্ৰতিহত কৰিব। অসমৰ পৰবৰ্তী প্ৰজন্মৰ ভৱিষ্যত লৈ বিজেপি দলে কেতিয়াও খেলা নকৰে আৰু আনকো কৰিবলৈ নিদিয়ে। সেয়া জানি থ’বি।
তোৰ আৰু মোৰ “হিস্ট্ৰী”ৰ তুলনা নহয়। বৰ্তমান ৰাইজে দেখিছেই। ভৱিষ্যতত কি আছে কোনে জানে ?
ইয়াৰ পাছত আৰু তোক কিবা কোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবো।

