অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NSS: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এনএছএছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

Spread the love

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এনএছএছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

DD TIMES গুৱাহাটী, ৬ অক্টোবৰঃ গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ অধীনৰ বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ সক্ৰিয় স্বেচ্ছাসেৱক ডলী চৌধুৰী আৰু নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ এন এছ এছ কাৰ্যসূচী বিষয়া ড° ভূবন চন্দ্ৰ চুতীয়াক আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজলৈ আগবঢ়োৱা বিৰল অৱদানৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুই ‘মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বঁটা ২০২২-২৩’ প্ৰদান কৰে।

অনুষ্ঠানত দেশৰ মুঠ ৩০গৰাকী স্বেচ্ছাসেৱক আৰু ১০ জন কার্যসূচী বিষয়াক এই বঁটা প্ৰদান কৰা হয়। উত্তৰ পূব এনএছএছৰ আঞ্চলিক সঞ্চালকালয়, গুৱাহাটী বিশ্ববিদ্যালয় এনএছএছ কোষ আৰু ছাত্ৰ কল্যাণ সঞ্চালক তথা এনএছএছ কোষৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিৰ তত্বাৱধানত বিভিন্ন খণ্ডত তেওঁলোকে অসাধাৰণ সমাজ সেৱাৰ আগবঢ়াই আহিছে।

দুয়োজন বঁটাপ্ৰাপকে প্ৰতিষ্ঠানসমূহৰ লগতে সমাজত এন এছ এছৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰাত উল্লেযোগ্য ভূমিকা পালন কৰি আহিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে, ৰাজ্যখনৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে দুয়োজন বঁটাপ্ৰাপকক অভিনন্দন জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!