অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NORTHEAST: ৪ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ উত্তৰ-পূব সংহতি ৰেলী-২০২৬

Spread the love

৪ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ উত্তৰ-পূব সংহতি ৰেলী ২০২৬


DD TIMES গুৱাহাটী, ২০ অক্টোবৰঃ ছিকিম সহ উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য সামৰি অহা ৪ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ এমাহ জোৰা কাৰ্যসূচীৰে উত্তৰ-পূব সংহতি ৰেলী ২০২৬ (NEIR26) শীৰ্ষক এক দুচকীয়া আৰু চাৰিচকীয়া বাহন ৰেলীৰ আয়োজন কৰা হৈছে।

অলপতে মেঘালয়ৰ ৰি-ভৈ জিলাৰ মেবাই ৰিজ’ৰ্টত অনুষ্ঠিত হোৱা এক বিশেষ অনুষ্ঠানত এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সাংস্কৃতিক বন্ধন আৰু আঞ্চলিক সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী টিমথি শ্বিৰাই।

তেওঁ আনুষ্ঠানিকভাবে এই ৰেলী শুভাৰম্ভৰ কথা ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ বিধায়ক এ এল হেককে ধৰি অসম, মণিপুৰ আৰু মেঘালয়ৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে অঞ্চলটোৰ অন্যান্য প্ৰান্ত তথা দিল্লী আৰু কলকাতাৰ আয়োজক সমিতিৰ বিষয় ববিয়াসকল উপস্থিত থাকে।

এই পদক্ষেপে আন্তঃৰাজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ এক সুকীয়া তথা অনন্য পৰিচয় বিশ্বৰ অন্য প্ৰান্তত দাঙি ধৰাৰ বাবে কাম কৰিব।

এই ৰেলিৰ জৰিয়তে উল্লিখিত আঠখন ৰাজ্যৰ মাজত সহযোগিতা বৃদ্ধিৰ লগতে অঞ্চলটোৰ বৈচিত্ৰ্য, ঐতিহ্য আৰু সম্ভাৱনাক উজ্জ্বল কৰি তোলাৰ লক্ষ্য ৰখা হৈছে।

এই সমাৱেশে চৰকাৰী সংস্থা, শৈক্ষিক প্ৰতিষ্ঠান আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে অংশীদাৰিত্বৰে পৰ্যটন, সাংস্কৃতিক বিনিময় আৰু আঞ্চলিক উন্নয়নৰ পদক্ষেপক প্ৰসাৰিত কৰাৰ বাবেও এক মঞ্চ হিচাপে কাম কৰিব।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত এক বৈঠকত উত্তৰ পূব সংহতি ৰেলিৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বদ্বীপ গুপ্তাই কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক এই ৰেলী উদ্ধোধন কৰাৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাই তেওঁৰ অনুমতি আদায় কৰিছে।

এই প্ৰাৰম্ভিক শুভ উদ্ধোধনৰ জৰিয়তে উত্তৰ-পূবৰ সংহতি আৰু প্ৰগতিৰ এক উল্লেখযোগ্য দৃষ্টিভংগীৰ প্ৰতি প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সুৰ আৰু ৰূপৰেখা নিৰ্ধাৰণ হৈছে।

প্ৰসঙ্গত উত্তৰ পূব সংহতি ৰেলীৰ জনসংযোগ বিষয়া সঞ্জীৱ বৈশ্যই জনোৱা মতে কে আৰ চি ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা এই ৰেলীৰ যাত্ৰা পথত বিভিন্ন স্থানত বিভিন্ন বাৰে ৰহনীয়া অনুষ্ঠান সম্পন্ন হব, যিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায় আৰু সম্ভাৱনাক উদগনি দিযাৰ লগতে স্থানীয় সংস্কৃতি আৰু পৰ্যটন বিকাশত সহায়ক হব। “

এই ৰেলিত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন http/northeastintegrationrally.in ইতিমধ্যে মুকলি কৰা হৈছে বুলি লগতে তেওঁ মন্তব্য প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!