অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

North East Zone Youth Festival: উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জ্বল সাফল্য

Spread the love

উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ গৌৰৱোজ্জ্বল সাফল্য

DD TIMES গুৱাহাটী, ২০ ফেব্ৰুৱাৰীঃ ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰী, ২০২৬ লৈ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ তেপেচিয়া চৌহদত অনুষ্ঠিত হোৱা ৩৯ সংখ্যক আন্তঃ-বিশ্ববিদ্যালয় উত্তৰ-পূব মণ্ডল যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দলটোৱে ৰাজ্যখনৰ হৈ কেইবাটাও বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে।

দলটোৰ উল্লেখযোগ্য সাফল্যসমূহৰ ভিতৰত আছে কুইজ, লোক আৰু জনজাতীয় নৃত্য, একাংকিকা নাটক, সৃজনীমূলক নৃত্য, ভাৰতীয় যন্ত্ৰ সংগীত (non-percussion) আৰু ভাৰতীয় শাস্ত্ৰীয় কণ্ঠ সংগীতৰ একক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ।

যুৱ মহোৎসৱত কটন বিশ্ববিদ্যালয়ৰ দলটোৱে লাভ কৰা অন্যান্য বঁটাসমূহৰ ভিতৰত আছে হিন্দী তৰ্ক প্ৰতিযোগিতা আৰু দলীয় লোক বাদ্য প্ৰতিযোগীতা (folk orchestra) দ্বিতীয় স্থান; লগতে ভাৰতীয় লঘু কণ্ঠ সংগীত আৰু ইংৰাজী বক্তৃতা প্ৰতিযোগিতাত তৃতীয় স্থান।

তদুপৰি, উত্তৰ-পূবৰ সকলো অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত কটন বিশ্ববিদ্যালয়ে নৃত্য শাখাত শ্ৰেষ্ঠ দল, সাহিত্য শাখাত ৰানাৰ্ছ-আপ আৰু সংগীত শাখাত দ্বিতীয় ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰে।


বিশ্ববিদ্যালয়খনৰ এই সাফল্যৰ বিষয়ে মন্তব্য কৰি সন্মানীয় উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয় যে, ‘মই সমগ্ৰ দলটোক আৰু এই মহোৎসৱত অংশগ্ৰহণ কৰি যুৱ শক্তিৰ উদ্দীপনা, সৃজনশীলতা আৰু সাংস্কৃতিক সম্প্ৰীতি প্ৰদৰ্শন কৰা সকলো বিশ্ববিদ্যালয়ক শুভেচ্ছা জনাইছো।’

উত্তৰ-পূব ভাৰতৰ ২০ খনতকৈও অধিক বিশ্ববিদ্যালয়ে এই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল। দিল্লীৰ এছ’চিয়েচন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (AIU)-ৰ সহযোগত এই যুৱ মহোৎসৱ আয়োজন কৰা হৈছিল। কটন বিশ্ববিদ্যালয়ে অহা ১০ মাৰ্চৰ পৰা ১৪ মাৰ্চ, ২০২৬ ত তামিলনাডুৰ চেন্নাইস্থিত সত্যভামা ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজীত অনুষ্ঠিত হ’বলগীয়া ৩৯ সংখ্যক আন্তঃ-বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত (UNIFEST) সমগ্ৰ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

কটন বিশ্ববিদ্যালয়ৰ এই দলটোত শিক্ষাৰ্থী, অধ্যাপক আৰু সহযোগী শিল্পীসহ মুঠ ৬০ গৰাকী সদস্য আছিল। গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ ড° এম. হাজৰিকা আৰু ভূগোল বিভাগৰ ড° বিকাশ জ্যোতি গৌতমৰ নেতৃত্বত দলটোৱে এই মহোৎসৱত অংশগ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!