NHM: মুখ্যমন্ত্ৰীক পাঁচদিনৰ সময় দি এনএইচএম বিষয়া-কৰ্মচাৰীয়ে নকৰে পাঁচদিনলৈ প্ৰতিবাদ
এনএইচএম কৰ্মচাৰীৰ পাঁচদিনৰ বাবে প্ৰতিবাদ স্তব্ধ, মুখ্যমন্ত্ৰীক দিলে পাঁচদিনৰ সময়সীমা

DD TIMES তেজপুৰ, ১৩ নৱেম্বৰঃ সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এনএইচএমৰ বিষয়া-কৰ্মচাৰীসকলে বুধবাৰৰ পৰা মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰতিবাদী কাৰ্যসূচী স্তব্ধ কৰিলে।

বুধবাৰে শোণিতপুৰৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভাপতি এইচ এম হাশানোজজমান আৰু হৰেন গগৈয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্থাৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে তেওঁলোকে অহা পাঁচ দিনৰ অৰ্থাৎ ২০ নৱেম্বৰৰ ভিতৰত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগত সন্থাই আলোচনা হোৱাৰ আশা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাপে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে গুৰুত্বপূৰ্ণ সাৰ্বজনীন ভূমিকা গ্ৰহণ কৰি আহিছে।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ঘোষিত বিভিন্ন স্বাস্থ্য আঁচনিৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণত বৰেণ্য অৱদান আগবঢ়াই অহা এই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ উৎস্বৰ্গিত সেৱাৰ বিপৰীতে যথাযোগ্য মৰ্য্যাদা প্ৰদানত ৰাজ্যজুৰি ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল।
সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা (এনএইচএম) আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত এনএইচএমৰ বিষয়া-কৰ্মচাৰীসকলে বিশেষকৈ ৰাজ্যখনৰ কৰ্মচাৰীসকলক পে’ স্কেলৰ জৰিয়তে বেতন সুৰক্ষা প্ৰদান কৰি যুগ যুগ ধৰি নিয়মীয়া সেৱা আগবঢ়াই অহা বিষয়া কৰ্মচাৰীসকলক সম কামৰ সম বেতন প্ৰদান কৰা, এনএইচএমৰ কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত প্ৰত্যক্ষভাৱে নিযুক্তিৰ ব্যৱস্থা কৰা, সামাজিক সুৰক্ষা আইনৰ অধীনত কৰ্মচাৰীসকলক ইপিএফৰ ব্যৱস্থা গ্ৰহণ কৰা আদি ৫টা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰিছিল।

