New Terminal of LGB International Airport: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ ধ্বজাবাহক আৰু ৰূপকাৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ ধ্বজাবাহক আৰু ৰূপকাৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰাৰ সময়ত গণ্য-মান্য ব্যক্তিসকলৰ সৈতে সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে

DD TIMES গুৱাহাটী, ২০ ডিচেম্বৰ ২০২৫ঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ ঐতিহাসিক ক্ষণত উল্লেখ কৰে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতিৰ ধ্বজাবাহক আৰু ৰূপকাৰ। ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত অসমৰ লগতে সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দৃশ্যপট দ্ৰুতগতিত সলনি হৈছে। যি অসম তথা উত্তৰ-পূৰ্বাঞ্চল এসময়ত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অৱহেলিত আৰু অনাদৃত হৈ আছিল, সেই সমগ্ৰ অঞ্চল এতিয়া ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ অন্যতম চালিকাশক্তি হিচাপে পৰিগণিত হৈছে।

উত্তৰ-পূৰ্বাঞ্চল দেশৰ অষ্টলক্ষ্মী হিচাপে, নতুন ভাৰতৰ নতুন ইঞ্জিন হিচাপে উজলি উঠিছে। অসমলৈ বিকাশ, সমৃদ্ধি, প্ৰগতি আৰু শান্তিৰ জোৱাৰ কঢ়িয়াই অনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি অসমবাসী কৃতজ্ঞ হৈ ৰ’ব।

নতুন টার্মিনেলটো উদ্বোধন কৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিমান পৰিবহণৰ ক্ষেত্ৰত অসমত নতুন দিগন্তৰ সূচনা হৈছে। মোদী ডাঙৰীয়াই প্ৰায়ে ‘পৰিবহণৰ জৰিয়তে পৰিৱৰ্তন’ৰ কথা উল্লেখ কৰি আহিছে। সমৃদ্ধি আৰু প্ৰগতিৰ অনিৰুদ্ধ যাত্ৰাত এক মাইলৰ খুঁটি হ’ব- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰা গুৱাহাটীৰ ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন।

ষাঠি বছৰৰো অধিক সময় ধৰি অসমৰ প্ৰধান বিমানবন্দৰটো সীমিত ক্ষমতাৰে কাৰ্যক্ষম হৈ আছিল। ইফালে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গুৱাহাটীৰ ভূমিকা বৃদ্ধি পোৱাৰ ফলত এই নতুন টাৰ্মিনেলৰ নিৰ্মাণে সংযোগ তথা যাতায়াত ব্যৱস্থাত অসমৰ স্থিতি অধিক সুদৃঢ় কৰিব।

১.৪০ লাখ বৰ্গমিটাৰজুৰি বিস্তৃত- পূৰ্বৰ টাৰ্মিনেলতকৈ প্ৰায় সাতগুণ বৃহৎ এই নতুন টাৰ্মিনেলৰ সুবিধাই বাৰ্ষিক যাত্ৰী পৰিচালনা ক্ষমতা ৩.৪ মিলিয়নৰ পৰা ১৩ মিলিয়নৰো অধিকলৈ বৃদ্ধি কৰিব। প্ৰায় ৪,০০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত এই নতুন টাৰ্মিনেলে গুৱাহাটীক বিশ্বমানৰ বিমান সেৱাৰ সৈতে সংযোজিত কৰিছে।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আজি উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কে আৰ মোহন নাইডু, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

“আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে। আধুনিক অসমৰ খনিকৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দূৰদৰ্শিতা, সাহস আৰু বলিষ্ঠ ভূমিকাৰ বাবেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জটিল সন্ধিক্ষণত অসমৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত হোৱাৰ লগতে দেশৰ একতা আৰু অখণ্ডতা সুদৃঢ় হৈছিল।

যিগৰাকী মহান নেতাই অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰিছিল, সেইগৰাকী লোকপ্ৰিয় গোপীনাথ বৰদলৈ এতিয়া ভাৰতৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখত শক্তিশালী প্ৰতীক হৈ থিয় হৈ আছে। ৰাষ্ট্ৰীয় ঐক্য, অখণ্ডতা আৰু বিকাশৰ প্ৰতি তেখেতৰ অনুকৰণীয় সেৱাই এখন শক্তিশালী আৰু বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব।”

