আধুনিক অসমীয়া সংগীত জগতত নতুন সংযোজন ‘সেউজীয়া গান’
DD TIMES: প্ৰায় ১০০ বছৰীয়া আধুনিক অসমীয়া সংগীত জগতত প্ৰেম-বিৰহ,প্ৰকৃতি-প্ৰেম, আধ্যাত্মিক, দেশপ্ৰেম, বৈপ্লৱিক, সামাজিক আদি অনেক বিষয়ক কেন্দ্ৰ কৰি অলেখ গানৰ সৃষ্টি হৈছে যদিও প্ৰকৃতি-সজাগতা সম্পৰ্কীয় গীত অতি দুৰ্লভ । প্ৰকৃতি সজাগতাৰ সাম্প্ৰতিক মানৱ সমাজৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেইকথা সকলোৰে অনুমেয় । এনে অতি গুৰুত্বপূৰ্ণ বিষয় এটিকে সাৰ হিচাপে লৈ অসমীয়া সংগীত জগতত নতুনকৈ সংযোজন ঘটিছে সেউজীয়া গান শীৰ্ষক এটি গীতৰ । গীতৰ কথা সঞ্জীৱ সাগৰ চৌধুৰীৰ । গীতটিত কন্ঠ আৰু সুৰ আৰোপ কৰিছে ৰাজ জ্যোতি কোঁৱৰে । সহযোগী শিল্পী হিচাপে কণ্ঠ দান কৰিছে শিল্পী কুমাৰ কিশোৰে । গীতটিৰ সংগীত ব্যৱস্থাপনা চন্দন মহন্তৰ । গীতটিৰ বিভিন্ন কাৰিকৰী আৰু ব্যৱস্থানাত ৰাজজ্যোতি কোঁৱৰ, মুকুল বৰা, নিৰূপম বৰা,নিলোৎপল আৰু মাইনাই সহযোগিতা আগবঢ়াইছে । উল্লেখ্য যে সামাজিক মাধ্যম ইউটিউব যোগে প্ৰচাৰ হোৱা গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে ।
