অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

New Books Hidimba: ড° মনিকা শইকীয়াৰ সৰল অনুবাদত প্ৰাণৱন্ত হৈ উঠিছে নৰেন্দ্ৰ কোহলিৰ ‘হিড়িম্বা’

Spread the love

ড° মনিকা শইকীয়াৰ সৰল অনুবাদত প্ৰাণৱন্ত হৈ উঠিছে নৰেন্দ্ৰ কোহলিৰ ‘হিড়িম্বা’। লগতে হিড়িম্বাৰ কাংক্ষিত পুৰুষ ভীম। ভীমে মাথো দায়িত্ব পালন কৰিছিল মানৱতা আৰু সততাৰ।

ভীমৰ নিজা দৰ্শন আছিল, স্পষ্টতা আছিল। সৰ্বদা মুষ্ঠিবদ্ধ ভীম আছিল দুৰ্জেয়। বুকুত নাছিল কোনো প্ৰেমাকাংক্ষা।

বীৰ ভীমৰ দায়িত্ব আছিল বনবাসী মাতৃ আৰু ভাতৃৰ সুৰক্ষা। সেই দুৰ্জেয় পুৰুষ ভীমৰ হৃদয়ৰ লৌহ কপাটত কাৰাঘাট কৰিছিল হিড়িম্ব বনৰ ৰাক্ষসী হিড়িম্বাই।

নৰভক্ষী হিড়িম্বা। নৰ মাংস আৰু নৰ ৰক্ত পিপাসু হিড়িম্বা চমকি উঠিছিল ভীমক দেখি।

ক’ৰবাৰ পৰা উফৰি অহা এচমকা অনুৰাগে কপাই গৈছিল হিড়িম্বাক। পুৰুষৰ শৰীৰৰো আছে এক সুকীয়া অন্তৰ্লীণ আকৰ্ষণ।

এই পুৰুষক কেচাই খোৱাৰ পৰিৱৰ্তে এবাৰ যদি আঁকোৱালি লৈ পিষ্ট হ’ব পৰা হ’ললৈ তেওঁৰ শৰীৰৰ নিৰ্মম হেচাঁত ! কাম আবেশে মুদ খুৱাই আনে হিড়িম্বাৰ দুই চক্ষু।

হিড়িম্বাক লাগে ভীমৰ পেশীবহুল মাংসল শৰীৰটো। হিড়িম্বা উত্ৰাৱল হয়। হিড়িম্বাই নুবুজে একো। প্ৰেম ভিক্ষাৰ পাত্ৰ লৈ দুভৰিত উবুৰি খাই পৰে ভীমৰ। আচল পাতে কুন্তীৰ সন্মুখত।

এফালে সংস্কাৰিত আৰ্যপুত্ৰ ভীম, তেওঁৰ ভাতৃসকল আৰু মাতৃ কুন্তী আৰু এফালে হিড়িম্বা। অবিবাহিত জেষ্ঠ্য ভাতৃক চেৰাই ভীমে কিদৰে আদৰিব হিড়িম্বাক !

ৰাজপুত্ৰ যুধিষ্ঠিৰ প্ৰমুখ্যে আন ভাতৃসকলে বনৰ মাজত অনাড়ম্বৰভাবে কিদৰে আদৰিব ভাতৃবধুক !! লগতে সুৰক্ষাৰ দিশটো আছেই।

বনৰ মাজত সাধাৰণ বনবাসী হৈ আত্মগোপন কৰি থকা জটিলতাৰ মাজত হিড়িম্বাক কিদৰে সাঙুৰি ল’ব কুন্তীয়ে ! আনহাতে হিড়িম্বা। বনৰ ৰাক্ষসকন্যা হিড়িম্বাক মাথো লাগে ভীমৰ প্ৰেমাস্পৰ্শ।

বনকন্যাই নুবুজে কোনো তথাকথিত নৈতিকতাৰ কথা, সামাজিক ৰীতি-নীতিৰ কথা। নাৰীৰ জীৱনত পুৰুষৰ প্ৰতি সচা অনুৰাগ হেনো এবাৰেই আহে। কাংক্ষিত পুৰুষকে যদি সামৰি ল’ব পৰা নাযায় তেন্তে সেই জীৱন বৃথা। হিড়িম্বা নাচোৰবান্দা।

কাহিনী আগবাঢ়ে। কাহিনীৰ লগত জড়িত হৈ আগবাঢ়ে অলেখ চৰিত্ৰ, অলেখ উপকাহিনী। প্ৰেম, দৰ্শন, বাদ-বিবাদ, ৰাজনীতি-সমাজনীতি একাকাৰ হৈ ৰসঘন হৈ পৰে ‘হিড়িম্বা’।

পাঠকে কহুঁৱাৰ দৰে কোমল এটা প্ৰেমময়, হাস্যমধুৰ অথচ বিষাদপূৰ্ণ কাহিনীৰ আমেজ পাব ‘হিড়িম্বা’ৰ পৃষ্ঠাত।

অনুবাদক ড° মনিকা শইকীয়ালৈ থাকিল আন্তৰিক কৃতজ্ঞতা।

ৰূপজ্যোতি দেৱনাথ
জাগৰণ সাহিত্য প্ৰকাশন

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!