MISCELLANEOUS

NEW BOOKS: শৰ্মিষ্ঠা প্ৰীতমৰ ‘নীল সাগৰৰ শংখধ্বনি’ নৱপ্ৰজন্মৰ প্ৰতিনিধিৰ হাতত অৰ্পণ

Spread the love

শৰ্মিষ্ঠা প্ৰীতমৰ ‘নীল সাগৰৰ শংখধ্বনি’ নৱপ্ৰজন্মৰ প্ৰতিনিধিৰ হাতত অৰ্পণ

ভালপোৱাৰ পোহৰেই মানুহক মানুহ হৈ থাকিবলৈ শিকায়ঃ শৰ্মিষ্ঠা প্ৰীতম

DD TIMES নগাঁও, ১০ নৱেম্বৰঃ যুৱ প্ৰজন্মৰ শক্তিশালী সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতমৰ ‘নীল সাগৰৰ শংখধ্বনি’ নামৰ গ্ৰন্থখন দেওবাৰে নগাঁও বিশ্ববিদ্যালয়ৰ যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰি নৱপ্ৰজন্মৰ ১২জন প্ৰতিনিধিৰ হাতত অৰ্পণ কৰে।

অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় কণ্ঠশিল্পী,সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে যোৰহাট মালৌপথাৰ সর্বোদয় মহাবিদ্যলয়ৰ সহকাৰী অধ্যাপিকা নয়ণজ্যোতি ভূঞাই।

সভাত গ্ৰন্থখনৰ লেখিকা শৰ্মিষ্ঠা প্ৰীতমে ভাষন দি সৃষ্টিৰ আঁৰৰ কথা বাখ্যা কৰে। ভাষন প্ৰসংগত তেওঁ কয় যে-“নীল সাগৰৰ শংখধ্ববনি” মোৰ এটা কঠিন যাত্ৰাৰ মূূৰত ভুমুকি মৰা পোহৰ।

এই পোহৰখিনি নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ হাতেৰে মুকলি কৰিবলৈ পাই মই আহ্লাদিত আৰু কৃতজ্ঞ। এইটো কেৱল এটা কাহিনী নহয়, এয়া মোৰ পুনৰজন্ম।

হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে এই কাহিনীটোৱে এক বিৰল নক্ষত্ৰৰ পোহৰক প্ৰায় তিনিশ পৃষ্ঠাৰ পৃথিৱীত সামৰি থ’ব খুজিছে। মই সকলোকে ক’ব খোজোঁ, ভালপোৱা কেৱল আৱেগ নহয়,ই এক প্ৰতিধ্বনি — শংখৰ সুৰৰ দৰে গভীৰ আৰু বলিষ্ঠ।

ভালপোৱাৰ পোহৰেই মানুহক মানুহ হৈ থাকিবলৈ শিকায়। সময় যেনেকুৱাই নহওক আমি নিজৰ অস্তিত্বক পুনৰ্নিৰ্মাণ কৰি যাবই লাগিব। এই কিতাখনো মোৰ অস্তিত্বৰ পুনৰ্নিৰ্মাণ।

অনুষ্ঠানত নৱপ্ৰজন্মৰ যিকেইজন প্ৰতিনিধিৰ হাতত গ্ৰন্থখন অৰ্পণ কৰা হৈছে তেওঁলোক হৈছে কটন বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র অন্তৰীপ কাকতি, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আকাংক্ষা তামুলী,সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ দুবছৰ শ্রেষ্ঠ প্রতিযোগী জয়শ্ৰী নেওগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী ডিম্পল হাজৰিকা, কটন বিশ্ববিদ্যালয়ৰ আলোচনীৰ সম্পাদক তুহিনকন্যা বৰা, বিশ্বনাথ মহাবিদ্যালয় বর্তমান স্নাতকোত্তৰ চতুৰ্থ যাণ্মাসিক অসমীয়া বিভাগত অধ্যয়নৰত তাপ্তী দুতি বৰা, অসম অভিযান্ত্রিক মহাবিদ্যালয় অসামৰিক অভিযান্ত্রিক বিভাগ পঞ্চম যান্মাষিকৰ ছাত্ৰী দীক্ষিতা মেধি,দৰং মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্রতিযোগী নিকিতা গোস্বামী, কলিয়াবৰ মহাবিদ্যালয়ৰ ৩ বাৰ শ্ৰেষ্ঠ সাহিত্যিক বিউটী হাজৰিকা, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ২ বাৰ শ্ৰেষ্ঠ সাহিত্যিক বিকাশ শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক সম্মান প্রাপক সংকল্পজিৎ শইকীয়া তৰুণ লেখক তথা ক্রমাগত দুবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্যিক সম্মান প্রাপক হর্ষজিৎ কলিতাই।

গ্ৰন্থখন উন্মোচন কৰি আটাইকেইজন উন্মোচকে শৰ্মিষ্ঠা প্ৰীতমৰ দৰে যুৱ প্ৰজন্মৰ অনুপ্ৰেৰণাৰ উৎস এগৰাকী লেখিকাৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই ধন্য হোৱা বুলি উল্লেখ কৰে অনুষ্ঠানটোৰ আত ধৰে আলিবাট প্ৰকাশণ গোষ্ঠীৰ স্বতাধিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই।

উল্লেখযোগ্য যে গ্ৰন্থ উন্মোচনৰ বিপৰীতে নৱপ্ৰজন্মৰ হাতত গ্ৰন্থ অৰ্পণৰ এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!