NEW BOOKS: প্ৰাক্তন বিধায়ক হিৰণ্য বৰা আৰু প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ গ্ৰন্থ উন্মোচন
গুৱাহাটী প্ৰেছ ক্লাবত প্ৰাক্তন বিধায়ক হিৰণ্য বৰা আৰু প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ গ্ৰন্থ উন্মোচন

DD TIMES গুৱাহাটী, ৩ জানুৱাৰীঃ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে স্বনামধন্য দুগৰাকী লেখক ক্ৰমে প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰাৰ দুখন তথা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ এখন, মুঠ তিনিখন গ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰা তিনিওখন গ্ৰন্থ প্ৰকাশ কৰিছে বাদ্য প্ৰবাহ ফাউণ্ডেছনে।

শনিবাৰে দিনৰ ১১ বজাত আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত প্ৰথমে উন্মোচন কৰা হয় প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰাৰ আমি অসমীয়া আমি ভাৰতীয় শীৰ্ষক গ্ৰন্থ খন।গ্ৰন্থখন উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড ° অৰূপজ্যোতি চৌধুৰীয়ে।
গ্ৰন্থখন উন্মোচন কৰি ড° চৌধুৰীয়ে ৮৫ বছৰ বয়সতো কলম স্তব্ধ হবলৈ নিদিয়া বাবে লেখক হিৰণ্য বৰাৰ শলাগ লয়। আমি অসমীয়া আমি ভাৰতীয় গ্ৰন্থ খনত অসম তথা ভাৰতৰ জনগাঁঠনিৰ নৃত্বাত্বিক বিশ্লেষণ সুন্দৰভাবে দাঙি ধৰা হৈছে। ঢেকিয়াজুলিৰ পৰা তিনিবাৰৰ বাবে নিৰ্বাচিত বিধায়ক হিৰণ্য বৰাৰ “ স্বাধীনতা আন্দোলনত অসম আৰু তেজে ধোৱা ঢেকিয়াজুলি গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰাজেন শইকীয়াই। তেওঁ ভাষণ প্ৰসংগত স্বাধীনতা সংগ্ৰামৰ সময়ত ঢেকিয়াজুলিৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।
“ স্বাধীনতা আন্দোলনত অসম আৰু তেজে ধোৱা ঢেকিয়াজুলি গ্ৰন্থখনত ঢেকিয়াজুলিয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত কৰা ত্যাগৰ বিষয়ে নৱ প্ৰজন্মক জনাব পৰাকৈ নানান তথ্য সংযোজন কৰা হৈছে। আনহাতে উক্ত অনুষ্ঠানতে প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ বিধানসভাৰ মজিয়াত বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মাই। ড° শৰ্মাই দুয়োগৰাকী সাংস্কৃতিক কৰ্মীৰ অদম্য ৰাজনৈতিক পৰিক্ৰমাক সুন্দৰৰূপত গ্ৰন্থখনত ফুটাই তোলা বাবে গ্ৰন্থকাৰ নীলমণি সেন ডেকাক প্ৰশংসা কৰে।
বাদ্য প্ৰবাহ ফাউণ্ডেছনৰ হৈ প্ৰেৰণা ভূঞাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় প্রাক্তন প্রশাসনিক বিষয়া স্বপ্ননীল বৰুৱাই।
একেদৰে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়ায় লোকনাথ গোস্বামীয়ে। দুয়োগৰাকী বক্তাই প্ৰাক্তন বিধায়ক হিৰণ্য বৰাৰ সৈতে থকা তেওঁলোকৰ অতি পুৰণি সম্পৰ্কৰ কথা স্মৰণ কৰে।
অনুষ্ঠানত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱা আৰু লেখক ৰাজকুমাৰ বৰ্মণেও দুআষাৰ কয়।
অনুষ্ঠানৰ সামৰণিত লেখকদ্বয় ক্ৰমে প্ৰাক্তন বিধায়ক তথা ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰা আৰু প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই গ্ৰন্থকেইখন ৰচনা কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ কথা সাৱলীলভাবে দাঙি ধৰে।

