NEW BOOKS: পুৰুলিল প্ৰকাশনৰ নিবেদন কবি বিতোপন দত্তৰ ‘নাচি উঠক বসন্ত সময়’
পুৰুলিল প্ৰকাশনৰ নিবেদন কবি বিতোপন দত্তৰ ‘নাচি উঠক বসন্ত সময়’

DD TIMESত গ্ৰন্থ আলোচনা আগবঢ়াইছে দৰ্শনা বৰুৱাই
শীতৰ কুঁৱলীসনা সন্ধিয়া এটিত হাতত পৰিল এখন কিতাপ৷কিতাপ মানে কবিতাৰ সংকলন৷
এসময়ত সাংবাদিকতাৰ জগতখনত এগৰাকী সক্ৰিয় সাংবাদিক হিচাপে জড়িত হৈ আছিল এইগৰাকী কবি৷নাম বিতোপন দত্ত৷
বৰ্তমান শিক্ষকতাৰ লগত জড়িত কবিগৰাকীৰ প্ৰথমখন কাব্যসংকলনে আমাক দিলে বসন্তৰ বতৰা৷
‘নাচি উঠক বসন্ত সময়’শীৰ্ষক কাব্যসংকলনখনৰ প্ৰকাশৰে অসমৰ প্ৰকাশন জগতখনত নতুনকৈ সংযোজিত হ’ল প্ৰকাশন সংস্থা এটিৰ৷
হয় আমি উল্লেখ কৰিব বিচাৰিছোঁ পুৰুলিল প্ৰকাশনৰ কথা৷
পুৰুলিল প্ৰকাশনৰ জনমদাতা হ’ল দীৰ্ঘদিনৰে পৰা লেখা আৰু সাংবাদিকতাৰ মাজত জীৱনৰ বহুযোজন বাট আগুৱাই অহা কবি লেখক ডিম্পুল চুতীয়া৷
ভাল লগা কথা যে কবি বিতোপন দত্ত আৰু প্ৰকাশক হিচাপে আত্মপ্ৰকাশ কৰা ডিম্পুল চুতীয়া দুয়োগৰাকীয়ে যথেষ্ট অধ্যয়ন কৰে৷দুয়োগৰাকীয়ে সাংবাদিকতাৰ ক্ষেত্ৰখনতো বহু সুন্দৰ সময় কটাবলৈ সুযোগ পাইছে৷
তাৰেই পৰিণতিত পুৰুলিল প্ৰকাশনৰ নিবেদন ”নাচি উঠক বসন্ত সময়”ৰ আমাৰ পঢ়ামেজত এতিয়া সজীৱ উপস্থিতি৷
৩০ডিচেম্বৰৰ সন্ধিয়াত কাব্যসংকলনখনৰ শুভ উন্মোচন হয় অসম গ্ৰন্থমেলাৰ বাকৰিত৷
কবি হিচাপে বিতোপন দত্ত পুৰণি৷তেওঁ নতুনকৈ আত্মপ্ৰকাশ কৰা কবি নহয়৷
বহুবছৰ ধৰি কাব্যচৰ্চা কৰি আহিছে যদিও কবিতা লিখিবলৈ আৰম্ভ কৰা সুদীৰ্ঘ ২৫টা বছৰৰ পাছতহে বিতোপন দত্তই নিজৰ কাব্যসংকলনখন প্ৰকাশৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিলে৷
এয়া তেওঁৰ কাব্যচৰ্চাৰ নিৰন্তৰ অনুশীলনৰ আন এক ৰূপ বুলিয়েই ক’ব পাৰি৷
এগৰাকী বাতৰি পৰিৱেশক হিচাপেও পৰিচিত বিতোপন দত্তই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণীৰ অনুষ্ঠানত স্বৰচিত কবিতা পাঠৰ অভিজ্ঞতাৰে পৰিপুষ্ট৷
কাব্যসংকলখন হাতত পৰা মাত্ৰকে বিচাৰি উলিয়াইছিলোঁ গ্ৰন্থখনৰ শিৰোনাম হিচাপে লোৱা কবিতাটো৷
নাচি উঠক বসন্ত সময়৷
কবিয়ে লিখিছে-
“চিকুণ সময়ৰ ফেহুজালি ফালি/
ফুলি উঠা সোঁৱৰণিৰ বেলিফুল জোপাৰ দৰে/
ৰ’দঘাই আকাশৰ তীব্ৰতা/”
শীতৰ হাড়কপোৱা এই সময়ত ৰ’দঘাই আকাশৰ তীব্ৰতা ব্যঞ্জনাটিয়ে আমাক দিছে আশাৰ বতৰা৷
কবিয়ে পুনৰ লিখিছে-
”জ্বলি থকা জুইকুৰা ভাহিঁ থকা শোকৰ বন্যা সামৰি/
আহা এটি দীঘলীয়া সুহুৰি বজাওঁ/
জাগি থকা ৰাতিটোৰ অনিদ্ৰা পাহৰি/
দেখি থকা নীতি-অনীতিৰ হিচাব সামৰি/
নাচি উঠক বসন্ত সময়/
৪৯ টি কবিতা সন্নিৱিষ্ট কাব্য সংকলনখনৰ বহুকেইটা কবিতা পঢ়ি কবিৰ মানবীয়তাৰ লগত পৰিচয় হ’ব পাৰি৷
”সোঁতত উটি অহা মানুহৰ সপক্ষে এটা কবিতা” তেনে এক সৃষ্টি৷’মৃত মানুহৰ খবৰ’ কবিতাটিত উপস্থাপন কৰা ৰুঢ় বাস্তৱৰ অপ্ৰিয় সত্যই পাঠকৰ মনগহনত চিন্তাৰ বুৰবুৰণি জগাবলৈ সক্ষম হৈছে৷
কবিয়ে লিখিছে-
“মৃত মানুহবোৰে অধিকাৰ
বিচাৰি /
ধৰ্ণা নিদিয়ে,বিদ্যুত যোগানৰ দাবীত অনশনত নবহে/
মৃত মানুহবোৰ মৰি মৰিও জীয়াই থাকে৷”
স্মৃতিকাতৰ কবিয়ে মাতৃ বন্দনাৰে লিখিছে ‘আই’ শীৰ্ষক কবিতা৷স্মৃতিৰ পৰশ,বুকুৰ নিভৃত একোণৰ পৰা কৃতজ্ঞতাত নিগৰি অহা শব্দচয়নৰে পৰিপূৰ্ণ কবিতাটি ভাল লগা৷ কবিৰ ‘দেউতা’ কবিতাটিকো একে শাৰীতে থ’ব পাৰি৷
সেইদৰে যান্ত্ৰিক যুগৰ এচাম অমানুহৰ প্ৰতি তীৰ্যক বক্ৰোক্তিৰে কবিয়ে লিখিছে ”সপোন এটা বেচিব খোজো মই” কবিতাটি৷
কবিতাত সমাজ বাস্তৱৰ প্ৰতিফলন ঘটে৷
কম কথাত বহু কথা কৈ দিয়াটো,বুজাই দিয়াটো কবিতাৰ অন্যতম বৈশিষ্ট্য৷বেছি জটিল শব্দৰ প্ৰয়োগ কৰিলেই মহৎ কবিতাৰ সৃষ্টি নহ’বও পাৰে৷
কবিতা এটি পঢ়ি পাঠকে বুজা নুবুজাৰ দোমোজাত ৰৈ ৰস আস্বাদন কৰিব পৰাটোতেই কবিৰ সৃষ্টিৰ সাৰ্থকতা৷
কবিতাৰ কোনো ধৰা বন্ধা সংজ্ঞা নাই৷গতিকে প্ৰয়োজনো নাই কবিতা-অকবিতাৰ দৰে বিতৰ্কৰ৷ সমাজ বাস্তৱৰ ঘটনা-পৰিঘটনাত কবিৰ মনগহনত অনুভূত হোৱা ভাৱ ভংগীৰ কৌশলপূৰ্ণ উপস্থাপনেই হ’ব পাৰে একোটা নিটোল কবিতা৷
কবিৰ আন আন ভাল লগা কবিতা কেইটিমান হ’ল-”সৰি পৰা ফুল এপাহৰ দৰে”, ”জোনাকৰ অপেক্ষাত”, ”জোৱাৰ ভাটা’,” ৰবৰৰ কাহিনী” ”আওবাট” ,”সেউজ সময়” আদি৷
জীৱনৰ পৰম সত্যক স্বীকাৰ কৰি বিতোপন দত্তই ৰচনা কৰিছে ”শ্মশানেই মোৰ শেষ ঠিকনা”৷
নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ পৰা বঞ্চিত সকলক উদ্দেশ্যি লিখা ”হাতবোৰ দাঙা”শীৰ্ষক কবিতাটোও সন্তোষলগা৷সেইদৰে কবিয়ে আত্মবিশ্লেষণ কৰি লিখা কবিতা ”আমি বান্দৰ”,”নিজৰ লগত যুঁজি চোৱা”, “আত্মসন্ধান”; বাস্তৱৰ কৰুণ ৰস সিক্ত কবিতা ”বেহা”, আদি কবিতাৰ উপমা, চিত্ৰকল্প মনস্পৰ্শী৷
কবি বিতোপন দত্তৰ কাব্যচৰ্চাত অনুশীলন, পৰিমিত শব্দৰ ব্যৱহাৰ পৰিলক্ষিত হয়৷ পৰিৱেশ-পৰিস্থিতিৰ পৰ্যবেক্ষণৰে সাহিত্যৰ ৰস সংপৃক্ত অনুভৱ বোৰে ৰূপ লোৱা কবিতাবোৰৰ বিষয়বস্তুৰ ভিন্নতাই পাঠকৰ মন চুব৷ বিতোপন দত্তৰ কবিতাত আশাবাদো সুন্দৰকৈ চকুত পৰে৷
‘নাচি উঠক বসন্ত সময়’ কাব্যগ্ৰন্থখনৰ বেটুপাত সজাইছে ঋতুবাস্তৱ হাজৰিকাই৷
কবিয়ে অসমীয়াৰ হিয়াৰ আমঠু, গণশিল্পী, লুইতকণ্ঠ ড° জুবিন গাৰ্গৰ চৰণ কমলত উচৰ্গা কৰা কাব্যসংকলনখনত দুই এক বৰ্ণাশুদ্ধি চকুত পৰিছে যদিও এয়া স্বাভাৱিক৷
কবিতাৰ বিশ্লেষণ কৰিব পৰাকৈ আমাৰ ধৃষ্টতা নাই৷আমিও এগৰাকী শিকাৰুহে৷তথাপিও অসম গ্ৰন্থমেলাৰ এই ভাল লগা সময়ত কাব্য সংকলন এখন পঢ়িবলৈ পাই কিছু কথা লিখাৰ প্ৰয়াস কৰিলোঁ৷
কাব্য সংকলনটিৰ প্ৰথম প্ৰকাশ ডিচেম্বৰ, ২০২৫৷
দাম ১৩০টকা৷ সুন্দৰ ছপাৰ গ্ৰন্থখনে পঢ়ুৱৈ-পাঠকৰ সমাদৰ লাভ কৰক তাৰেই কামনা কৰিলোঁ৷

