অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: পুহমহীয়া শীতৰ সন্ধিয়াত অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সহাঁৰি

Spread the love

পুহমহীয়া শীতৰ সন্ধিয়াত অসম গ্ৰন্থমেলা, গুৱাহাটীলৈ পুথিপ্ৰেমীৰ বিপুল সহাঁৰি

গ্ৰন্থক লৈ উদযাপিত উৎসৱ অভিনৱঃ ৰমেশ কাৰ্তিক নায়ক

কিতাপৰ আদৰ দেখি আস্বস্ত হৈছোঁঃ গৌৰৱ পাণ্ডে

১১ দিনত ৫ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

DD TIMES গুৱাহাটী, ৩ জানুৱাৰীঃ পুহমহীয়া শীতৰ সন্ধিয়াত আজি একাদশ দিনাও গ্ৰন্থপ্ৰেমীৰ ব্যাপক সমাৱেশ ঘটে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত৷


সমান্তৰালভাৱে বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ ৷ যোৱা ২৪ ডিচেম্বৰৰ পৰা আজি ৩ জানুৱাৰীলৈ প্ৰায় ৫ কোটি ৭০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷

আজি বিয়লি ৩ বজাত অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এখনি বহু ভাষিক কবি সন্মিলন ৷

কবি, চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে কবি সন্মিলনখন সঞ্চালনা কৰি কবিসকলৰ সৈতে অসম তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সাম্প্ৰতিক কবিতা, গীত , ছবি সম্পৰ্কে গভীৰ আৰু ৰসপূৰ্ণ আলোচনা কৰে ৷

সঞ্চালকৰ আসনৰ পৰা পূজাৰীয়ে কয় যে কবিৰ সংখ্যা বৃদ্ধি হোৱা বুলি সম্প্ৰতি বিভিন্ন প্ৰকাৰৰ চৰ্চা চলে ৷ কিন্তু কবিতা এটা লেখাটো ইমান সহজ হয়নে ? এই প্ৰশ্নৰ সঠিক উত্তৰ বিচাৰিলে কবি আৰু কবিতা সম্পৰ্কে বিভ্ৰান্তিৰ পৰা আমি মুক্ত হ’ব পাৰিম ৷

বহু ভাষিক কবি সন্মিলনখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে হায়দৰাবাদৰ বিশিষ্ট কবি-লেখক ৰমেশ কাৰ্তিক নায়কে ৷ তেওঁ কয় যে কবিতাই হওক বা গল্প, সামগ্ৰিকভাৱে সাহিত্য হৈছে সত্যৰ সন্ধান বা অনুসন্ধান ৷

ব্যক্তিৰ জীৱন আৰু সমাজৰ কথা ৷ ইয়াক অৰ্ন্তদৃষ্টিৰে লক্ষ্য কৰিলে যি দেখা পোৱা তাতে সৃষ্টিৰ উৎস থাকে ৷ অসম গ্ৰন্থমেলাৰ বিষয়ে তেওঁৰ মন্তব্য— “ গ্ৰন্থক লৈ উদযাপিত এই উৎসৱ অভিনৱ ৷”

আন এগৰাকী কবি-লেখক, উত্তৰ প্ৰদেশৰ গৌৰৱ পাণ্ডেই এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কয় যে মোৰ বাবে লেখাৰ আধাৰ হৈছে মোৰ চৌপাশে থকা মানুহবোৰ, মানুহবোৰে নিৰ্মাণ কৰা সামাজিক প্ৰেক্ষাপট ৷ সামাজিক প্ৰেক্ষাপটে মানুহৰ চিন্তাত জোকাৰণি তোলে ৷

সৃষ্টিশীল মানুহে এই জোকাৰণিৰ পৰাই আৰম্ভ কৰে ৷ ময়ো ব্যতিক্ৰম নিশ্চয় নহয় ৷ অসম গ্ৰন্থমেলা সন্দৰ্ভত তেওঁ কয় — “ কিতাপৰ প্ৰতি আগ্ৰহ আৰু আদৰ দেখি আস্বস্ত হৈছোঁ ৷”

বহু ভাষিক কবি সন্মিলনখনত অংশগ্ৰহণ কৰে ৰাজেন্দ্ৰ নাথ বৰদলৈ, নীলিমা ঠাকুৰীয়া হক, ৰাজীৱ ফুকন, জয়জিৎ ডেকা, বিজয় ৰবিদাস, সুতপা চক্ৰৱৰ্তী, দিনকৰ কুমাৰ, চাৰ্জেণ্ট ৰাভা মেগ’, দ্বিজেন দাস, অন টেৰণ, মৃদুল হালৈ, সঞ্জয় চন্দ্ৰ দাস, দীপক বৰগয়াৰী, ৱেলছিং হাঞ্চে, ৰশ্মি চৌধুৰীয়ে ৷

ইয়াৰ পাছত সন্ধিয়া জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহৰ মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷ সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী বিদ্যাসাগৰে ৷

ইয়াত অংশগ্ৰহণ কৰে নৰ্থ ইষ্ট পাব্লিক স্কুল, কাহিলীপাৰা, চাউথ পইন্ট স্কুল, বৰ্ষাপাৰ আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!