NEW BOOKS: পল্লৱী নেওগ বৰাৰ মনস্পৰ্শী শিশু উপন্যাস ‘সপোনৰ ৰং’
পল্লৱী নেওগ বৰাৰ মনস্পৰ্শী শিশু উপন্যাস ‘সপোনৰ ৰং’

DD TIMESত লিখিছে দৰ্শনা বৰুৱাই
পল্লৱী নেওগ বৰা পেছাত এগৰাকী শিক্ষয়িত্ৰী৷বাতৰি কাকত আলোচনীত ভিন্ন লেখা প্ৰকাশ পোৱা পল্লবী নেওগ বৰাৰ ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে৷ সমাজকৰ্মী হিচাপেও পৰিচিত পল্লৱী নেওগ বৰাই সমাজৰ কল্যাণৰ বাবে সময়ে সময়ে নানা কাম কৰি আহিছে৷
তেওঁ অসম সাহিত্য সভাৰ ক্ষুদ্ৰ আলোচনীৰ প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ আৰু সংবৰ্ধন উপ-সমিতিৰ সদস্যা৷ শৈশৱৰে পৰা এগৰাকী মেধাৱী ছাত্ৰী হিচাপে পৰিচিত পল্লৱী নেওগ বৰাই ছাত্ৰী অৱস্থাৰে পৰা সাহিত্য চৰ্চা কৰি আহিছে৷
শেহতীয়াকৈ লেখিকা পল্লৱী নেওগ বৰাৰ কলমৰে প্ৰকাশ পাইছে ‘সপোনৰ ৰং’ শীৰ্ষক উপন্যাস খন৷ভাল লগা কথা যে ঔপন্যাসিক বৰাৰ প্ৰথমখন শিশু উপন্যাসেই হ’ল ‘সপোনৰ ৰং’৷
গ্ৰন্থমেলাৰ বতৰত উপন্যাসখন পঢ়ি আমাৰ ভাল লাগিল৷ বৰাৰ শিশু উপন্যাস সপোনৰ ৰং উপন্যাসখনত উপস্থাপন কৰা হৈছে কেইটিমান শিশুৰ অন্তৰস্পৰ্শী কাহিনী৷
উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ চাহ বাগিচাত জন্মগ্ৰহণ কৰা ৰামৰ থাউনি হেৰোৱা জীৱনটোক প্ৰণামী চেতিয়া নামৰ নতুন বাইদেউগৰাকীয়ে কিদৰে থানথিত লগালে তাৰেই সুন্দৰ এটি কাহিনী সপোনৰ ৰং৷
চাহ বাগিচাৰ অনগ্ৰসৰ মানুহৰ মাজতো টিলা কাকীৰ দৰে চৰিত্ৰৰ মানুহ থাকে৷ যাৰ বাবেই বহু শিশুৱে নিজৰ অধিকাৰ লাভ কৰিবলৈ সুবিধা পায়৷
মাকক কৈ কৈ কাম নোহোৱাত এদিন বাগানত পাত তোলা টিলা কাকীয়েই ৰামক ওচৰৰ বিদ্যালয় এখনত নাম ভৰ্তি কৰাই দিছিল৷
ৰামৰ মনত জাগিছিল সীমাহীন আনন্দ৷শ্যাম ৰাধিকাহঁতৰ লগত বিদ্যালয়লৈ যোৱাৰ আনন্দত মন ভৰি পৰিছিল৷
সেই আনন্দ আছিল ক্ষণস্থায়ী৷
দেউতাকৰ মৃত্যুৰ বাবে আন ঘৰুৱা বিপৰ্যয়ৰ বাবে ৰামৰ মনত হঠাতে বিদ্যালয়ৰ প্ৰতি জাগিল অনীহা৷
তাৰ পাছত কি হ’ল বাৰু! জানিবলৈ পঢ়িব লাগিব ‘সপোনৰ ৰং’৷
এগৰাকী শিক্ষক বা এগৰাকী শিক্ষয়িত্ৰীৰ দূৰদৰ্শিতা, প্ৰেৰণা, কৰ্তব্যনিষ্ঠাৰে এটি শিশুৰ জীৱন কিদৰে থান থিত লগাব পৰা যায় সপোনৰ ৰং উপন্যাসখনত সুন্দৰকৈ ফুটি উঠিছে৷
চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী পল্লৱী নেওগ বৰাই শিক্ষকতাৰ লগত জড়িত হৈ থকাৰ সময়ত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত উপন্যাসখন ৰচনা কৰিছে৷
ঘৰুৱা বেয়া পৰিৱেশ, আৰ্থিক দুৰৱস্থা, পিতৃ-মাতৃ-অভিভাৱকৰ সন্তানৰ প্ৰতি দায়িত্বহীনতা, দায়িত্বৰ কথা বুজিলেও সঠিকভাৱে দায়িত্ব পালনত ব্যৰ্থতা আদি বহু কাৰণত শিশু এটিৰ সোণালী শৈশৱ বিষময় হৈ উঠে৷
লেখিকাই চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ হাতত অৰ্পণ কৰা গ্ৰন্থখন পঢ়ি কিছু কথা লিখাৰ প্ৰয়াস কৰিলোঁ৷
শিশু এটিক জন্ম দিয়েই দায় সামৰা এচাম পিতৃ মাতৃও থাকে৷ প্ৰথম স্বামীৰ মৃত্যুৰ পাছত নিজৰ সুখৰ কাৰণে, গৰ্ভজাত শিশু সন্তানক আনৰ ঘৰত বনকৰা ল’ৰা হিচাপে থৈ দ্বিতীয়বাৰ বিবাহত মহা নাৰী জানকী৷ জানকীৰে পুতেক ৰাম৷
বুজা নুবুজা বয়সতেই ৰামে মাকক এৰি আনৰ ঘৰলৈ গুচি যায়৷ পখিলা খেদাৰ বয়সত, কিতাপ কলমৰ সৈতে মিতিৰালি পতাৰ বয়সতে বিদ্যালয়ত ভৰি দি বৰ্ণমালাৰ লগত পৰিচয় হোৱা, ৰামৰ জীৱনৰ গতিপথ সলনি হৈ যায়৷
সমবয়সীয়া ল’ৰা-ছোৱালীয়ে বিদ্যালয়ত পঢ়ি থকা দেখা পাই ৰামৰ মন গহনত কি চলিব পাৰে সেয়া সহজেই অনুমেয়৷
ঔপন্যাসিকা পল্লৱী নেওগ বৰাৰ বাস্তৱ অভিজ্ঞতাৰ লগতে সুক্ষ্ম পৰ্যবেক্ষণে ‘সপোনৰ ৰং’ উপন্যাসখন সুখপাঠ্য কৰি তুলিছে৷
নিজৰ সন্তানক বিদ্যালয়ত পঢ়িবলৈ সুযোগ সুবিধা দি আৰ্থিকভাৱে দুৰ্বল আন এক পৰিয়ালৰ কম বয়সৰ সন্তানক শিশু শ্ৰমিক হিচাপে কাম কৰিবলৈ ৰখা শিক্ষিত-অশিক্ষিত এচাম মানুহো আমাৰ সমাজত আছে৷
চৰকাৰী বিদ্যালয়ত নিজৰ কৰ্তব্যত ফাঁকি দিয়া এচাম শিক্ষকো থকাৰ বিপৰীতে আছে ন-উদ্যমেৰে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰা, নিজৰ ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তানৰ দৰেই মৰম কৰা প্ৰণামী চেতিয়াৰ দৰে কৰ্তব্যনিষ্ঠ শিক্ষকো৷
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিটোত একাংশ শিক্ষকে নিজৰ স্থুল স্বাৰ্থ পুৰণৰ বাবে কিছুমান নেতিবাচক কাম কৰি কালিমা সানে৷ সেইদৰে নিজৰ স্বাৰ্থৰ বাবে বেয়া কাম কৰা আন বৃত্তিৰ ব্যক্তিয়েও সমাজখন লেতেৰা কৰে৷
আৰ্থিক দুৰৱস্থাৰ বাবে লঘোণে বা আধাপেটে বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীক সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰ আৰু শিক্ষাবিভাগে লোৱা বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিৰ জৰিয়তে দুখীয়া ছাত্ৰছাত্ৰীক যি সকাহ দিয়াৰ ব্যৱস্থা কৰা হৈছে তাতো চলে দুৰ্নীতি৷
সপোনৰ ৰং ৰ এটি চৰিত্ৰ নতুন বাইদেউৰ মুখত ‘আজিৰ মেন্যু ‘ কি বুলি শুনি মেন্যু নো কেনেধৰণৰ খোৱা বস্তু তাক জনাৰ চেষ্টা কৰিছে কণমানিকেইটামানে৷
কাৰণ তেওঁলোকৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত সদায়েই হয় খিচিৰি নহয় আলু দালি ভাত বা কাৎচিৎ এফাল সিজোৱা কণীহে খাবলৈ পায়৷ নতুন বাইদেউ অহাৰ পাছত সলনি হয় বহু কথা৷
নতুন বাইদেউ স্কুললৈ অহাৰ পাছত সলনি হয় কণমানিহঁতৰ মনবোৰ৷ হাঁহিমুখে নতুন কথা শিকিবলৈ হেপাঁহ জন্মে মনত৷
উপন্যাসখনৰ কাহিনীৰ শেষত নতুন বাইদেউৱে আৰু দীপক দাদাকে কাৰখানাত কাম কৰা ৰামৰ জীৱনটোক নতুনকৈ গতি লগাই ৰামক এগৰাকী মেধাবী আৰু গুণী ছাত্ৰ হিচাপে গঢ়ি তুলিছে৷
‘ক খ অ আ’ শিকিয়েই বিদ্যালয় এৰা আৰু আনৰ ঘৰত কেইবাবছৰো বনকৰা ল’ৰা হিচাপে থকা ৰামক নিজৰ লগত ৰাখি পঢ়ুৱাই শুনাই বৃত্তিপৰীক্ষা দিয়াই সুকলমে উৰ্ত্তীণ হ’বলৈ অনুপ্ৰাণিত কৰিছে নতুন বাইদেউৱে৷
কমলা বাইদেউৱেও তেওঁলোকক সহযোগ কৰিছে৷ৰামৰ মাক জানকীও সলনি হৈছে৷অনুৰ দৰে কঠোৰ চৰিত্ৰৰ মানুহৰ মনতো দয়া উপজিছে৷
ৰামে জৱাহৰ নবোদয় বিদ্যালয়ত পঢ়িবলৈকো প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈছে৷ ৰাজাৰ দৰে ভাল বন্ধু পাই ৰামৰ মনটোত সাহস আহিছে৷
এক সুখদায়ক পৰিসমাপ্তিৰে ‘সপোনৰ ৰং’ উপন্যাসখন লেখিকাই সামৰণি মাৰি পাঠকক দিছে নতুন চিন্তাৰ খোৰাক৷যেন তমসা ভেদি জোনাকৰ উকমুকনি…৷
গ্ৰন্থখন প্ৰকাশ কৰিছে পানবজাৰৰ পূৰ্বায়ণ প্ৰকাশনে৷
প্ৰথম প্ৰকাশ ছেপ্তেম্বৰ, ২০২৫৷ গ্ৰন্থখনে পাঠকৰ পৰা আৰু বেছি সমাদৰ লাভ কৰক তাৰেই কামনা কৰিলোঁ৷

