NEW BOOKS: নগাঁৱত ড° ঘনকান্ত ভাগৱতীৰ ‘গান্ধাৰৰাজ শকুনি’ গ্ৰন্থ উন্মোচন
নগাঁৱত ড° ঘনকান্ত ভাগৱতীৰ ‘গান্ধাৰৰাজ শকুনি’ গ্ৰন্থ উন্মোচন
ৰামায়ণ-মহাভাৰতৰ কাব্যিক চেতনা অতুলনীয়ঃ শিবানন্দ কাকতি

DD TIMES বেবেজীয়া, ১০ নৱেম্বৰঃ বিশিষ্ট সংস্কৃত পণ্ডিত, শিক্ষাবিদ ড° ঘনকান্ত ভাগৱতীৰ এখন গৱেষণাধৰ্মী গ্ৰন্থ কালি নগাঁও পেঞ্চনাৰ ভৱনৰ সভাগৃহত উন্মোচন কৰা হয়। ড° ভাগৱতীৰ ১৮ সংখ্যক গ্ৰন্থ ‘গান্ধাৰৰাজ শকুনি’ উন্মোচন উপলক্ষে অৱসৰপ্ৰাপ্ত অধ্যাপক ধনেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণিতে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বন্তি প্ৰজ্বলন কৰে।
আয়ুক্ত গৰাকীয়ে নিজৰ ভাষণত কয় যে মহাভাৰতৰ শকুনিৰ চৰিত্ৰ এক বিৰল আৰু আকৰ্ষণীয় চৰিত্ৰ। পাঠকলৈ মহাকাব্যিক গ্ৰন্থ উপহাৰ দিয়াৰ বাবে গ্ৰন্থকাৰ ড° ভাগৱতী নিশ্চিতভাৱে প্ৰশংসাৰ যোগ্য। গ্ৰন্থখন তেওঁ ৰাইজৰ মাজলৈ লৈ যাব বিচাৰিছে।

পাঠকে গ্ৰন্থখন অধ্যয়ন কৰি মহাভাৰতৰ বহু অজানা কথা জানিবলৈ সক্ষম হ’ব। তেওঁ লগতে কয় যে গ্ৰন্থৰ পাতৰ সুবাস আমি হেৰুৱাব বিচাৰিছোঁ।
আয়ুক্ত গৰাকীয়ে নৱপ্ৰজ্বন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। অধ্যাপিকা ড° অৰ্চনা তালূকদাৰে সামগ্ৰিক ভাৱে আঁতধৰা সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে।
গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত কাকতিয়ে কয় যে ৰামায়ণ-মহাভাৰতৰ কাহিনীৰ ভিত্তিত আমাৰ দেশত বিভিন্ন ধৰণৰ সাহিত্য সৃষ্টি হৈছে।
ইয়াৰ আলম লৈ বহু গ্ৰন্থ ৰচনা হৈছে। ৰামায়ণ-মহাভাৰতৰ মহাকাব্যিক চেতনা সকলোৰে অন্তৰত ব্যাপ্ত হৈ আছে। এই ব্যাপ্তিৰ বেলেগ বেলেগ অৰ্থ থাকে বুলি উল্লেখ কৰি গল্পকাৰ কাকতিয়ে কয় যে- ভাৰতীয় সংস্কৃতিত শকুনিক কুটবুদ্ধি আৰু অনিয়মৰ শক্তি হিচাপে গঢ়ি তোলা হৈছে।
তেওঁ যেন অন্যায়-অনীতিৰ চলন্ত ভড়াল। শকুনিৰ বিষয়ে বিভিন্ন প্ৰসঙ্গ উল্লেখ কৰি কাকতিয়ে কয় যে সকলো জয়কে জয় বুলি কব নোৱাৰি। তেওঁ লগতে কয় যে সাহিত্যত লিখকৰ সপ্ৰতিভ চেতনাৰ প্ৰয়োজন।
সভাত সাহিত্য সম্পৰ্কে এক মননশীল বক্তৃতা প্ৰদান কৰি সুবক্তা তথা অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰে।
ৰামায়ণ- মহাভাৰতৰ প্ৰসঙ্গ উল্লেখ কৰি অধ্যাপক ডেকাই কয় যে এইদুখন মহাকাব্যই আমাৰ জনজীৱন উদ্বেলিত কৰি আহিছে। তেওঁ লগতে কয় যে জ্ঞানৰ বিকাশ অধ্যয়ন, পৰ্যবেক্ষণ আৰু অভিজ্ঞতাৰ জৰিয়তে হয়। বিশ্বৰ কেবাগৰাকী বৰেণ্য সাহিত্যিকৰ কথা উল্লেখ কৰি কয় যে নৱপ্ৰজ্বন্ম জ্ঞানৰ অন্বেষণত দৌৰা উচিত।
সভাত গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰি অধ্যাপক ড :বোধেন শইকীয়াই কয় যে ড° ভাগৱতীৰ সাহিত্যকৰ্ম আৰু সাহিত্যিক চেতনা ভাৰতীয় মহাকাব্যিক ধাৰাৰ পৰা প্ৰাচ্য- পাশ্চাত্য সাহিত্যৰ প্ৰাচীন আৰু অৰ্বাচীন ন ন দিশৰ লগত সংপৃক্ত।
বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন আৰু গভীৰ অনুসন্ধিৎসু মনৰ জৰিয়তে তেওঁ সাহিত্যত সপ্ৰতিভ চেতনাৰ উন্মেষ ঘটাইছে। ‘গান্ধাৰ ৰাজ শকুনি’ ইয়াৰ ব্যতিক্ৰম নহয় বুলি ড:শইকীয়াই মন্তব্য কৰে। সভাত সাংবাদিক কনক হাজৰিকা, শৈল্যেন শইকীয়া, দেৱজিৎ হাজৰিকাৰ লগতে শিক্ষাবিদ দেহিৰাম শইকীয়া আদিয়ে ভাষণ দিয়ে।
সভাত নগাঁও জিলা জেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰফুল্ল হাজৰিকা, দিলীপ হাজৰিকা, প্ৰদীপ শইকীয়াৰ লগতে হিৰণ্য হাজৰিকা, নিলীমা বৰঠাকুৰকে আদি কৰি শতাধিক লোকে অংশগ্ৰহণ কৰে।
সভাত গ্ৰন্থৰ লেখক ড° ঘনকান্ত ভাগৱতীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ সাহিত্য জীৱন আৰু সাহিত্য সম্পৰ্কীয় বক্তব্য প্ৰদান কৰে।

