অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ ভিৰ

Spread the love

পঞ্চম দিনাও ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ ভিৰ


তুলসী প্ৰসাদ শইকীয়াৰ ‘অৰণ্য দৰ্পণ’ উন্মোচন

DD TIMES ঢকুৱাখনা, ৯ জানুৱাৰীঃ “গ্ৰন্থই যুগে যুগে মানুহৰ জ্ঞানৰ পৰিধি বিস্তৃত কৰি আহিছে। যি জাতিৰ মাজত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ নাই; তেনে জাতিৰ মাজত বিভিন্ন দিশৰ প্ৰণালীবদ্ধ জ্ঞানৰ অভাৱ দেখা যায়।”- এই মন্তব্য অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদনা সমিতিৰ অন্যতম সদস্য তথা লেখক ড° জিতু কুমাৰ চমুৱাৰ।

ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ মঞ্চত আজি পঞ্চম দিনা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচকৰূপে উপস্থিত থাকি প্ৰবীণ লেখক তুলসী প্ৰসাদ শইকীয়াৰ প্ৰথমখন গ্ৰন্থ-“অৰণ্য দৰ্পণ” উন্মোচন কৰি লেখক,অধ্যাপক ড° জিতু কুমাৰ চমুৱাই আৰু কয় যে-“আজি ঢকুৱাখনাৰ এজন জ্যেষ্ঠ লেখক তুলসী প্ৰসাদ শইকীয়াৰ যিখন গ্ৰন্থ উন্মোচন কৰিলোঁ; ইয়াত পুৰণি ঢকুৱাখনাৰ গ্ৰাম্য জীৱন আৰু প্ৰাকৃতিক পৰিৱেশৰ এখন সুন্দৰ ছৱি দাঙি ধৰিছে। ছাত্ৰ-
ছাত্ৰীসকলে এইখন গ্ৰন্থৰ মাজত পুৰণি ঢকুৱাখনাৰ এখন চিত্ৰ অনুভৱ কৰিব পাৰিব।”

ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ আজিৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত বক্তৃতা প্ৰতিযোগিতাৰ পিছতেই ১ বজাৰ পৰা প্ৰাৰ্থনা গোৱা প্ৰতিযোগিতা আয়োজন কৰা হয়। এই প্ৰতিযোগিতা উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুলৰ প্ৰচাৰক দেৱ কুমাৰ গগৈয়ে। ইয়াৰ পিছতেই বিয়লি ৩ বজাত ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ-“গ্ৰন্থজ্যোতি” উন্মোচন কৰা হয়।

ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ প্ৰয়াত উপেন্দ্ৰনাথ অয়েঙীয়াৰ স্মৃতিত তেখেতৰ পৰিয়াৰবৰ্গই প্ৰকাশ কৰি উলিওৱা আৰু মৌচুমী গগৈ হাতীবৰুৱাই সম্পাদনা কৰা ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট কবি তথা লেখক জয়চন্দ্ৰ হাজৰিকাই।

এই অনুষ্ঠানত প্ৰয়াত উপেন্দ্ৰনাথ অয়েঙীয়াৰ জীৱন দৰ্শন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত ঢকুৱাখনা কলেজৰ অৱসৰী অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঞিয়ে বক্তব্য আগবঢ়াই।

ইফালে এই স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে লেখক, শিক্ষাবিদ-বিদ্যা দত্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক-বুধিন্দ্ৰ নাথ মৰাং, অৱসৰী শিক্ষাবিদ তুলসী প্ৰসাদ শইকীয়া, যুৱ সমাজকৰ্মী ধৰণী মৰাং আৰু ঢকুৱাখনা গ্ৰন্থমেলাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল চুতীয়াই।

উল্লেখ্য যে কাইলৈ ঢকুৱাখনা গ্ৰন্থমেলাৰ অন্তিম দিন। কাইলৈ মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!