অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: গ্ৰন্থমেলাই জ্ঞান চৰ্চাৰ সুন্দৰ পৰিৱেশ গঢ়ি তোলেঃ পাৰমিতা শতপথী

Spread the love

ত্ৰয়োদশ দিনাও গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ অসম গ্ৰন্থমেলা, গুৱাহাটী

১৩ দিনত ৬ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

সন্ধিয়া মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা

গ্ৰন্থমেলাই জ্ঞান চৰ্চাৰ সুন্দৰ পৰিৱেশ গঢ়ি তোলেঃ পাৰমিতা শতপথী

DD TIMES গুৱাহাটী, ৫ জানুৱাৰীঃ “গ্ৰন্থক কেন্দ্ৰ কৰি অসমত অন্য এক উৎসৱৰ পৰম্পৰা গঢ়ি উঠিছে ৷ এই উৎসৱ দৰাচলতে জ্ঞানৰে উৎসৱ ৷ কিয়নো গ্ৰন্থ হৈছে জ্ঞানৰ চন্দুক ৷ অসম গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যখনত অধ্যয়ন আৰু জ্ঞান চৰ্চাৰ সুন্দৰ পৰিৱেশ গঢ়ি উঠিব বুলি বিশ্বাস ওপজিছে ৷” —এই মন্তব্য ওড়িষাৰ প্ৰসিদ্ধ সাহিত্যিক পাৰমিতা শতপথীৰ ৷

অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি সন্ধিয়া এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এনেদৰে কয় ৷ অসম গ্ৰন্থমেলাত মানুহৰ সমাগম দেখি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নয়নাভিৰাম প্ৰাকৃতিক শোভাৰে পৰিপূৰ্ণ অসমলৈ আহি ভাল লাগে ৷ অসমীয়া ভাষা আৰু উৰিয়া ভাষাৰো মিল আছে ৷

অসমীয়াৰ পৰা উৰিয়ালৈ অনুবাদ বেছিকৈ হ’ব লাগে ৷ ইয়াৰ ফলত দুয়োটা ভাষাৰ সাহিত্যই অধিক প্ৰসাৰ লাভ কৰিব ৷ অন্তৰংগ আলাপ অনুষ্ঠানত তেওঁ সাহিত্য অকাডেমী সন্মান লাভ কৰা গল্পগুচ্ছ “প্ৰাপ্তি”ৰ পৰা কিয়দংশ পাঠ কৰি শ্ৰোতা-দৰ্শকক চিন্তাৰ খোৰাক যোগায় ৷ কবি, চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে অনুষ্ঠানটি আকৰ্ষণীয়ভাৱে পৰিচালনা কৰে ৷

উল্লেখ্য যে আজি ত্ৰয়োদশ দিনাও গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ হয় খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী ৷ আজিও পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হয় জনস্ৰোত ৷

সন্ধিয়াৰ ভাগত লোকাৰণ্যত পৰিণত হয় গ্ৰন্থমেলাৰ বাকৰি ৷ বিদ্বৎ সমাজ , সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে ক্ৰয় কৰি গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি জানিবলৈ দিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷

আজি ত্ৰয়োদশ দিনলৈ ৬ কোটি ৮০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে অসম গ্ৰন্থমেলাৰ আয়োজক সকলে ৷ ইপিনে বিয়লি ২-৩০ বজাৰ পৰা জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় “অসমীয়া নাট্য আন্দোলনঃ পৰম্পৰা আৰু বিৱৰ্তন” শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা দুলাল ৰয়ে উদ্বোধন আৰু নাট্যকাৰ-পৰিচালক জিতেন শৰ্মাই পৰিচালনা কৰা এই আলোচনা সত্ৰত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে নাট্যকাৰ,পৰিচালক, সমালোচক ক্ৰমে মাণিক আহমেদ, ড° সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক, লেখক ড° মৃণালজ্যোতি গোস্বামী আৰু চিৰাঙৰ শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপক, লেখক ড° ছৈয়দা নাছিফা ইছলাম ৰাজবংশীয়ে ৷

তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা প্ৰতিযোগিতাই মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বীৰুবাৰীয়ে ৷ ইয়াৰ পাছতে আকাশবাণী গুৱাহাটীয়ে পৰিৱেশন কৰা প্ৰদৰ্শনীমূলক কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰে ৷

জ্ঞান পূজাৰী অনূদিত “চক্ৰবেহু” উন্মোচন

সাহিত্য অকাডেমী সন্মান প্ৰাপক বিশিষ্ট কবি-অনুবাদক জ্ঞান পূজাৰীয়ে অনুবাদ কৰা পাঁচখন মহাকাব্যিক নাটকৰ সংকলন “চক্ৰবেহু” আজি উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ ড° বসন্ত কুমাৰ ভট্টাচাৰ্য সোঁৱৰণী সভাগৃহত ৷ বান্ধৱ প্ৰকাশে ছপা কৰি উলিওৱা অনূদিত নাটকৰ সংকলনটি উন্মোচন কৰে বিশিষ্ট কথাশিল্পী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াই ৷

সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনয় শিল্পী, নাট তথা চলচিত্ৰ পৰিচালক পূৰ্ণিমা পাঠক শইকীয়া, গুণাকৰ দেৱগোস্বামী, সঞ্জীৱ হাজৰিকা ৷ কবি-অনুবাদক জ্ঞান পূজাৰীয়েও সভাখনত অংশগ্ৰহণ কৰে ৷

সভাখন পৰিচালনা কৰে কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালকে ৷ গ্ৰন্থখনত সন্নিবিষ্ট নাটক কেইখন হৈছে ৰতন থিয়ামৰ “চক্ৰবেহু”, হবিব তনবীৰৰ “চন্দ্ৰচোৰ”, শাঁওলী মিত্ৰৰ “নাথৱতী অনাথৱৎ”, নিৰ্মল বৰ্মাৰ “সুমথিৰা ৰ’দ” আৰু ডাৰিঅ’ ফ’ৰ “অকলশৰীয়া এজনী” ৷

আজি অসম গ্ৰন্থমেলাত উপস্থিত হয় ইণ্ডিয়ান ফেডাৰেছন অৱ ৱৰ্কিং জাৰ্ণেলিষ্ট চমুকৈ আই এফ ডব্লিউ জেৰ সচিব প্ৰধান পৰমানন্দ পাণ্ডে ৷

অসম গ্ৰন্থমেলা, গুৱাহাটীৰ কাৰ্যালয়ত তেওঁক ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, বিশিষ্ট প্ৰকাশক ধীৰাজ গোস্বামী, জ্যেষ্ঠ সাংবাদিক, লেখক নৱ ঠাকুৰীয়াই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!