NEW BOOKS: কবি জ্যোতিৰ্ময় দত্তৰ কাব্যগ্ৰন্থ ‘ইতিকথা’ আৰু ড° পৰিণীতা বৰাৰ ‘সাহিত্যত নব্য বীক্ষণ’ উন্মোচন
পাণবজাৰত পূৰ্বায়ণ প্ৰকাশনৰ দুখন গ্ৰন্থ উন্মোচন

DD TIMES গুৱাহাটী, ৩ জানুৱাৰীঃ পাণবজাৰস্থিত পূৰ্বায়ণ প্ৰকাশনৰ কাৰ্যালয়ত শুকুৰবাৰে এক মনোজ্ঞ গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন হয়। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানতে জ্যোতিৰ্ময় দত্তৰ কাব্যগ্ৰন্থ “ইতিকথা” আৰু ড° পৰিণীতা বৰাৰ ‘’সাহিত্যত নব্য বীক্ষণ” শীৰ্ষক দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়।
গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে লেখক, চিন্তাবিদ, সুবক্তা ময়ূৰ বৰা, বিশিষ্ট কবি ক্ৰমে ড° লুটফা হানুম ছেলিমা বেগম, ৰাজীৱ বৰুৱা, নীলিম কুমাৰ আৰু অধ্যাপক, লেখক ড° দিলীপ ৰাজবংশীয়ে।
শীতৰ উমাল আবেলিটোত চৌদিশ গ্ৰন্থৰে আৱিষ্ট সুন্দৰ অনুষ্ঠানটিত ভালেমান বিশিষ্ট ব্যক্তি, কবি, লেখক, শুভাকাংক্ষীৰে এক আকৰ্ষণীয় সমাৱেশ দেখা যায়।
ভাষণত চিন্তাবিদ ময়ূৰ বৰাই দুয়োগৰাকী লেখককে শুভেচ্ছা জ্ঞাপন কৰি কবিতা সম্পৰ্কত বিশ্লেষণ দাঙি ধৰাৰ লগতে নব্য মাধ্যমৰ সাহিত্য সম্পৰ্কেও ইতিবাচক দৃষ্টিভংগী আগবঢ়ায়।
কবি ড° লুটফা হানুম ছেলিমা বেগমে জ্যোতিৰ্ময় দত্তৰ কবিতা সম্পৰ্কে কেতবোৰ আকৰ্ষণীয় দিশ উনুকিওৱাৰ লগতে ভৱিষ্যতৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে। কবি ৰাজীৱ বৰুৱাই কাব্যগ্ৰন্থখনৰ ভাষাশৈলী, চিত্ৰকল্পৰ চয়নৰ শলাগ লোৱাৰ লগতে কবি নীলিম কুমাৰেও কবিৰ শব্দ নিৰ্বাচন, নিৰ্মাণ শৈলীৰ খুব সুন্দৰ বুলি ব্যক্ত কৰে।
অধ্যাপক দিলীপ ৰাজবংশীয়েও পৰিণীতা বৰাৰ গ্ৰন্থখনৰ সন্দৰ্ভত ভিন্ন দিশ তুলি ধৰি গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। শিল্পী শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত অপূৰ্ব নাথে শলাগৰ শৰাই আগবঢ়ায়।
প্ৰকাশক তথা পূৰ্বায়ণ প্ৰকাশনৰ স্বত্ত্বাধিকাৰী ড° অমৃত কুমাৰ উপাধ্যায়ৰ লগতে লেখকদ্বয়ে ৰাইজে গ্ৰন্থ দুখনক আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।

