অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: আজিৰে পৰা তিনিচুকীয়াত দহদিনীয়া অসম গ্ৰন্থমেলা

Spread the love

আজিৰে পৰা তিনিচুকীয়াত দহদিনীয়া অসম গ্ৰন্থমেলা

পাঠকৰ বাবে বাছকবনীয়া গ্ৰন্থ সম্ভাৰ লৈ সাজু বিপণী

DD TIMES তিনিচুকীয়া, ২৮ নৱেম্বৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বঙাইগাঁও, লখিমপুৰ, নলবাৰী আৰু যোৰহাটত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ সফল সামৰণিৰ পাছত এইবাৰ তিনিচুকীয়াত অসম গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ৷

ইয়াৰ চলিহা নগৰ খেলপথাৰত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আজিৰ পৰা দহদিনীয়াকৈ আৰম্ভ হ’ব অসম গ্ৰন্থমেলা ৷ এই বিষয়ে সদৰী কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই তিনিচুকীয়াত দহ দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখনৰ কাইলৈ বিয়লি ৩-৩০ বজাত অনুষ্ঠিত হ’ব উদ্বোধনী সভা ৷

সভাখনত সন্মানীয় অতিথিপৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে ৷ সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক-সাংবাদিক দিলীপ চন্দন আৰু তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পল ৷ বিজ্ঞপ্তিটোত লগতে প্ৰকাশ যে ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অনুষ্ঠিতব্য অসম গ্ৰন্থমেলা, তিনিচুকীয়াৰ আটাইকেইটা দিনতে বিয়লি ২-৩০ বজাৰ পৰা ভাষা-সাহিত্য-সংস্কৃতি-ইতিহাস আদি ভিন্ন বিষয়ক সামৰি আলোচনা সত্ৰ আয়োজনৰ দিহা কৰা হৈছে ৷

ইয়াৰ ভিতৰত আছে ২৯ নৱেম্বৰত “অসমৰ চাহৰ দুশবছৰীয়া ইতিহাসঃ অতীত আৰু বৰ্তমান”, ১ ডিচেম্বৰত “সাম্প্ৰতিক অসমীয়া গল্পঃ ভাষা আৰু বিষয় বৈচিত্ৰ্য”, ৫ ডিচেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে “ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ বিশেষত্ব আৰু গুৰুত্ব” শীৰ্ষক আলোচনা সত্ৰ ৷ তদুপৰি ৩০ নৱেম্বৰত শিশুৰ দিন, ২ ডিচেম্বৰত লেখক-পাঠক সমাৰোহ, ৩ ডিচেম্বৰত মাদলৰ মাত, ৪ ডিচেম্বৰত যুৱ লেখক সন্মিলন আৰু ৬ ডিচেম্বৰত কবি সন্মিলন অনুষ্ঠিত হ’ব ৷

৭ ডিচেম্বৰত আয়োজন কৰা হ’ব অসম গ্ৰন্থমেলা, তিনিচুকীয়াৰ সামৰণী অনুষ্ঠান ৷ প্ৰতি সন্ধিয়া ৫ বজাৰ পৰা গ্ৰন্থমেলাৰ বাকৰিত বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত আয়োজন কৰা হ’ব বাৰেবৰণীয়া সাংস্কৃতিক প্ৰতিযোগিতা৷

উল্লেখ্য যে অসম গ্ৰন্থমেলা, তিনিচুকীয়াত অসমৰ লগতে ৰাজ্যৰ বাহিৰৰো আগশাৰীৰ বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ৷ ইতিমধ্যে বিপণীৰ কাম সম্পূৰ্ণ হৈ উঠিছে ৷

আজিৰ পৰা বিপণীসমূহত পাঠকৰ মনৰ চাহিদা পূৰণ কৰিবলৈ বাছকবনীয়া গ্ৰন্থ সম্ভাৰ উপলব্ধ হ’ব বুলি বিজ্ঞপ্তিটোত প্ৰকাশ ৷

গ্ৰন্থমেলাখনলৈ লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থীৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰিছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!