অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: অসম গ্ৰন্থমেলা, মঙলদৈত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি

Spread the love

অসম গ্ৰন্থমেলা, মঙলদৈত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি

আলোচনা সত্ৰঃ ড° ভূপেন হাজৰিকাৰ গীতত অসমৰ সামাজিক জীৱন আৰু ঐক্যৰ সুৰ

সুধাকণ্ঠৰ সৃষ্টি মানেই ঐক্য-সমন্বয়ৰ বাৰ্তাঃ ড° প্ৰসন্ন কুমাৰ নাথ

অসমৰ লোক-সমাজ হৈছে ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ মূল আধাৰঃ ফুলেন্দ্ৰ নাথ চহৰীয়া

ভূপেন হাজৰিকাৰ সৃষ্টিত আছে সামাজিক ঐক্যৰ আৱাহনঃ ডিম্বেশ্বৰ বৰুৱা

যুৱ লেখক সমাৰোহ “উন্মীলন” আয়োজন

প্ৰস্তুতি পৰাশৰক হেমন্ত দত্ত শিল্পী বঁটা প্ৰদান

DD TIMES মঙলদৈ, ১৩ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত আয়োজন কৰা অসম গ্ৰন্থমেলা, মঙলদৈত আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ তদুপলক্ষে ইয়াৰ গান্ধী ময়দানত আয়োজিত অসম গ্ৰন্থমেলাত অনুষ্ঠিত কৰা হয় “ড° ভূপেন হাজৰিকাৰ গীতত অসমৰ সামাজিক জীৱন আৰু ঐক্যৰ সুৰ ” শীৰ্ষক এখন আলোচনা সত্ৰ ৷

গ্ৰন্থমেলাৰ বাকৰিত জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত কবি-লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা এই আলোচনা সত্ৰখন সুধাকণ্ঠৰ বিষয়ে চিন্তা উদ্দীপক বিশ্লেষণ আগবঢ়াই সঞ্চালনা কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰসন্ন কুমাৰ নাথে ৷ তেওঁ কয় যে ড° ভূপেন হাজৰিকাৰ সৃষ্টি মানেই ঐক্য আৰু সমন্বয়ৰ বাৰ্তা ৷

তেওঁ অসমখনক প্ৰাণভৰি ভাল পাইছিল ৷ সেয়ে উৰণীয়া মৌ হৈ গোটেই পৃথিৱী পৰিভ্ৰমণ কৰিও অসমলৈ উভতি আহিছিল, “জন্ম ললোঁ ইয়াতে, ইয়াতে যেন মৰোঁ” বুলি লৌহিত্যৰ বহল পাৰ অৰ্থাৎ অসমভূমিক প্ৰণিপাত জনাইছিল ৷ অসমৰ সমাজ, অসমৰ লোক-জীৱন তেওঁৰ গীতত অনুৰণিত হৈ আছে ৷

অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনজাতিৰ বাৰেবৰণীয়া সমাজ, লোককৃষ্টি, ইতিহাসৰ লগতে এই সকলোবোৰ জাতি-জনজাতিৰ ঐক্যৰ সুৰে সমৃদ্ধ কৰিছে ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীক ৷ ড° নাথে বক্তব্যৰ মাজে মাজে সুধাকণ্ঠৰ গীতৰ কলি গুনগুনাই সকলোকে মুগ্ধ কৰে ৷

ইয়াত আলোচকৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষা-বিষয়া ফুলেন্দ্ৰ নাথ চহৰীয়াই ড° ভূপেন হাজৰিকাক সৰুৰে পৰা লগ পোৱাৰ স্মৃতি ৰোমন্থন কৰি কয় যে ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীসত্তাটিৰ অসমত জন্ম হোৱাটো অসমীয়া জাতিৰ বাবে সৌভাগ্য ৷

তেওঁ গীতৰ মাজেৰে সমাজৰ ৰপান্তৰ আৰু ঐক্য দুয়োটাই কামনা কৰিছিল ৷ মানুহ, সমাজ আৰু সমন্বয় হৈছে তেওঁৰ গীতৰ প্ৰধান বৈশিষ্ট্য ৷অসমৰ লোক-সমাজ হৈছে ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ মূল আধাৰ ৷ আলোচনা সত্ৰখনত মঙলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডিম্বেশ্বৰ বৰুৱাই এই বিষয়ে আলোচনা কৰি কয় যে ভূপেন হাজৰিকাৰ সৃষ্টিত আছে সমাজিক ঐক্যৰ আৱাহন ৷

অসমৰ সাংস্কৃতিক জন-জীৱনক তেওঁ শক্তিশালীৰূপত প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছিল ৷ লোক-সমাজখনেই হৈছে সংগীতসূৰ্য ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ উৎস ৷ তেওঁৰ সৃষ্টি মানৱতাবাদ, ঐক্য-সমন্বয়ৰ দৰ্শন আৰু ভেদাভেদ পৰিহৰি নতুন সমাজ গঠনৰ আহ্বান ৷ লোককথা, লোকগীত, লোকসমাজৰ প্ৰচলিত আখ্যান-উপাখ্যান তেওঁৰ গীতৰ আধাৰ হৈছে ৷

লোকসমাজ মানেই ঐক্যৰ উদাহৰণ ৷ সেইবাবে তেওঁৰ সকলো গীততে ঐক্যৰ সুৰ সমাহিত হৈ আছে ৷ আন এগৰাকী আলোচক, বিশিষ্ট সাহিত্যিক, নাট্যকাৰ ৰজনীকান্ত নাথৰ মতে ভূপেন হাজৰিকাৰ গান মানেই অসমৰ জনজীৱনৰ ছবি ৷


ওপজা মাটিৰ বন্দনা, অসমৰ প্ৰকৃতিৰ ৰূপ, ৰস, গোন্ধ আৰু জন-জীৱনৰ শৈলী, কলা-কৃষ্টিৰ গৰিমাৰে তেওঁৰ গীত উজলি আছে ৷ আমাৰ সমাজ সংস্কৃতি, জাতি-জনগোষ্ঠীৰ ঐক্য কামনাই তেওঁৰ সৃষ্টিক মহিমামণ্ডিত কৰিছে ৷ “মানুহে মানুহৰ বাবে”ৰ দৰে গীত সৃষ্টি কৰি তেওঁ বিশ্বমুখী দৃষ্টিভংগী দাঙি ধৰিছিল ৷

মানুহৰ প্ৰতি এনে অকৃত্ৰিম ভালপোৱা আছিল বাবেই সকলোৰে অন্তৰ চুই যায় তেওঁৰ সকলো সৃষ্টিয়ে ৷ কণ্ঠশিল্পী আব্দুৰ ৰৌফে সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশেন কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে ৷ এই আলোচনা সত্ৰৰ পাছত বিয়লি ২-৩০ বজাৰ পৰা অনুষ্ঠিত হয় “উন্মীলন” শীৰ্ষক যুৱ লেখক সন্মিলন ৷ “উন্মীলন” সঞ্চালনা কৰি জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই কয় যে যুৱ প্ৰজন্ম আমাৰ সাহিত্য-সংস্কৃতি, ক্ৰীড়া-শিল্প সকলো ক্ষেত্ৰৰে উজ্জ্বল ভৱিষ্যৎ ৷

সেয়ে তেওঁলোকে আমাৰ ৰাজ্যখনৰ বিষয়ে, দেশখনৰ বিষয়ে সম্যকভাৱে সকলো দিশৰে পৰিচিত হোৱা দৰকাৰ ৷ আমাৰ সভ্যতাৰ অতীত-বৰ্তমান, সমাজ-সংস্কৃতি, ভূগোল কেনেকুৱা এই বিষয়ে জানি-বুজি সজাগ সচেতনতাৰে সৃষ্টিমূলক কামত আত্মনিয়োগ কৰাৰ প্ৰয়োজন ৷ অসম গ্ৰন্থমেলাত আয়োজন কৰা যুৱ লেখক সন্মিলন এনে আলাপ-আলোচনাৰ বাবে এখন উপযুক্ত মঞ্চ ৷

ইয়াত অংশগ্ৰহণ কৰে গীতাঞ্জলি নাথ, দীপ্তি বৈশ্য, মানসজ্যোতি বৰুৱা, লভিতা চহৰীয়া, কৌশিক ডেকা, ভাস্কৰ জে নাথ, অৰ্জুন দাস, দিগন্ত ৰাগ, দিব্যজ্যোতি ডেকা, লৱ বৈশ্য, ওমৰ ফাৰুক, মৃদুল বৰা, মৃগাংক কৃষ্ণ কলিতা, মৃন্ময় নাৰায়ণ কলিতা, হিয়া শৰ্মা, দেৱাশিস ৰাজকুমাৰ, ফটিক ৰাভাই ৷ উল্লেখ্য যে আজি অসম গ্ৰন্থমেলা, মঙলদৈত জনপ্ৰিয় শিল্পী প্ৰস্তুতি পৰাশৰক হেমন্ত দত্ত সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰে মঙলদৈ প্ৰেছক্লাবে ৷

বঁটা গ্ৰহণ কৰি পৰাশৰে বিশিষ্ট নাট্যকাৰ-পৰিচালক, গীতিকাৰ-শিল্পী প্ৰয়াত হেমন্ত দত্তৰ সান্নিধ্যৰ কথা স্মৰণ কৰে ৷ তেওঁ কয় যে হেমন্ত দত্তৰ বিয়োগ অসমৰ বাবে অপূৰণীয় ক্ষতি ৷ তেওঁ পৰম নিষ্ঠা আৰু সততাৰে অসমীয়া নাট্য জগত, চলচ্চিত্ৰ জগতখনৰ বাবে কাম কৰিছিল ৷ এই বঁটা গ্ৰহণ কৰি সন্মানিত বোধ কৰা বুলি কয় পৰাশৰে ৷


ইপিনে অসম গ্ৰন্থমেলা, মঙলদৈৰ আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মঙলদৈ স্নাতক ছোৱালী মহাবিদ্যালয় আৰু সাধনা সংগীত কলা কেন্দ্ৰ ইউথ ক্লাবে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!