NEW BOOKS: অসম গ্ৰন্থমেলা, গুৱাহাটীঃ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত লাইখুঁটা স্থাপন
অসম গ্ৰন্থমেলা, গুৱাহাটীঃ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত লাইখুঁটা স্থাপন
অসম গ্ৰন্থমেলা, গুৱাহাটী এতিয়া মানুহৰ বাবে হেঁপাহ আৰু সন্মানৰ বিষয়ঃ পাৰ্থ সাৰথি মহন্ত
২৪ ডিচেম্বৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব আমিশ ত্ৰিপাঠীয়ে

DD TIMES গুৱাহাটী, ১৬ ডিচেম্বৰঃ গ্ৰন্থপ্ৰেমী ৰাইজৰ বহু প্ৰতীক্ষিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ লাইখুঁটা ১৪ ডিচেম্বৰত স্থাপন কৰা হয় খানাপাৰস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ৷

ৰাজ্য চৰকাৰে ঘোষণা কৰা “গ্ৰন্থ-বৰ্ষ”ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অহা ২৪ ডিচেম্বৰৰ পৰা আগন্তুক নৱবৰ্ষ ২০২৬ৰ ৬ জানুৱাৰীলৈ যৌথভাৱে অনুষ্ঠিত কৰিব গ্ৰন্থমেলাখন ৷
গ্ৰন্থমেলাখনৰ লাইখুঁটা স্থাপন কৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয়— “গুৱাহাটীৰ অসম গ্ৰন্থমেলালৈ মানুহে বৰ আগ্ৰহেৰে বাট চাই থাকে ৷ এইবছৰ এই অপেক্ষাৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ কেইটামান দিন ৷
অসম গ্ৰন্থমেলা, গুৱাহাটী এতিয়া অসমৰ মানুহৰ বাবে হেঁপাহ আৰু সন্মানৰ বিষয় ৷ গ্ৰন্থমেলা সম্প্ৰতি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে সম্প্ৰসাৰণ ঘটিছে ৷ গ্ৰন্থ আন্দোলনৰ এই জয়যাত্ৰা আশাব্যঞ্জক ৷ ইয়াৰ ফলত সুস্থ বৌদ্ধিক বাতাৱৰণ আৰু অধ্যয়ন সংস্কৃতিয়ে আমাক সমৃদ্ধ কৰিব ৷ মহন্তই সকলোকে নিৰাপত্তাৰ দিশত সচেতন হৈ গ্ৰন্থমেলা উপভোগ আৰু গ্ৰন্থ ক্ৰয় কৰিবলৈ আহ্বান জনায় ৷
অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহা, পৰিষদৰ সচিব প্ৰমোদ কলিতা, পৰিষদৰ সদস্য ড° ছাইদুল ইছলামকে ধৰি কেবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত উপস্থিত থকা অনুষ্ঠানত ৰঞ্জিতা গোস্বামীৰ নেতৃত্বত এটি দিহা নামৰ দলে নাম পৰিৱেশেন কৰে ৷ এই অনুষ্ঠানতে আজি উন্মোচিত হয় গ্ৰন্থপ্ৰেমীৰ বাবে প্ৰস্তুত কৰা “অসম গ্ৰন্থমেলা, গুৱাহাটী”ৰ প্ৰৱেশপত্ৰ ৷
উল্লেখ্য যে অহা ২৪ ডিচেম্বৰত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী সভাত অংশগ্ৰহণ কৰিব দেশৰ বিশিষ্ট সাহিত্যিক আমিশ ত্ৰিপাঠীয়ে ৷
তদুপৰি ২৮ ডিচেম্বৰত বিশিষ্ট লেখক, চিত্ৰনাট্যকাৰ তথা কবি-গীতিকাৰ অক্ষত গুপ্ত, ৩ জানুৱাৰীৰ বহুভাষিক কবি সন্মিলনত হায়দৰাবাদৰ বিশিষ্ট কবি ৰমেশ কাৰ্তিক নায়ক, উত্তৰ প্ৰদেশৰ বিশিষ্ট কবি গৌৰৱ পাণ্ডে আৰু ৫-৬ জানুৱাৰীত ওড়িষাৰ প্ৰখ্যাত লেখক পাৰমিতা শথপথী উপস্থিত থাকিব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বিশেষ অনুষ্ঠানত ৷

