NEW BOOKS: অসম গ্ৰন্থমেলাত ত্ৰিদিব কলিতাৰ চাৰিখন কাব্যসংকলন উন্মোচন
অসম গ্ৰন্থমেলাত ত্ৰিদিব কলিতাৰ চাৰিখন কাব্যসংকলন উন্মোচন

DD TIMES গুৱাহাটী, জানুৱাৰী ৩ঃ গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত ৩ জানুৱাৰীত দিনৰ ১বজাত স্পন্দন প্ৰকাশৰ উদ্যোগত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত কবি ত্ৰিদিব কলিতাৰ ‘সাগৰলৈ ডেউকা মেলি’, ‘মাটিৰ গোন্ধ’, ‘যযাতি মহানগৰ’, ‘হিয়াৰ আমঠু’ শীৰ্ষক চাৰিখন কাব্য সংকলন উন্মোচন কৰা হয়৷
সভাখনত লেখক ত্ৰিদিব কলিতাৰ ‘মাটিৰ গোন্ধ’ শীৰ্ষক কাব্যগ্ৰন্থখন লেখক-সমালোচক ড° আনন্দ বৰমুদৈয়ে, ‘হিয়াৰ আমঠু’ শীৰ্ষক গ্ৰন্থখন কবি জয়ন্ত কুমাৰ মান্তাই, ‘সাগৰলৈ ডেউকা মেলি’ গ্ৰন্থখন ঔপন্যাসিকা, অধ্যাপিকা মীনাক্ষী বুঢ়াগোঁহাইয়ে আৰু ‘যযাতি মহানগৰ’ কাব্যগ্ৰন্থখন গল্পকাৰ, চিত্ৰশিল্পী পৰিণীতা বুজৰবৰুৱাই শুভ উন্মোচন কৰে৷
গ্ৰন্থকেইখন প্ৰকাশ কৰিছে স্পন্দন প্ৰকাশৰ হৈ নিজৰা হাজৰিকাই৷ সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো , সৰবৰহী মহিলা বীণাপাণি কলিতা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷
সুভাষ শৰ্মাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত ভালেসংখ্যক গ্ৰন্থপ্ৰমী-ৰাইজ উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তোলে৷

