New Book Fair: স্থানীয় লেখক-লেখিকাৰ অন্তৰংগ আলাপেৰে মুখৰ ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰি
স্থানীয় লেখক-লেখিকাৰ অন্তৰংগ আলাপেৰে মুখৰ ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ বাকৰি

DD TIMES ঢকুৱাখনা, ৬ জানুৱাৰীঃ ঢকুৱাখনাৰ দিবা-নৈশ বাছ আস্থানত কালিৰে পৰা অনুষ্ঠিত হৈ থকা ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয় পুৱা-১০ বজাত; শিক্ষাৰ্থীসকলৰ মাজত আয়োজন কৰা কবিতা আবৃত্তিৰ প্ৰতগযোগীতাৰে।
এই প্ৰতিযোগিতা উদ্ধোধন কৰে নৰ্মাল স্কুল, ঢকুৱাখনাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অপৰাজিতা বুঢ়াগোহাঁইয়ে।

ইয়াৰ পিছতেই বিয়লি ১ বজাৰ পৰা শিক্ষাৰ্থীসকলৰ মাজত পোষ্ট কাৰ্ডত চিঠি লিখা প্ৰতিযোগিতা আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখনি উদ্ধোধন কৰে কবি, লেখিকা তথা ঔপন্যাসিক জ্যোতিনীলিমা গগৈয়ে।
ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলা-২০২৬ৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান-“ঢকুৱাখনাৰ স্থানীয় লেখক-লেখিকাসকলৰ অন্তৰংগ” আৰম্ভ হয় বিয়লি ৩ বজাৰ পৰা।
বিশিষ্ট কবি, লেখিকা তথা শিক্ষয়িত্ৰী মৌচুমী গগৈ হাতীবৰুৱাৰ সঞ্চালনাত আৰম্ভ হোৱা এই স্থানীয় লেখক-লেখিকাৰ অন্তৰংগ আলাপ অনুষ্ঠানিৰ উদ্ধোধন কৰে গল্পকাৰ, লেখিক তথা নৰ্থ বেংক কলেজ,ঘিলামৰাৰ সহকাৰী অধ্যাপিকা গায়ত্ৰী দলেয়ে।
এই অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি- ড° জিতু কুমাৰ চমুৱা, ড° বিজয় কৃষ্ণ দলে, নৱনীতা গগৈ, মানস প্ৰতিম দত্ত, দিপামণি হাজৰিকা, তুলসী প্ৰভা দাস, প্ৰদীপ দত্ত, ময়ুৰ কৃষ্ণা বড়া, ৰাজীৱ বৰুৱা, ৰিংকুমণি বড়াকে আদি কৰি প্ৰায় ডেৰকুৰি নবীন প্ৰবীণ লেখক লিখিকাই অংশগ্ৰহণ কৰি মনৰ অনুভৱ ব্যক্ত কৰে।
কাইলৈ ৭ ডিচেম্বৰত ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি-প্ৰয়াত ছাত্ৰ নেতা স্বৰাজ শংকৰ গগৈৰ সোঁৱৰণী-কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব পুৱা ১১ বজাৰ পৰা। ইয়াৰ পিছতেই ১২.৩০ বজাৰ পৰা কেৰিয়াৰ সজাগতামূলক অনুষ্ঠান।
আৰু বিয়লি-২ বজাত ষষ্ঠ ঢকুৱাখনা গ্ৰন্থমেলাৰ মুখপত্ৰ-“গ্ৰন্থজ্যোতি” উন্মোচন কৰা হ’ব।
অন্যহাতে বিয়লি-২.৩০ বজাৰ পৰা “কবি সন্মিলন” অনুষ্ঠিত হ’ব। আৰু সন্ধিয়ালৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশিত হ’ব বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা।

