অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOK: উৰিয়াগাঁৱত নবীন কলিতাৰ ‘ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ’ উন্মোচন

Spread the love

উৰিয়াগাঁৱত নবীন কলিতাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

DD TIMES বঢ়মপুৰ, ১৮ অক্টোবৰঃ নগাঁও জিলাৰ উৰিয়াগাঁৱত বিশিষ্ট লেখক নবীন কলিতাৰ “ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক গ্ৰন্থখনি আজি উন্মোচন কৰা হয়। এই উপলক্ষে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও আঞ্চলিক সমিতিৰ কাৰ্যালয়ত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়।

‘অস্তিত্বৰ সময়’ৰ কবি লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে সদ্যপ্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰবীণ নাট্যকৰ্মী জীৱন চন্দ্ৰ শইকীয়াই।

ইয়াৰ পিছতে লেখক নবীন কলিতাৰ “ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই।

গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসংগত বিশিষ্ট লেখক ডঃ ইন্দ্ৰজিৎ বেজবৰুৱাই কয়- “অসমীয়া মহাজাতিৰ আঠশ বছৰীয়া ঐতিহাসিক পৰিক্ৰমাত নগাঁৱৰ গঠন আৰু ঐতিহ্যৰ আন এক স্থান আছে ৷

নগঞাই ৰজাকো পৰোৱা নকৰিছিল। সেয়ে গৌৰীনাথ সিংহৰ সময়ত নগঞা হাজৰিকা সিন্ধুৰাই ৰজাকো খেদিছিল ৷ আজিৰ দিনটোতে বাহু কৈৱৰ্ত্ত, লক্ষণ সিং ৰজা আদি নগঞা সকলে ফুলগুৰিত ধেৱা তুলি ব্ৰিটিছক হুৰাই দিছিল ৷

.নগঞা অনিল বৰাই ভাষাৰ বাবে প্ৰাণ আহুতি দিছিল৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ নগঞাই জ্ঞান শিঙা —ৰণ শিঙা সকলোতে ফু দি আহিছে ৷”

লেখক নবীন কলিতাই আঁত ধৰা সভাখনত গ্ৰন্থ উন্মোচক ডঃ বেজবৰুৱাই ভাষণ প্ৰসংগত আৰু কয় যে “ছাঁ-পোহৰত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা আৰু অন্যান্য প্ৰসংগ” শীৰ্ষক এই গ্ৰন্থখনৰ জৰিয়তে উঠি অহা প্ৰজন্মই ইতিহাস অধ্যয়নৰ বাবে যথেষ্ট সমল লাভ কৰিব বুলি মন্তব্য কৰে।

সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰিণ্টু দাস, বিশিষ্ট নাট্যকৰ্মী কমলেশ শইকীয়া, শিশুবন্ধু দুলাল বৰা, লেখক অশোক ৰাম ভট্টাচাৰ্য, বিশিষ্ট কবি অনিল কুমাৰ শৰ্মা, কবি
শোণিত বৰঠাকুৰ, প্ৰফুল্ল বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শুভজিৎ গগৈ প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

সভাত শিল্পী মুকুতা ৰাজাই অসমীয়াৰ হিয়াৰ আমঠু, প্ৰসিদ্ধ কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীত পৰিবেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!