NEW ASSAM: এইবাৰ অসমত বিধানসভা নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈ পৰিব, সমগ্ৰ দেশকে নতুন বাৰ্তা প্ৰদান কৰিবঃ গৌৰৱ গগৈ
▪️তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সংবাদমেল
▪️’আৰ্থিক সৱলীকৰণত গুৰুত্ব নিদিয়াকৈ ঘোষণা কৰি থকা আঁচনিয়ে প্ৰকৃতাৰ্থত জনসাধাৰণৰ উন্নয়ন সাধন নকৰে’
▪️’এইবাৰ অসমত বিধানসভা নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈ পৰিব, সমগ্ৰ দেশকে নতুন বাৰ্তা প্ৰদান কৰিব’

গুৱাহাটী, ৩ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ মহিলাসকলৰ লগতে আৰ্থিকভাৱে পিছপৰা লোকসকলক আঁচনি প্ৰদানৰ নামত কেৱল হিতাধিকাৰী হিচাপে গঢ়ি তোলাৰ বাদে আন কোনো অভিলাষী পৰিকল্পনা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
হিমন্ত চৰকাৰে উদাসীন ভকতসকলক ১৫০০ টকাকৈ দিবলৈ সিদ্ধান্ত লৈছে যদিও সত্ৰসমূহে আৰ্থিক দিশত নিজাববীয়াকৈ টনকিয়াল হ’ব পৰাকৈ একো কৰা নাই। তিনিচুকীয়াত আজি এক সংবাদমেলত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।
তেওঁ কয় যে আঁচনি দিয়াতো কোনো নতুন কথা নহয়, অৰুণোদয়ৰ দৰে আঁচনি ভাৰতৰ সকলো ৰাজ্যতে আছে। কিন্তু অসমৰ সাধাৰণ লোকসকলক কিদৰে আৰ্থিকভাৱে স্বাৱলম্বী কৰিব পৰা যায় তেনেধৰণৰ আঁচনি গ্ৰহণ কৰাৰহে প্ৰয়োজনীয়তা আহি পৰিছে।
”কংগ্ৰেছ চৰকাৰৰ দিনত আৰ্থিক সৱলীকৰণত গুৰুত্ব দিয়া হৈছিল। আমাৰ দিনত সত্ৰসমূহকো তেনেধৰণৰ সহায় কৰা হৈছিল। সেই সহায়ৰ পৰিপ্ৰেক্ষিততে আজিও বহু সত্ৰই কমকৈ হ’লেও নিজাববীয়াকৈ চলিবলৈ কিবা এটা সুবিধা কৰি ল’ব পাৰিছে।’’-গগৈয়ে কয়। কিদৰে মহিলাসকলক প্ৰকৃতাৰ্থত সবলীকৰণ কৰিব পৰা যায় সেয়া অধ্যয়ন কৰি কংগ্ৰেছৰ চৰকাৰ আহিলে আৰু নতুন নতুন আঁচনি লোৱা হ’ব বুলিও গগৈয়ে কয়।
জনসাধাৰণ বাস্তৱিক সমস্যাসমূহ সমাধান কৰিব পৰা আঁচনি ল’ব পাৰিলেহে ৰাজ্যবাসীয়ে সঁচা অৰ্থত উন্নয়ন দেখিবলৈ পাব বুলিও গগৈয়ে মতামত দাঙি ধৰে। গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে বৃদ্ধ পেঞ্চনৰ লগতে মহিলাসকলৰ আঁচনিৰ ধন বঢ়োৱাৰ ক্ষেত্ৰত বহুত ভাবি-গুণি এছিকুটমানহে বৃদ্ধি কৰে। কিন্তু একেগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ ৪-৫জন ঠিকাদাৰে ঠিকা পোৱাকৈ কোনো কাম হাতত ল’লে বাজেট যিমান পাৰে সিমান বেছিকৈ বঢ়াই দিয়ে।
এনেবোৰ কাৰণতে আজি ৰাজ্যখনত একাংশ লোক ধনী হৈ গৈ আছে আৰু দুখীয়া জনসাধাৰণ কেৱল হিতাধিকাৰী হৈয়েই ৰৈ গৈছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আজিৰ সংবাদমেলত তেওঁ বিজেপি চৰকাৰৰ দিনত অসমৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ অৱস্থা তেনেই তথৈবছ হৈ পৰাৰ প্ৰসংগটোও উনুকিয়াই দিয়ে।
উদাহৰণ হিচাপে গগৈয়ে তেজপুৰ বিশ্ববিদ্যালয়ত দিনদিয়েক পূৰ্বে দেখা দিয়া অচলাৱস্থাৰ কথা উল্লেখ কৰে। গগৈয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত তেজপুৰ বিশ্ববিদ্যালয় দেশৰ লগতে সমগ্ৰ এছিয়া মহাদেশৰ আগশাৰীৰ বিশ্ববিদ্যালয়সমূহৰ তালিকাত আছিল। কিন্তু আজি চৰকাৰে শিক্ষাৰ্থীসকলক মাহিলি আঁচনিৰ নামত সামান্য ধন আগবঢ়াই বাঃ বাঃ লৈছে যদিও শিক্ষা ব্যৱস্থাটোক পংগুসদৃশ কৰি তুলিছে।
”আজি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষানুষ্ঠানসমূহ ধ্বংসৰ গৰাহত সোমাই পৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ আজি সকলোৱে দেখিছেই। শ্বিলঙৰ নেহুতো আজি একেধৰণৰ বিশৃংখল পৰিৱেশে বিৰাজ কৰিছে।’’- গগৈয়ে কয়। কোনো অৰ্হতালৈ নাচাই শিক্ষানুষ্ঠানসমূহ বিজেপি দলৰ সৈতে ঘনিষ্ঠ একাংশ লোকৰ হাতত গতাই দি ছাত্ৰ-ছাত্ৰীসকলক যিমানেই আঁচনি নিদিয়ক কিয় দেশৰ শিক্ষা ব্যৱস্থাৰ কোনো উন্নতি নহয় বুলিও গগৈয়ে কয়।
আনহাতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মিথ্যাচাৰো সংবাদমেলত উদঙাই দিয়ে গৌৰৱ গগৈয়ে। তেওঁ কয় যে মন্ত্ৰীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰি মুখ্যমন্ত্ৰীয়ে কোনেও নকৰা বহুত ডাঙৰ কাম এটা কৰা বুলি ভাবি ল’লে। পিছত নিজেই ক’লে যে বিধানসভা নিৰ্বাচনৰ আগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহয়।
গগৈয়ে কয় যে বিজেপি দলে যিমানেই শক্তি প্ৰদৰ্শন নকৰক কিয় এইবাৰ অসমত বিধানসভা নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হৈ পৰিব। ”অসমৰ জনসাধাৰণে এইবাৰ ভাৰতবৰ্ষক দেখুৱাব যে যেতিয়া স্বাভিমানী ৰাইজ একগোট হয় তেতিয়া অহংকাৰী, দুৰ্নীতিপৰায়ণ নেতাৰ চৰকাৰ সহজতে উফৰি যায়। অসমৰ সচেতন জনতাক বিজেপিয়ে মুঠেই আভুৱা ভাৰিব নোৱাৰিব।’’-গগৈয়ে কয়।

