NDAৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণ দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত
৯৮.২ শতাংশ ভোটদান, ১৩ গৰাকী সাংসদে নকৰিলে ভোটদান
DD TIMES, দিল্লী, ১০ ছেপ্টেম্বৰঃ দেশে লাভ কৰিলে নতুন এগৰাকী উপৰাষ্ট্ৰপতি। মঙলবাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণ ৷

নিৰ্বাচনত পৰাভূত ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। ৰাধাকৃষ্ণণে লাভ কৰে ৪৫২ টা ভোট, ইফালে পৰাভূত হোৱা ৰেড্ডীয়ে লাভ কৰে মুঠ ৩০০ টাহে ভোট। মঙলবাৰে সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। সম্পন্ন হয় ৯৮.২ শতাংশ ভোটদান ।

ৰাজ্যসভাৰ প্ৰধান সচিব পি চি মোদীয়ে কয়, “এন ডি এৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে সৰ্বমুঠ ৪৫২ টা ভোট লাভ কৰে। তেওঁক ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা হয় ৷

বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ন্য়ায়মূৰ্তি সুদৰ্শন ৰেড্ডীয়ে মাত্ৰ ৩০০ ভোটহে লাভ কৰে।”পি চি মোদীয়ে কয় যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭৮৮ গৰাকী যোগ্য সাংসদৰ ভিতৰত ৭৬৭ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে, য’ত ৯৮.২ শতাংশ ভোটদান সম্পন্ন হয়।

ইয়াৰে ৭৫২ টা ভোট বৈধ আৰু ১৫টা অবৈধ আছিল৷ উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা সন্ধ্যা ৬ বজাৰ পৰা হৈছিল। এই প্ৰক্ৰিয়া নতুন সংসদ ভৱনত ৰাজ্যসভাৰ প্ৰধান সচিব আৰু ৰিটাৰ্ণিং অফিচাৰ পিচি মোদীৰ তত্বাৱধানত হৈছিল৷

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰায় ১৩ গৰাকী সাংসদে ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। সেই অনুসৰি জনতা দলৰ সাতগৰাকী, ভাৰত ৰাষ্ট্ৰ সমিতিৰ চাৰিগৰাকী, শিৰোমণি আকালী দলৰ এগৰাকী আৰু নিৰ্দলীয় সাংসদো আছে৷

এন ডি এৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ বাসভৱনৰ বাহিৰত আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয়।

ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য শীৰ্ষ নেতাই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

উল্লেখ্য যে স্বাস্থ্যজনিত কাৰণ দেখুৱাই নিজৰ পদৰ পৰা পদত্যাগ কৰিছিল পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখড়ে।

চন্দ্ৰপুৰম পৌন্নুস্বামী ৰাধাকৃষ্ণণ, যি এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ঘোষিত হোৱাৰ পূৰ্বে ৩১ জুলাই, ২০২৪ লৈকে মহাৰাষ্ট্ৰৰ ২৪ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

ইয়াৰ পূৰ্বে তেওঁ ফ্ৰেব্ৰুৱাৰী ২০২৩ ৰ পৰা জুলাই ২০২৪ লৈকে ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ মাৰ্চ আৰু জুলাই ২০২৪ ৰ মাজত তেলেংগানাৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ উপ-ৰাজ্যপালৰ অতিৰিক্ত কাৰ্যভাৰ চম্ভালিছিল। তামিলনাডুৰ এইগৰাকী দিগ্গজ বিজেপি নেতাই বিজিনেজ এডমিনিষ্ট্ৰেচনত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷