NATURE’S FRIEND: প্ৰকৃতি বন্ধু মানস প্ৰতিম দত্তৰ ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ উন্মোচন
প্ৰকৃতি বন্ধু মানস প্ৰতিম দত্তৰ ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ উন্মোচন

DD TIMES ধেমাজি, ২৩ অক্টোবৰঃ পৰিৱেশ সুৰক্ষাৰ আৰু সজাগতা সৃষ্টিৰে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত মগ্ন ‘প্ৰকৃতি বন্ধু’ মানস প্ৰতিম দত্ত অসমীয়া সাহিত্য জগতৰ চিনাকি নাম।

প্ৰকৃতি বিচিত্ৰ কথাৰে চেমনীয়া আৰু কিশোৰসকলৰ বাবে জানিবলগীয়া, ভাবিবলগীয়া আমাৰ পৰিৱেশৰ বিভিন্ন কথাৰে, সাধুৰে সজোৱা “চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু”ৰ অভূতপূৰ্ব সমাদৰৰ পাছত আজি সামাজিক মাধ্যমযোগে উন্মোচন কৰা হয় জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ নামৰ অনুপম গ্ৰন্থখন।
গ্ৰন্থখন উন্মোচন কৰে ড° নৱ কুমাৰ চমুৱা, ড° ৰণদ্বীপ বড়া, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, প্ৰদীপ গগৈ, ড° ৰেৱত মহন্ত, ৰূপজ্যোতি দেবনাথ, বিকাশ দিহিঙ্গীয়া, নিতুল নন্দন ৰেগন, দেৱব্ৰত গগৈ, বিমান সন্দিকৈ, ধ্ৰুৱ জ্যোতি চেতিয়া, দিপমজ্যোতি বৰুৱা, কৌশিকজ্যোতি বৰা, নয়নদীপ দত্ত, মনতৃষ্ণা, লিপিকা দত্ত, নীলোৎপল শইকীয়া, নৰেন্দ্ৰ শইকীয়া, মানস প্ৰতীম শৰ্মা, কুশদীপ হাটীমতা, সুমিত দাস, ৰাজীৱ বৰুৱা, সত্যব্ৰত গগৈ, কৃষ্ণগোপাল ভূঞা, শৰৎ শইকীয়া, তপন পায়েং আৰু প্ৰতাপ দত্তই।
শিশু আৰু চেমনীয়াসকলক অভিৰোচিত কৰিব পৰা মনোৰম কাহিনীৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনীবোৰে যুৱ মনত বিশ্ব ঐতিহ্যৰ সৈতে পৰিৱেশ বিচিত্ৰতাক চিনাকি কৰি দিবলৈ সক্ষম হ’ব।
ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক তথা পৰিৱেশ সংৰক্ষণৰ নিষ্ঠাবান কৰ্মী মানস প্ৰতিম দত্তই তেওঁৰ শিশু গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে।
অসমৰ বিভিন্ন স্থানত সম্প্ৰদায়-চালিত পৰিৱেশ সংৰক্ষণৰ লগতে সক্ৰিয়ভাৱে পৰিৱেশ সুৰক্ষা, জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত হৈ আছে।
এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।
হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকততো প্ৰকাশ পাইছে।
শিশুসকল স্বাভাৱিকতে সাধু কথাৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ৰ জৰিয়তে লেখকে পৰিৱেশৰ বিচিত্ৰ জগতখনক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ।
শিশুসকলক সাধুকথাৰ জৰিয়তে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি লেখক দত্তই জনাইছে।
জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে, সন্ধিয়া ৭ বজাত গ্ৰন্থখনৰ কথাৰে মইনাহঁতৰ সৈতে গ্ৰন্থালাপ নামৰ আন এক অনুষ্ঠান অনুষ্ঠিত হ’ব।
অনুষ্ঠানটোত গ্ৰন্থখনৰ বিষয়ে আলোকপাত কৰিব নিয়মীয়া বাৰ্তা কাকতৰ উপ-সম্পাদক প্ৰদীপ গগৈ, যুৱ লেখক, গীতিকাৰ ড° ৰণদ্বীপ বড়া আৰু যুৱ লেখক, অনুবাদক বিকাশ দিহিঙ্গীয়াই।

