অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

National Yoga Sports Competition: ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত অসম দলৰ সাফল্য

Spread the love

ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত অসম দলৰ সাফল্য

ট্ৰেডিচনেল যোগাসনত উদিতা ৰাণী বৰাই সোণৰ পদক, ময়ুৰ মণ্ডল ৰূপৰ পদক আৰু আৰিহান চক্ৰৱৰ্ত্তী ব্ৰঞ্জৰ পদক অৰ্জন

DD TIMES বেবেজীয়া, ৫ জানুৱাৰীঃ ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত ৫০ সংখ্যক স্বৰ্ণ জয়ন্তী ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু জুনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অসম দলে অংশগ্ৰহণ কৰি সু নাম অৰ্জন কৰিছে।

যোগ ফেডাৰেচন অফ ইণ্ডিয়াৰ সহযোগত আৰু ঝাৰখণ্ড যোগ এছচিয়েছনে আয়োজন কৰা এই প্ৰতিযোগিতাত অসম দলে এটাকৈ সোণৰ পদক, এটাকৈ ৰূপৰ পদক আৰু দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইয়াৰ লগতে আন ১৪ গৰাকী প্ৰতিযোগীয়ে বিভিন্ন শিতানত স্থান লাভ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ প্ৰায় ২৯ খন ৰাজ্যই ভাগ লোৱা প্ৰতিযোগিতাখনত অসমৰ মুঠ ৩০ জন প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে।

অসমৰ দলটোৰ পদক প্ৰাপ্ত খেলুৱৈ সকলৰ ভিতৰত ট্ৰেডিচনেল যোগাসনত উদিতা ৰাণী বৰাই সোণৰ পদক, ময়ুৰ মণ্ডল ৰূপৰ পদক আৰু আৰিহান চক্ৰৱৰ্ত্তী ব্ৰঞ্জৰ পদক অৰ্জন কৰে।

আনহাতে ফ্ৰী ফ্ল যোগাসনত উদিতা ৰাণী বৰা, লুনা কলিতা, দেবাক্ষী চৌধুৰী, কমলিকা কুমাৰ আৰু কুঞ্জনা শৰ্মাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে!

উল্লেখ্য যে যোৱা ২৭ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনৰ নগাঁও জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ শাৰীৰিক নিৰ্দেশক তথা অসম যোগ সংস্থাৰ সাধাৰণ সম্পাদক প্ৰভাত চন্দ্ৰ বৰাই ৰেফাৰী তথা প্ৰশিক্ষক হিচাপে উপস্থিত থাকে।

অসম দলৰ এই সাফল্যত অসম যোগ সংস্থাৰ অধক্ষ্য ডাঃ কৃষ্ণ কুমাৰ বৰা, উপ সভাপতি মুনিন্দ্ৰ পাটোৱাৰী , নিত্য কুমাৰ শৰ্মা, প্ৰসেন জিৎ গাংগুলী,কোষাধ্যক্ষ মঞ্জুলা লস্কৰ, যুটীয়া সম্পাদক সমীৰ হাজৰিকা, পপি দাস শৰ্মা, বয়ো জ্যেষ্ঠা যোগ শিক্ষয়িত্ৰী বিচিত্ৰা ভুঞাঁ, বিজু শইকীয়াই অভিনন্দন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!