অসমক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ভলীবল খেলিয়েই চাকৰি লাভ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন সুদক্ষ ভলীবল খেলুৱৈ চৈয়দ চেলিমউদ্দিন আহমেদ

Spread the love

নলবাৰী, ২৭ আগষ্ট: চৈয়দ শ্বাহ চেলিমউদ্দিন আহমেদৰ জন্ম হৈছিল ১৯৭৪ চনত কামৰূপ জিলাৰ সুন্দৰীশালত। দেউতাকৰ নাম আছিল আব্দুল হামিদ আৰু মাকৰ নাম আছিল চাইফুল নেচা। তেওঁ পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হৈ একেই বিদ্যালয়ৰ পৰা ১৯৯২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ১৯৯৪ চনত যোৰহাট তিতাবৰত ৰেচম বিভাগত প্ৰশিক্ষণ গ্ৰহণ কৰে। তেওঁ সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই ওডালগুৰিত অনুষ্ঠিত হোৱা ৰুৰেল আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত কমলপুৰৰ পৰা প্ৰতিনিধিত্ব কৰি এগৰাকী প্ৰতিভাৱান ভলীবল খেলুৱৈ হিচাপে ৰাইজৰ মাজত চিনাকী হৈ পৰে। প্ৰথম তেওঁ গুইয়া স্পটিং ক্লাৱৰ হৈ ভলীবল খেলিবলৈ আৰম্ভ কৰে। প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈৰ ইউচুফ আলীৰ তত্বাৱধানত তেওঁ ভলীবলৰ আখৰা আৰম্ভ কৰিছিল। তেওঁৰ লগত একেলগে খেলা খেলুৱৈৰ নাম আছিল-সুভাষ কলিতা, দীপক ডেকা, জাকিৰ হুছেইন, বলেন ডেকা, আমানুল হক, জয়নুৰ আলী, ৰিজুল, ইমৰান আদি। সেই সময়ত তেওঁলোকে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ভলীবল প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। উক্ত দলটোৰ খেলুৱৈ সকল আছিল যথেষ্ট প্ৰতিভাসম্পন্ন। সাংঘাটিক বুজাবুজিৰে খেলি তেওঁলোকে সেই সময়ৰ নামি দামী দলসমূহকো পৰাভুত কৰিব পাৰিছিল। চেলিমউদ্দিন আছিল লিফটাৰ(চেতাৰ)। পতিপক্ষৰ ব্লক ভেদি নিজ দলৰ স্মেচাৰ সকলক বল চেটিং কৰি দিয়াত সিদ্বহস্ত আছিল তেওঁ। আনকি দলৰ প্ৰয়োজনত তেওঁ স্মেচাৰ হিচাপে খেলি অপ্ৰতিৰোদ্ধ স্মেচ কৰি দলক বিজয়ী কৰোৱাত মুখ্য ভূমিকা পালন কৰিছিল। ইয়াৰ সুবাদতে তেওঁ ভলীবলৰ এগৰাকী প্ৰতিভাৱান গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ৰঙিয়া দলৰ হৈ বজালীত অনুষ্ঠিত হোৱা আন্তঃ জিলা চাৱ জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। গোলাঘাট, মাৰ্ঘেৰিতা আৰু বঙ্গাইগাঁওত অনুষ্ঠিত হোৱা আন্তঃ জিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতাত ৰঙিয়া দলক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত তেওঁ বৰপেটা, বঙ্গাইগাঁও, মৰিগাঁও আদি জিলাত অনুষ্ঠিত হোৱা আন্তঃ জিলা চিনিয়ৰ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে তেওঁ কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। ইয়াৰ ভিতৰত তেওঁ হাৰিয়ানা আৰু চণ্ডীগড়ত অনুষ্ঠিত হোৱা স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বীপত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে উক্ত দল দুয়োটাত চেলিমউদ্দিনৰ লগত একেলগে অংশগ্ৰহণ কৰিছিল ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা অভিজিৎ ভট্টাচাৰ্য। তেওঁৰ লগত একেলগে খেলিব পোৱাটোত চেলিমউদ্দিনে গৌৰৱ অৰ্জন কৰে। ১৯৯৩ চনত তামিলনাডুত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৪ চনত বৰ্ধমানত অনুষ্ঠিত হোৱা জুনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ গ্ৰহণ কৰে। ১৯৯৪ চনত তামিলনাডুত অনুষ্ঠিত হোৱা ইউথ নেচনেল ভলীবল প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৭ চনত হিমাচলত অনুষ্ঠিত হোৱা অ’ল ইণ্ডিয়া বিশ্ববিদ্যালয় মিটৰ ভলীবল প্ৰতিযোগিতাত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে। খেলি থকা সময়ত তেওঁ ইউচুফ আলীৰ লগতে ভলীবলৰ এন আই এছ প্ৰশিক্ষক ডঃ অজিত কুমাৰ চাহু, বাপুৰাম বড়ো, দিব্যজ্যোতি ভাগৱতী, প্ৰেমা শৰ্মা আদিৰ পৰা ভলীবলৰ বিজ্ঞান সন্মত প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল। খেলি থকাৰ লগে লগে তেওঁ নিজৰ কৰ্ম সংস্থাপনৰ বাবেও প্ৰচেষ্টা হাতত লৈছিল। যাৰ ফলত তেওঁ তিনিটা চাকৰি পাবলৈ সক্ষম হৈছিল। ১৯৯৪ চনত খেলুৱৈ হিচাপে পলিষ্টাৰত, ১৯৯৬ চনত ৰেচম বিভাগত আৰু ২০০৯ চনত আৱকাৰী বিভাগত চাকৰি লাভ কৰি খেল খেলিও যে জীৱন জীবিকাৰ পথ পাৰি ইয়াক প্ৰমাণ কৰি দেখুৱাইছে। বৰ্তমান তেওঁ গুৱাহাটীত আৱকাৰী বিভাগতে চাকৰি কৰি আছে। গুইয়া স্পটিং ক্লাৱৰ পিছত তেওঁ প্ৰাক্তন ভলীবল খেলুৱৈ মৃগেনৰ তত্বাৱধানত দিশপুৰ ভলীক্লাৱৰ হৈ অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হোৱা আমন্ত্ৰণ মূলক প্ৰাইজমানি দিবা নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। দলটোৰ খেলুৱৈ সকল আছিল—নিৰেণ শৰ্মা, আটোৱাৰ হুছেইন, দীনেশ ঠাকুৰীয়া, বিনয় ঠাকুৰীয়া, গুণজিৎ শৰ্মা, দীপাংঙ্কৰ গোস্বামী, মুকুল কলিতা, সমীৰণ ডেকা আদি। নলবাৰী, বজালী, গুৱাহাটী, ৰঙিয়া আদি জিলাৰ বছা বছা খেলুৱৈৰ দ্বাৰা গঠন কৰা হৈছিল উক্ত ক্লাৱটো। যাৰ ফলত দলটোৱে পতিপক্ষ দলক ধৰাশায়ী কৰি বিজয়মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ত অসমত ভলীবলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মান হোৱাৰ লগতে ভলীবলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে বুলি তেওঁ প্ৰকাশ কৰিছে। বিশেষকৈ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত অসমৰ সৰ্বত্ৰে চলি থকা ব্ৰহ্মপুত্ৰ ভলীবল লীগক বিশ্ব ভলীবল সন্হাই পৃথিৱীৰ ভিতৰতে তৃণমূল পৰ্যায়ৰ সৰ্ববৃহৎ লীগ বুলি স্বীকৃতি প্ৰদান কৰাৰ পিছৰে পৰাই অসমত ভলীবলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে অভাৱনীয় ভাৱে। এনেদৰে আগবাঢ়ি গৈ থাকিলে অসমৰ ভলীবল দলেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন ডাঙি ধৰি সফলতা অৰ্জন কৰিব পাৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!