National KungFu: ৰাষ্ট্ৰীয় কুংফুত গুৱাহাটীৰ প্ৰাঞ্জল দাসলৈ ‘শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা’
ৰাষ্ট্ৰীয় কুংফুত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা গুৱাহাটীৰ প্ৰাঞ্জল দাসক

DD TIMES গুৱাহাটী, ৮ জানুৱাৰীঃ ২৭ আৰু ২৮ ডিচেম্বৰত পশ্চিম বংগfত অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত গুৱাহাটী, বোন্দাৰ নিবাসী প্ৰাঞ্জল দাসে দুটাকৈ সোণৰ পদক লাভ কৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কুংফু খেলুৱৈৰ বঁটা লাভ কৰে।

এই সফলতাত ট্ৰেডিচনেল কুংফু এছ’চিয়েচন অৱ আছামৰ সকলো বিষয়ববীয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথে শুভেচ্ছা জ্ঞাপন কৰিছে।
ডাউন টাউন ইউনিভাৰ্ছিটিৰ শাৰীৰিক শিক্ষা আৰু ক্ৰীড়া বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ প্ৰাঞ্জলে ট্ৰেডিচনেল কুংফু এছ’চিয়েচন অৱ আছামৰ গুৱাহাটীৰ বোন্দা সমৰকলা কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।
