NATIONAL JUNIOR ATHLETIC COMPITITION: ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ ফিৰডোচ আলমৰ ব্ৰঞ্জ জয়
ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমৰ ফিৰডোচ আলমৰ ব্ৰঞ্জ জয়
DD TIMES গুৱাহাটী ১৩ অক্টোবৰঃ ভূৱনেশ্বৰৰ উৰিষ্যাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৪০সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত অসমে আজিৰ দিনটোলৈ ২টা পদক অৰ্জন কৰিছে।

প্ৰিয়ানুজ গগৈৰ ব্ৰঞ্জৰ পদক অৰ্জনৰ পিছতেই আজি অসমৰ ফিৰডোচ আলমে ৰূপৰ পদক অৰ্জন কৰে।
১৮বছৰ অনুৰ্ধ্ব লৰাৰ শাখাৰ ৫০০০মিটাৰ ৰেছ ৱাক ইভেন্টত ৰূপৰ পদক অৰ্জন কৰে ফিৰডোচে।

এথলীটজনে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই ২২:১৬:৩০মিনিট সময়েৰে ৰেচ সামৰি সফলতা অৰ্জন কৰে।
খেলুৱৈগৰাকীৰ সফলতাৰ পিছতেই অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱা, সাধাৰণ সম্পাদক গীতাৰ্থ গোস্বামীৰ লগতে অসম এথলেটিকছ সন্থাৰ পৰিয়ালবৰ্গই অভিনন্দন জ্ঞাপন কৰিছে।

